ডিজিটেল ডেস্কঃ গুৱাহাটীত উদণ্ড ডাম্পাৰ চালকক নিয়ন্ত্ৰণ কৰিবলৈ পৰিবহণ বিভাগ তথা মহানগৰ যান-বাহন শাখাৰ আৰক্ষীৰ তৎপৰতা অব্যাহত আছে। আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ পাছতো কমা নাই আইন উলংঘাকাৰী যান-বাহন।
দিনে-নিশাই একাংশ ডাম্পাৰ চালকৰ দৈৰাত্ম্যৰ বাবে সঘনাই পথ দুর্ঘটনাত বহু লোক প্রাণ হেৰুওৱাৰ লগতে একাংশ পংগু হ'বলগীয়া হৈছে। অলপতে লালমাটিত সংঘটিত ঘটনাৰ পাছত মহানগৰ আৰক্ষীয়ে ডাম্পাৰ চালকৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান চলাই আছে।
শনিবাৰে নিশাও মহানগৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত জালুকবাৰী অঞ্চলত আৰক্ষীয়ে অভিযান চলায়। অভিযান কালত নম্বৰ প্লেটবিহীন ডাম্পাৰক জৰিমনা বিহাৰ লগতে আইনী ব্যৱস্থা গ্রহণ কৰিছে।
উল্লেখযোগ্য যে নিশা হ'লেই ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে মহানগৰীৰ বিভিন্ন অঞ্চলত একাংশ নম্বৰ প্লেটবিহীন ডাম্পাৰৰ লগতে ট্রাক আদিৰ দৌৰাত্ম্য চলে। এনে বাহনৰ খুন্দাতে প্রায় পথ দুর্ঘটনা সংঘটিত হৈ থাকে। আৰক্ষীয়ে সময়ে সময়ে আইন উলংঘাকাৰী এনে বাহনৰ বিৰুদ্ধে অভিযান চলাই থাকিলেও বন্ধ হোৱা নাই।
শেহতীয়াকৈ মুখ্যমন্ত্রীয়েও এনে উদণ্ড চালকৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ নির্দেশ দিয়াৰ পাছতে বহাগ বিহুৰ প্ৰাক্ক্ষণত মহানগৰ আৰক্ষীয়ে একে অভিযান চলাই ১৭টা গোচৰ ৰুজু কৰে। ইয়াৰ ভিতৰত অধিকাংশই ছীট বেল্ট নিপিন্ধি গাড়ী চলোৱা, নম্বৰ প্লেট নথকা, মদ্যপান কৰি গাড়ী চলোৱা, লাইচেঞ্চ নথকা, প্রদূষণ প্রমাণ-পত্র নথকা, ড্রাইভিং লাইচেঞ্চ নথকা আৰু অধিক বোজা কঢ়িওৱা অপৰাধ ধৰা পৰে। মহানগৰীৰ সচেতন ৰাইজে আৰক্ষী আৰু পৰিবহণ বিভাগক নিয়মীয়াকৈ এই অভিযান চলাই থাকিবলৈ আহ্বান জনাইছে।