ৰাজ্যৰ চিকিৎসা ব্যৱস্থাৰ নাজল-নাথল অৱস্থা, চিকিৎসা মহাবিঃসমূহত ৯০০তকৈ অধিক পদ খালী

dainik janambhumi January 10, 2026

ডিজিটেল ডেস্ক: 'ৰাজ্যত চিকিৎসা সেৱাৰ নামতে কাৰ্যত নাজল-নাথল অৱস্থা। ৰাজ্যখনত বর্তমানে ১৩খন চিকিৎসা মহাবিদ্যালয় কার্যক্ষম হৈ আছে যদিও অধ্যাপক, সহকাৰী অধ্যাপক, চিকিৎসক, পঞ্জীয়কৰ অভাৱত বহিঃৰাজ্যলৈ বা ব্যক্তিগত চিকিৎসালয়লৈ যাবলগীয়া হৈছে জনসাধাৰণ।' এই মন্তব্য আন্তঃৰাষ্ট্ৰীয় কোচ-ৰাজবংশী সংস্থাৰ সভাপতি ভদ্রেশ্বৰ বৰ্মনৰ। বৰ্মনে এক প্রেছ বিবৃতিত কয় যে কার্যক্ষম হৈ থকা চিকিৎসা মহাবিদ্যালয়সমূহত ৯০০তকৈও অধিক পদ খালী হৈ আছে। তদুপৰি অসম আয়ুর্বেদিক চিকিৎসা মহাবিদ্যালয়ত ১৪জন অধ্যাপক আৰু নাৰ্ছিং কলেজত ৩০টা পদ খালী হৈ আছে। যিকেইখন চিকিৎসা মহাবিদ্যালয় কার্যক্ষম হৈ আছে, সেইকেইখন ঠিকে-ঠাকেই চলিছেনে? সভাপতি বৰ্মনে উল্লেখ কৰে যে কার্যক্ষম হৈ থকা ১০খনকৈ চিকিৎসা মহাবিদ্যালয়ৰ আৰম্ভই কৰা নাই বহু গুৰুত্বপূৰ্ণ বিভাগ। অধ্যাপকৰ পৰা পঞ্জীয়কলৈ বিভিন্ন ধৰণৰ শিক্ষক পদৰ ক্ষেত্ৰতেই খালী হৈ আছে বহু পদ। মেডিকেল শিক্ষা বিভাগৰ তথ্যতেই প্রকাশ পাইছে ৰাজ্যৰ ১৩খনকৈ চিকিৎসা মহাবিদ্যালয়ৰ ৯০০ শিক্ষক পদ খালী হৈ থকাৰ কথা। 

বিগত সময়ৰ দৰে বহুকেইগৰাকী জ্যেষ্ঠ অধ্যাপক, সহকাৰী অধ্যাপক, স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰাৰ প্ৰস্তুতিহে চলাইছে। পৰিস্থিতি এনে পর্যায় পাইছে যে ইতিমধ্যে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা শিক্ষকসকলক পুনৰ চাকৰিত যোগদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে। এনে প্রেক্ষাপটত অনাগত ২-৩ বছৰৰ ভিতৰত ৰাজ্যখনত নতুনকৈ আৰু ১০খনকৈ চিকিৎসা মহাবিদ্যালয় নির্মাণ হৈ উঠিব যদিও প্রয়োজনীয় শিক্ষক, অধ্যাপক অবিহনে কিদৰে শিক্ষাবর্ষ আৰম্ভ কৰিব সেয়াও এক ডাঙৰ প্রশ্ন। কেৱল চিকিৎসা মহাবিদ্যালয়ে নহয়, ৰাজ্যত থকা একমাত্র আয়ুর্বেদিক চিকিৎসা মহাবিদ্যালয়, নাৰ্ছিং মহাবিদ্যালয়তো খালী হৈ আছে অধ্যাপক আৰু প্রবক্তাৰ পদ। এনেদৰে হিচাপ কৰিলে স্পষ্ট হয় যে সামগ্রিকভাৱে ৰাজ্যৰ মেডিকেল শিক্ষাত মুঠ ৯০০তকৈ অধিক পদ খালী হৈ আছে। এতিয়া প্রশ্ন উঠিছে যে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত শিক্ষাগ্রহণ কৰি থকা আৰু চিকিৎসা ল'বলৈ অহাসকলে সমুচিত শিক্ষা অথবা চিকিৎসা সেৱা লাভ কৰিছেনে বুলিও বিবৃতিটোত প্রশ্ন উত্থাপন কৰে। যিসময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী শৰ্মাই অসমখনৰ শিক্ষা, চিকিৎসা সেৱা ত্বৰান্বিত আৰু পৰ্যটনৰ কেন্দ্ৰ হিচাপে পৰিগণিত কৰা হ'ব বুলি কৈ আহিছে আৰু ২০৩০ চনৰ ভিতৰত মুঠ ৩০খন চৰকাৰী মহাবিদ্যালয় কার্যক্ষম কৰা হ'ব বুলি দোহাৰিছে। সেই সময়তে শিক্ষকৰ অভাৱত বর্তমান চিকিৎসা মহাবিদ্যালয়ৰ এনে ধোবাং বাং অৱস্থাই সকলোকে উদ্বিগ্ন কৰি তুলিছে। 

