কাইলৈ উৰুকা: বজাৰে বজাৰে উভৈনদী চিৰা-পিঠা-লাৰু-দৈ, ভোগালীৰ ভোগৰ সামগ্ৰীৰে ৰাজ্য উপচাবলৈ চৌদিশে খদমদম

dainik janambhumi January 12, 2026

মাঘ ঐ মাঘ, ডাল ভৰি লাগ, 
মাঘ ঐ মাঘ, লমা লমে লাগ, 
মাঘ ঐ মাঘ, গোহালি-ভঁৰাল ভৰি থাক।

ডিজিটেল ডেস্ক: চাওঁতে চাওঁতে আকৌ অসমীয়াৰ পদূলিমুখ আহি পালেহি হেঁপাহৰ ভোগালী বিহু। ভোগালীৰ উৰুকালৈ মাজত মাত্র এটা দিন। আঘোণৰ সোণালী পথাৰৰ সপোনবোৰ বুকুত বান্ধি লখিমী ভঁৰালত সযতনে থোৱা চহা অসমীয়াই মাঘ বিহুৰ উৰুকাৰ দিনা লগে-ভাগে এসাঁজ খাবলৈ গাঁৱে-চহৰে প্রস্তুতি অব্যাহত ৰাখিছে। 

ৰাজ্যৰ বিভিন্ন প্রান্তৰত দুদিনীয়া, তিনিদিনীয়া কাৰ্যসূচীৰে বিহুৰ আয়োজন কৰা হৈছে। মাঘ বিহু উপলক্ষে পুহমহীয়া ম'হৰ শিং কঁপা জাৰকো নেওচি ৰাইজে পৰম্পৰা ৰক্ষা কৰি উদং পথাৰসমূহত পথাৰত নৰা কাটি ভেলাঘৰ, মেজি সাজি সকলো প্রস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে। ঢেঁকীশালৰ পৰা আখললৈ জীয়াৰী-বোৱাৰীৰ যেন এতিয়া ব্যস্ততাৰ অন্ত নাই। ভোগৰ উৎসৱ উপলক্ষে যুৱতী, মহিলাসকলে লাৰু, পিঠা, নানা জলপান বিধে বিধে প্রস্তুত কৰাত ব্যস্ত হৈ পৰিছে। কুঁৱলীয়ে ঢকা চোতালৰ এচুকত থকা ঢেঁকীৰ গুমগুমনিত কঁপিছে আকাশ-বতাহ। ইফালে উৰুকাৰ পুৱা ৰাজ্যৰ বিভিন্ন ঠাইৰ জলাশয়-পুখুৰীসমূহত যুগ যুগ ধৰি চলি থকা পৰম্পৰা অনুযায়ী পৰম্পৰাগত মাছ ধৰা কাৰ্যসূচীও অনুষ্ঠিত হ'ব। 

ভোগালীৰ উৰুকাৰ ভোজৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ বজাৰসমূহত ব্যাপক ভিৰ পৰিলক্ষিত হয়। বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে জনসাধাৰণৰ বাবে সমস্যাৰ সৃষ্টি কৰিলেও সকলোৱে বিহুটি উলহ-মালহেৰে পালন কৰাৰ প্রস্তুতি চলাইছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰতো ভোগালীৰ ব্যাপক উছাহ অব্যাহত আছে। ব্যস্ততাৰ মাজতো মহানগৰৰ একাশং লোকে ঘৰতে নিজে বিহুৰ পিঠা-পনা আৰু জা-জলপান প্রস্তুত কৰিছে যদিও অধিকাংশই পূৰ্বৰ দৰেই এইবাৰো ভোগালী মেলাসমূহৰ পৰাই বিহুৰ খাদ্য-সামগ্ৰী ক্রয় কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ মহানগৰৰ বজাৰসমূহলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা বিভিন্ন আত্মসহায়ক গোটে বিক্ৰী কৰা সুস্বাদু পিঠা-পনা, চিৰা-হুৰুম-কোমল চাউলকে ধৰি সামগ্ৰীসমূহৰ চাহিদা পূৰ্বতকৈ বৃদ্ধি পোৱা বুলি ব্যৱসায়ীসকলে জানিবলৈ দিছে। মেলাসমূহৰ লগতে দৈনিক বজাৰ, পদপথ আদিতো একাংশ ব্যৱসায়ীয়ে বিহুৰ খাদ্য-সামগ্রী বিক্ৰী কৰি আছে। গ্রাহকেও বজাৰে বজাৰে থলুৱাভাৱে প্ৰস্তুত কৰা জা-জলপান ক্ৰয় কৰিছে। 

