ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত গ্ৰেপ্তাৰ চোৰসহ চুৰি সামগ্ৰী

Rashmi October 06, 2025

ডিজিটেল ডেস্কঃ  ডুমডুমাত কিছুদিনৰ পৰা চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ নগৰখনত থকা বিদ্যালয় সমুহক চোৰে টাৰ্গেট কৰি লোৱা দেখা গৈছে। কম সময়ৰ ভিতৰত নগৰখনত কেইবাটাও চুৰি কাণ্ড সংঘটিত হোৱাত ডুমডুমা থানাৰ নিন্দ্ৰা হৰণ হৈছিল।

যাৰ ফলস্বৰুপে ডুমডুমা আৰক্ষীয়ে এক অভিযান চলাই নগৰখনত চুৰি কাণ্ড সংঘটিত কৰি থকা ডুমডুমা শংকৰদেৱ কলনিৰ আব্দুল চালেমক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। ইয়াৰ লগতে চুৰি সামগ্ৰী ক্ৰয় কৰা অপৰাধত ডুমডুমা উচ্চামাটিৰ বিভাশ আচাৰ্যীক আটক কৰি দুয়োজনক জেল হাজোতলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ডুমডুমা থানাৰ গাতে লাগি থকা প্ৰাথমিক বিদ্যালয়ত নিশা চুৰিৰ ঘটনা সংঘটিত হোৱাৰ পিছত, পুণৰ ডুমডুমা থানাৰ পৰা আঢ়ৈশ তিনিশ মিটাৰ দুৰত্বত অৱস্থিত হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰি কেইবাটাও মুল্যৱান সামগ্ৰী চুৰি কৰি লৈ গৈছিল। চুৰি হোৱা সামগ্ৰী সমূহ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।



উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This