প্রাকৃতিকভাৱে চাহ খেতি কৰা যোৰহাটৰ পৱিত্ৰ বৰাৰ স্বাৱলম্বিতাৰ নিদৰ্শন, থলুৱা পদ্ধতিৰে তৈয়াৰ কৰা ঢেঁকীত খুন্দা চাহ, গ্রীন টীৰ সমাদৰ

dainik janambhumi January 02, 2026

ডিজিটেল ডেস্ক: প্রাকৃতিকভাৱে চাহখেতি কৰি উজলিবলৈ সক্ষম হৈছে যোৰহাটৰ এগৰাকী শিক্ষিত যুৱক। নিজে প্রাকৃতিকভাৱে চাহখেতি কৰি তাৰ পৰা উৎপাদন হোৱা কেঁচাপাতৰ পৰা থলুৱা পদ্ধতিৰে ঢেঁকীত খুন্দা চাহ আৰু হাতেৰে গ্ৰীন টী তৈয়াৰ কৰি ৰাজ্যখনৰ লগতে দেশৰ ভিন্ন প্রান্তত সমাদৰ লাভ কৰিছে। যোৰহাটৰ হোলোঙাপাৰ মৌজাৰ চেনিজান হাতীচুঙী গাঁৱৰ যুৱক পৱিত্ৰ বৰাই নিজ হাতে থলুৱা পদ্ধতিৰে তৈয়াৰ কৰা ঢেঁকীত খুন্দা চাহ আৰু গ্রীন টীৰ জৰিয়তে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। 

'অসমী' ব্রেণ্ড নাম দি প্রাকৃতিকভাৱে তৈয়াৰ কৰা চাহে ইতিমধ্যে সমাদৰ লাভ কৰিছে বুলি উদ্যোগী যুৱকজনে জানিবলৈ দিয়ে। নিজৰ বাসস্থানৰ সমীপতে থকা পাঁচ বিঘাৰো অধিক চাহখেতি প্রাকৃতিকভাৱে উৎপাদন কৰি আহিছে। কোনোধৰণৰ ৰাসায়নিক সাৰ অথবা কীটনাশক ব্যৱহাৰ নকৰাকৈ পচন সাৰ আৰু প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা সামগ্ৰীৰে চাহখেতি কৰি আহিছে। তেওঁ নিজে উৎপাদন কৰা কেঁচা পাতৰ পৰা গ্ৰীন টী আৰু ঢেঁকীত খুন্দা চাহ তৈয়াৰ কৰিছে। শিক্ষিত যুৱক পৱিত্ৰ বৰাই জনোৱা মতে, কেঁচা পাত ছিঙি আনি ১৪ ঘণ্টা শুকুওৱা হয়। তাৰ পাছত কেঁচাপাতসমূহ লেৰেৰিলে ঢেঁকীত খুন্দা হয়। চালনীৰে চালি এইসমূহ তিনি-চাৰি ঘণ্টা ডলাত পাতলকৈ মেলি থোৱা হয়। এই খুন্দা চাহপাতসমূহৰ ৰং তাম বৰণীয়া হ'লে ভাল সুগন্ধি আহে। তেতিয়া ডায়াৰত শুকুৱালে চাহপাত প্রস্তুত হয়। 

উল্লেখযোগ্য যে ২০১৫ চনত তেওঁলোকে চাহ বাগিচা প্রাকৃতিকভাৱে আৰম্ভ কৰিছিল। ২০১৮ চনৰ পৰা প্রাকৃতিকভাৱে উৎপাদিত কেঁচাপাতৰ পৰা ঢেঁকীত খুন্দা চাহ, গ্রীন টী উৎপাদন কৰি আহিছে। প্রতি কেজি ঢেঁকীত খুন্দা চাহৰ পাইকাৰী মূল্য এহাজাৰ টকা আৰু গ্ৰীন টীৰ মূল্য ২০০০ টকাকৈ বিক্রী হৈছে বুলি জানিবলৈ দিয়ে। ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে দিল্লী আৰু হায়দৰাবাদলৈ উৎপাদিত সামগ্রী পঠাইছে বুলি তেওঁ জনায়। অনলাইন মার্কেটিঙৰ যোগেদি ৰাজ্যৰ বাহিৰলৈ বিক্ৰীৰ বাবে গৈছে বুলি পৱিত্ৰ বৰাই জানিবলৈ দিয়ে। হাতীচুঙী গাঁৱৰ নিৱাসী দুলাল বৰা আৰু মঞ্জু বৰাৰ পুত্ৰ স্বাৱলম্বী যুৱকজনৰ এই ব্যৱসায়ত অন্য দুজন লোকক নিয়োগ কৰি প্ৰয়োজন সাপেক্ষে সংস্থাপন দিছে। অন্যহাতে, ঢেঁকীত খুন্দা কার্যত মাক-পেহীয়েককে ধৰি পৰিয়ালৰ সদস্যসকলে সহযোগিতা আগবঢ়াই আহিছে। 

পৱিত্ৰ বৰাই জনোৱা মতে, অর্গেনিক চাহ উৎপাদনৰ সম্পৰ্কত তেওঁ ডিব্ৰুগড়ৰ ধীৰেন ফুকন, গেলেকীৰ ৰাণা গগৈ, যোৰহাটৰ মহান বৰাৰ পৰা এই সম্পর্কত প্রশিক্ষণ লোৱাৰ উপৰি অসম কৃষি বিশ্ববিদ্যালয় আৰু টোকোলাই চাহ গৱেষণা প্রতিষ্ঠানৰ কেইবাখনো অর্গেনিক চাহৰ সম্পৰ্কীয় প্রশিক্ষণ গ্রহণ কৰি ব্যৱসায়ত মনোনিৱেশ কৰিছে। যুৱ ব্যৱসায়ীজনে বহল পৰিসৰত থলুৱা চাহ উৎপাদনৰ বাবে কঁকালত টঙালি বান্ধিছে বুলি আমাক জানিবলৈ দিয়ে।

Share This