যোৰহাটত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ অপূৰ্ব নিদর্শন, ঢেকীয়াখোৱা বৰনামঘৰলৈ ডেৰশ বছৰ পুৰণি বৰপেৰা মুছলমান পৰিয়ালৰ
Dainik Janambhumi
August 20, 2024
ডিজিটেল ডেস্কঃ হাজাৰ বিভেদকামী শক্তিয়ে সাম্প্রতিক সমাজত এক বিভাজন সৃষ্টিৰ অপচেষ্টা কৰিলেও হিন্দু-মুছলমানৰ সাতামপুৰুষীয়া সম্প্ৰীতিৰ এক অপূর্ব নিদর্শন আজি দেখা গ'ল মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰত। যোৰহাটৰ ৰাজৈ নিৱাসী ইছলাম ধৰ্মাৱলম্বী বিখ্যাত খনিকৰ পৰিয়ালে আজি বিয়লি ১৫০ বছৰৰ অধিক পুৰণি এটা বৰপেৰা ঢেকীয়াখোৱা বৰনামঘৰলৈ সংৰক্ষণৰ সম্পদ হিচাপে আগবঢ়োৱা বিষয়টোৱে সমাজলৈ এক বিশেষ বার্তা কঢ়িয়াই আনিছে। ৰাজৈৰ প্রয়াত ডাঃ আলহাজ আব্দুল ৰহমান খনিকৰৰ নাতি প্রয়াত ৰফিকুৰ ৰহমান খনিকৰৰ সোঁৱৰণত আপুৰুগীয়া বৰপেৰাটো 'বৰনামঘৰ পৰিচালনা সমিতিৰ হাতত আজি পৰিয়ালে অর্পণ কৰে।
উল্লেখযোগ্য যে আহোম ৰাজত্বকালত স্থাপত্য-ভাস্কর্য শিল্পৰ লগত জড়িত ঐতিহাসিক খনিকৰ পৰিয়ালত ব্ৰিটিছৰ দিনতে আটকধুনীয়া কাৰুকাৰ্য আৰু হেঙুল-হাইতাল খচিত এই বৰপেৰাটো সাজি উলিওৱা হৈছিল। বহুকেইটা প্রজন্মৰ অন্তত বৰ্তমানৰ বংশ পৰিয়ালৰ সিদ্ধান্তমর্মে আজি পৱিত্ৰ ভাদ মাহৰ হৰিনামৰ ধ্বনিৰ মাজতে বৰনামঘৰ চৌহদত এই সম্পদটো হস্তান্তৰ কৰা হয়। পৰিয়ালটোৱে বৰনামঘৰত সেৱা লৈ নিজৰ লগতে সমাজৰ হকে ভকতৰপৰা আশীৰ্বাদ গ্রহণ কৰে। এই সন্দৰ্ভত বৰনামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্রবীণ কলিতাই কয় যে জাতি, ধর্ম, বর্ণ ভাষা নির্বিশেষে পূৰ্বৰপৰাই থকা সাতামপুৰুষীয়া পৰম্পৰা বৰ্তাই ৰখা ঢেকীয়াখোৱা বৰনামঘৰে আজি এই আপুৰুগীয়া সম্পদটো পাই আনন্দ অনুভৱ কৰাৰ লগতে সংৰক্ষণৰ ব্যৱস্থা কৰিব, যিয়েই বৃহত্তৰ অসমীয়া জাতিৰ মাজত হিন্দু-মুছলমানৰ ঐক্য-সম্প্রীতি অক্ষুণ্ণ ৰখাত অৰিহণা যোগাব।
আনহাতে, দাতা পৰিয়ালৰ হৈ ইছমাইল আলীয়ে কয় যে ব্ৰিটিছৰ দিনৰপৰা থকা এই বৰপেৰাটো পৰিয়ালৰ কেইবাটাও প্রজন্মই প্রত্যক্ষ কৰিলে। যিহেতু সময়ৰ ধামখুমীয়াত এই বিৰল সম্পদটো নষ্ট হৈ যাব পাৰে, যাৰ বাবে তেওঁলোকে ইয়াক ঢেকীয়াখোৱা বৰনামঘৰলৈ প্ৰদান কৰাৰ সিদ্ধান্ত ল'লে। প্ৰতি বছৰে বৰনামঘৰলৈ অহা লক্ষাধিক ভকত-বৈষ্ণৱৰ লগতে নৱপ্ৰজন্মই এনে সম্পদৰ লগত পৰিচয় হোৱাৰ সুযোগ পাব। পৰিয়ালৰ হৈ আন এগৰাকী সদস্যা যোৰহাটৰ এগৰাকী পৰিচিত সমাজসেৱিকা চায়েৰা ৰহমানে আজোককাকৰ দিনৰ এই বৰপেৰাটো বৰনামঘৰক দিবলৈ পাই যথেষ্ট সুখ অনুভৱ কৰা বুলি মন্তব্য কৰে। আজি উক্ত অনুষ্ঠানত দাতা পৰিয়ালৰ হৈ আদিৰা আলিয়া ৰহমান, চাজিদুৰ ৰহমান আৰু পামিনা ৰহমানেও অংশগ্ৰহণ কৰে।
Share This