ডিজিটেল ডেস্ক: পুহ মাহৰ হাড়কঁপোৱা শীতৰ মাজতো বিয়লিৰ ভাগত ৰূপহীহাটৰ একাধিক স্থানত প্রকৃতিৰ সৌন্দৰ্য দুগুণ বৃদ্ধি কৰি পৰিভ্ৰমী চৰায়ে দৃষ্টিনন্দন পৰিৱেশ সৃষ্টি কৰিছে। বিগত কেইটামান দিনৰে পৰা লাওখোৱা-নলতলী পথৰ কাষৰ ঔ-অনা পথাৰত আবেলি হ'লে জাকে-জাকে চৰাই-চিৰিকটিৰ আগমন ঘটে। কৃষকে ধান চপোৱাৰ পাছত মুকলি হৈ পৰি থকা নৰানিৰ দলিচাত বিস্তীর্ণলৈকে ৰং-বিৰঙী পক্ষীৰ আগমনে আবেলিৰ দৃশ্যটো মনোমোহা কৰি তোলে। দিনৰ শেষত বেলি লহিওৱাৰ বেলিকা ৰাঙলী আকাশৰ ছাঁত উৰি অহা জাকে জাকে পক্ষীৰ দৃশ্যই প্রকৃতি প্রেমীকেই নহয়, সাধাৰণ পথচাৰীৰো দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।
বিশাল পথাৰখনৰ মাজে-মাজে থকা পুখুৰী, জুৰি আদিত জলকেলি কৰিবলৈ আবেলি চৰাইজাক উৰি অহাৰ পাছতে সৃষ্টি হোৱা আকর্ষণীয় দৃশ্য চাবলৈ দূৰ-দূৰণিৰ পথচাৰীয়ে গাড়ী ৰখাই আনন্দ উপভোগ কৰা পৰিলক্ষিত হৈছে। পূর্বে কেতিয়াও নঘটা এনে পৰিৱেশে স্থানীয় লোকক আকর্ষিত কৰাৰ দৰে পথটোৰে যাতায়াত কৰা যাত্ৰীসকলকো মোহিত কৰি তুলিছে।
উল্লেখযোগ্য যে ১২ কিল'মিটাৰমান দূৰৈত থকা লাওখোৱা-বুঢ়াচাপৰি অভয়াৰণ্যত প্ৰতিবছৰেই শীতৰ আগমনৰ লগে লগে এনে দৃশ্য দেখিবলৈ পোৱা যায়। কিন্তু এইবাৰ লাওখোৱাৰ সমান্তৰালকৈ ঘন বসতিপূর্ণ জনাঞ্চললৈও পৰিভ্ৰমী চৰায়ে ঢাপলি মেলাত প্রকৃতি সচেতন লোকক উদ্বিগ্নও কৰি তুলিছে। কিয়নো নৱেম্বৰ-ডিচেম্বৰৰ পৰা এতিয়ালৈকে লাওখোৱাত চোৰাং চিকাৰী ধৰা পৰা, পৰিভ্ৰমী চৰাই চিকাৰ কৰা লোক ধৰা পৰিছে। যাৰ বাবেই লাওখোৱা অভয়াৰণ্যখনক অসুৰক্ষিত বুলি উমান পায়েই পৰিভ্ৰমী চৰাই জাকে জাকে জন বসতিপূর্ণ এলেকালৈ আহিবলৈ বাধ্য হৈছে বুলি আশংকা প্রকাশ কৰা হৈছে। এইদৰেই হেজাৰ হেজাৰ চৰাই জাকে জাকে যদি অভয়াৰণ্যৰ পৰা ওলাই আহিবলৈ হয় তেন্তে দুয়োখন অভয়াৰণ্যৰ প্ৰতি পৰ্যটকৰ আকৰ্ষণ হ্রাস পোৱাৰ উপৰি বন বিভাগৰ অমনোযোগিতাৰ সুযোগ লৈ বনভূমিত অসাধু চক্ৰৰো টিঘিলঘিলনি বৃদ্ধি পাব। মুকলি ভূমিত পৰিভ্ৰমী চৰাইৰ মনোমোহা দৃশ্য প্রত্যক্ষ কৰি স্থানীয় লোক উৎফুল্লিত হলেও এই চৰাইজাকৰ যাতে কোনো ক্ষয়-ক্ষতি নহয় তাৰ বাবেও সচেষ্ট হৈ পৰা দেখা গৈছে।