উল্লেখযোগ্য যে ভোগালীৰ উৰুকাৰ প্ৰাকক্ষণত ব্যৱসায়ীসকলো ব্যস্ত হৈ পৰিছে। মাছ-মাংস, শাক-পাচলিৰ বজাৰতো উৰুকাক লৈ প্রস্তুতি তুংগত উঠিছে। বিশেষকৈ ভোগালী বিহু বুলি ক'লেই সকলোৰে বজাৰত চকুত লগা ডাঙৰ মাছটো ক্ৰয় কৰাৰ এটা হেঁপাহ থাকে। যাৰ বাবে মাছৰ বজাৰত পচন্দৰ মাছটো ক্ৰয় কৰিবলৈ বহুতো লোকে হেতা-ওপৰা লগায়। সেই অনুসৰি উৰুকাৰ দিনটোত বজাৰত মাছ-মাংসৰ চাহিদাও অধিক বৃদ্ধি পায়। পূৰ্বৰ দৰে এইবাৰো ৰৌ, বাহু, চিতল, বৰালি, আৰি আৰু ইলিচ মাছৰ লগতে অন্যান্য থলুৱা মাছ বজাৰসমূহত উপলব্ধ হ'ব। ইফালে বহিঃৰাজ্যৰ পৰা অনা সুস্বাদু মাছৰ লগতে বিভিন্ন সাগৰীয় মাছো বজাৰত উপলব্ধ হ'ব বুলি ব্যৱসায়ীসকলে জানিবলৈ দিছে। উৰুকাৰ দিনটোত থলুৱা মাছৰ চাহিদা অধিক বৃদ্ধি পায় যদিও পর্যাপ্ত মাছৰ অভাৱ ঘটে। সেয়ে এই চাহিদা পূৰণ কৰিবলৈ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ট্রাক আৰু ৰে'লযোগে বাংলাদেশ, অন্ধ্রপ্রদেশ, পশ্চিম বংগ আদিৰ পৰা অসমলৈ অনা হৈছে হাজাৰ হাজাৰ কুইণ্টল মাছ। উৰুকাৰ বজাৰৰ বাবে ৰৌ, মিৰিকা, ভকুৱা আদি মাছ অন্ধ্রপ্রদেশৰ পৰা গুৱাহাটীৰ বজাৰলৈ আমদানি কৰা হৈছে। অন্ধ্রপ্রদেশৰ পৰা প্রায় ৪৫খন ট্রাকেৰে মাছ আমদানি কৰিছে। উৰুকাৰ বজাৰৰ চাহিদা পূৰাবলৈ বাংলাদেশৰ পৰা ইলিচ আৰু পাভ মাছ আমদানি কৰাৰ লগতে পশ্চিম বংগৰ পৰা ৰে'ল আৰু ট্রাকযোগে আৰি, বৰালি, চিতল আদি মাছ অনা হৈছে। 