নতুন চিকিৎসা মহাবিদ্যালয়কেইখনত এক্স-ৰে আদিৰ দৰে গুৰুত্বপূৰ্ণ সেৱা ব্যাহত হৈ আছে। পর্যাপ্ত টেকনিকেল গ্ৰেডৰ কৰ্মচাৰীৰ পদ খালী হৈ থকাৰ বাবে এনে অৱস্থা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, ডিব্রুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ বাহিৰে বাকী নতুনকৈ স্থাপন হোৱা চিকিৎসা মহাবিদ্যালয়বোৰত বহু গুৰুত্বপূৰ্ণ বিভাগ আৰম্ভই কৰিব পৰা নাই বুলিও মন্তব্য কৰে সভাপতি বৰ্মনে। ইয়াৰ ভিতৰত কার্ডিঅ'লজিৰ দৰে গুৰুত্বপূৰ্ণ বিভাগো আছে। ৰাজ্যৰ ৮খন চিকিৎসা মহাবিদ্যালয় যেনে- বৰপেটা, তেজপুৰ, ডিফু, নগাঁও, ধুবুৰী, নলবাৰী, কোকৰাঝাৰ মেডিকেল কলেজত নাই কার্ডিঅ'লজি বিভাগৰ উপৰি চি টি ডি এছ, এনড্র'ক্রাইন'লজি, ইমার্জেন্সি মেডিচিন, হেমাট'লজি, নিউৰ'লজিৰ দৰে বহু গুৰুত্বপূৰ্ণ বিভাগ। স্বাস্থ্য, শিক্ষা আৰু গৱেষণা বিভাগৰ পৰা লাভ কৰা তথ্য মতে, ৰাজ্যৰ ১৩খন চিকিৎসা মহাবিদ্যালয়ৰ উপৰি গুৱাহাটীৰ প্রাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ কাম সম্পূৰ্ণ হৈছে। তেনেদৰে বিশ্বনাথ, চৰাইদেউ, তামুলপুৰ, ধেমাজি, বঙাইগাঁও, মৰিগাঁও, গোলাঘাট, শিৱসাগৰ আৰু শ্রীভূমিত চিকিৎসা মহাবিদ্যালয়ৰ কাম সম্পূৰ্ণ হোৱাৰ পৰ্যায়ত আছে। 

আনহাতে, ৰাজ্যখনৰ অনাগত দিনত হোজাই, দৰং, হাইলাকান্দি, গোৱালপাৰা জিলাতো চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। মন কৰিবলগীয়া যে ৰাজ্যত গ্রামাঞ্চলত থকা চিকিৎসা প্রতিষ্ঠানসমূহতো প্রায় ১০০০তকৈ অধিক চিকিৎসকৰ পদ খালী হৈ আছে। কিন্তু যোৱা ২৯ জুনত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে একেলগে ৪০০ নতুন চিকিৎসকক নিযুক্তি দিয়ে। এই সংখ্যক চিকিৎসকক ৰাজ্যৰ গ্ৰামাঞ্চলৰ বিভিন্ন চিকিৎসা প্রতিষ্ঠানলৈ সেৱাৰ বাবে পঠিয়াইছে যদিও ৬০০তকৈ অধিক পদ এতিয়াও খালী হৈ আছে। ইফালে ১০৮ মৃত্যুঞ্জয় সেৱাত নিয়োজিত কর্মচাৰীসকলে নিজৰ প্ৰাপ্যৰ বাবে আন্দোলন কৰি থাকিবলগীয়া হৈছে। এনে পৰিপ্ৰেক্ষিতত চিকিৎসা সেৱাৰ নামত ৰাজ্যখনত বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰীৰ লেখীয়া হৈছে বুলি বর্মনে উল্লেখ কৰে ।

Share This