ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পুনৰ আৰম্ভ হৈছে স্প্রে গেঙৰ সন্ত্রাস। শুকুৰবাৰে নিশা জাপৰিগোগৰ গৃহ নং ২৭ত দুর্বৃত্তৰ দলে গৃহস্থক শুই থকা অৱস্থাতে স্প্রে মাৰি অচেতন কৰি সোণৰ অলংকাৰসহ নগদ ধন, বহু সামগ্রী লুটি নিয়ে। ঘটনা সন্দর্ভত জানিব পৰা মতে, ঘৰটোত এগৰাকী বৃদ্ধাৰ লগতে তেওঁৰ কেয়াৰ টেকাৰগৰাকী আছিল। আজি ঘটনা সন্দৰ্ভত অৱগত হৈ পুৱা পৰিয়ালৰ অন্য লোকসকল আহি উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে।
দুর্বৃত্তৰ দলে ঘৰৰ পিছফালৰ গ্ৰীলৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰাৰ সন্দেহ কৰা হৈছে যদিও সমগ্র ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। আৰক্ষীৰ সঠিক তদন্তৰ পাছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব। উল্লেখযোগ্য যে অপৰাধীৰ ৰম্যভূমি হৈ পৰা মহানগৰত এতিয়া কোন, কেতিয়া অপৰাধীৰ টার্গেট হৈ পৰে সেই ক্ষেত্রত কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে।
মহানগৰৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ দি অপৰাধীয়ে ইটোৰ পাছত সিটোকৈ কৰি গৈছে অপৰাধমূলক কার্যকলাপ। আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা মহানগৰত এনেদৰে উদ্বেগজনকভাৱে অপৰাধজনিত ঘটনা বৃদ্ধি পাবলৈ ধৰাত স্বাভাৱিকতে মহানগৰবাসী নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে। য'তে-ত'তে যেতিয়াই-তেতিয়াই অপৰাধ সংঘটিত কৰি নিৰ্বিঘ্নে আঁতৰি গৈছে অপৰাধী। অৱশ্যে মহানগৰ আৰক্ষীয়েও অভিযান চলাই বৃহৎ সংখ্যক অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও সম্পূৰ্ণৰূপে অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই।