বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ, বেটাৰী, পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ

Rashmi August 25, 2025

ডিজিটেল ডেস্ক :কোনো ধৰ্মীয় স্থানত নহয়, এইবাৰ চোৰ সোমাল বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত৷ চৌদিশে পোহৰ বিলোৱা জামুগুৰিহাটৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত সংঘটিত হৈছে এই ঘটনা৷

নিশা জামুগুৰিহাট বিদ্যুৎ উপ সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত সংঘটিত এই চুৰিকাণ্ডত চোৰে চাৰিটাকৈ কোঠাৰ তলা ভাঙি চুৰি কৰি নিলে ইনভাৰ্টাৰসহ বেটাৰী, মজুত কৰি ৰখা কেইবাটাও পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ।

পুৱাৰ ভাগতহে বিদ্যুৎ উপ-সংমণ্ডল বিষয়াই চুৰি হোৱা বিষয়টি জানিব পাৰি কাৰ্যালয়ত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষীক অৱগত কৰে৷ 
কাৰ্যালয়টিৰ বিষয়ববীয়া-কৰ্মচাৰীসকলে সাংবাদিকৰ পৰা নিশা সংঘটিত চুৰিকাণ্ড লুকুৱাৰ চেষ্টা কৰিছিল কিন্তু নিশাৰ ভাগত বিদ্যুৎ বিভাগৰ কাৰ্যালয়টিৰ কাষতেই কৰ্তব্যৰত কৰ্মচাৰী থকাৰ পাছতো কিদৰে চোৰে সামগ্ৰীসমূহ চুৰি কৰি নিবলৈ সক্ষম হ’ল সেই লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ ইতিমধ্যে ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ চুৰিকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে৷


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This