উৰুকালৈ মাজত আৰু মাত্র এটা দিন থকাৰ সময়তে মাংসৰ বজাৰৰ ব্যৱসায়ীসকলৰ মাজতো ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে। উৰুকাৰ দিনটোত বজাৰত হাঁহ, কুকুৰা, ছাগলী আৰু গাহৰিৰ লগতে ব্ৰয়লাৰৰ চাহিদা অধিক বৃদ্ধি পায়। তাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱসায়ীসকলে সকলোবোৰ সামগ্ৰী মজুত ৰাখিছে। উৎসৱৰ বতৰত যাতে মহানগৰবাসীয়ে খাদ্য সামগ্ৰীৰ অভাৱ অনুভৱ কৰিব নালাগে, তাৰ প্ৰতি ব্যৱসায়ীসকলে লক্ষ্য ৰাখিছে। কিন্তু উৰুকাৰ প্ৰাকমুহূর্তত মাছ-মাংসৰ দাম ঠায়ে ঠায়ে ব্যৱসায়ীসকলে বৃদ্ধি কৰাৰ খবৰ আহিছে। সেইবাবে প্ৰতিবছৰৰ দৰে এইবাৰো উৰুকাৰ দিনটোত সামগ্ৰীৰ দাম আকাশলংঘী হোৱাৰ আশংকা কৰা হৈছে। কাৰণ সুযোগ পালেই একাংশ অসাধু ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰে। ইফালে, শাক-পাচলিৰ বজাৰতো ব্যবসায়ীসকল ৰৈ থকা নাই। পর্যাপ্ত পৰিমাণৰ শাক-পাচলি ব্যবসায়ীসকলে মজুত ৰাখিছে। 

লক্ষণীয়ভাৱে ভোগালীক লৈ এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰাৰ সময়তে ভোগালীৰ উৰুকাৰ পূৰ্বে কঠোৰ হৈছে ৰাজ্যৰ মীন বিভাগ। মাঘ বিহুৰ উৰুকাত মাছৰ মূল্য নিয়ন্ত্ৰণ কৰি সাধাৰণ জনতাক সকাহ দিয়াৰ লক্ষ্যৰে মীন বিভাগে ইতিমধ্যে উৰুকাত মাছ বিক্রেতাই নিজ ইচ্ছানুসৰি মাছৰ দাম নির্ধাৰণ কৰিব নোৱাৰিব বুলি নির্দেশনা জাৰি কৰিছে। এই সন্দর্ভত ৰাজ্যৰ মীন মন্ত্ৰীৰ নিৰ্দেশ অনুসৰি অসম চৰকাৰৰ মীন বিভাগৰ সচিবে ৰাজ্যৰ প্ৰতিগৰাকী জিলা আয়ুক্তকে মাঘ বিহু উপলক্ষে নিজ নিজ জিলাত মাছৰ মূল্য নিৰ্ধাৰণৰ বাবে যাৱতীয় জৰুৰী ব্যৱস্থা গ্রহণ কৰি শীঘ্ৰেই সেই প্রতিবেদন সচিবক দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে প্রতিখন জিলাতেই বিক্রেতাসকলে নিৰ্ধাৰিত মূল্য অনুসৰি মাছ বিক্ৰী কৰিছে নে নাই, সেয়া পৰীক্ষা কৰিবলৈও প্ৰতিখন জিলাতে নিৰীক্ষকৰ দল গঠন কৰিবলৈ জিলা আয়ুক্তক নির্দেশ দিয়া হৈছে। মুঠৰ ওপৰত ৰাজ্যৰ চৌদিশে এনেদৰেই এতিয়া ভোগালীক আদৰিবলৈ সকলোৱঅন্তহীন প্রস্তুতি চলিছে। উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খাই পিছদিনা পুহ মাহৰ অন্তত হাড় কঁপোৱা জাৰত পুৱাই মেজি জ্বলাই ৰাইজে অগ্নি দেৱতাক সেৱা জনাব। মেজিৰ জুয়ে সকলো অসূয়া-অশান্তি দহি সুখ-সমৃদ্ধি কঢ়িয়াই আনে বুলি প্রতিজন অসমীয়াই বিশ্বাস কৰে।

Share This