ইন্দ্ৰাণীৰ আত্মহত্যাৰ সৈতে সাঙোৰ খাইছে অন্য বিজেপি নেতাৰ নাম

Jyoti Borah August 14, 2023

ডিজিটেল ডেস্কঃ বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাক লৈ বিজেপিৰ অভ্যন্তৰত অব্যাহত আছে উত্তেজনা৷ নেত্ৰীগৰাকীৰ মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি পোহৰলৈ আহিছে বিজেপি-আৰ এছ এছ নেতাৰ নাম৷ পোহৰলৈ আহিছে নিলম্বিত বিজেপি নেতাৰ নামো৷ দলটোৰ কিষাণ মৰ্চাৰ সম্পাদিকাগৰাকীৰ মৃত্যুৰ ঘটনাৰ সৈতে বিজেপিৰে কাৰ্যনিৰ্বাহক সদস্য অনুৰাগ চলিহাৰ নাম প্ৰথম অৱস্থাত পোহৰলৈ আহিছিল যদিও শেহতীয়াকৈ ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰিছে আন কেইবাজনো নেতাৰ নাম৷ অনুৰাগ চলিহাৰ সৈতে থকা ইন্দ্ৰাণী তহবিলদাৰৰ অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল হোৱা ঘটনাক কেন্দ্ৰ কৰি বিজেপিৰ নিলম্বিত নেতা দিবন ডেকাৰ বিৰুদ্ধে উঠিছে প্ৰত্যক্ষ অভিযোগ৷ এই অভিযোগ উত্থাপন কৰিছে অনুৰাগ চলিহাৰ ম’বাইল ফ’ন জব্দ কৰা অভিমন্যু দাসে৷ অভিমন্যু দাসৰ মতে দিবন ডেকাই সামাজিক মাধ্যমৰ জৰিয়তে ইন্দ্ৰাণী তহবিলদাৰ আৰু অনুৰাগ চলিহাৰ অন্তৰংগ মুহূৰ্তৰ ফটো ভাইৰেল কৰিছিল৷ উল্লেখ কৰা উচিত হ’ব যে এইজন দিবন ডেকাই এছ আই নিযুক্তি কেলেংকাৰিত অভিযুক্ত হৈ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত জে’ললৈ গৈছিল আৰু মাত্ৰ কেইমাহমান পূৰ্বে মুক্তি লাভ কৰিছিল৷ এতিয়া পুনৰ চাকৰি দিয়াৰ নামত দালালি কৰি ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ সৈতে দিবন ডেকা জড়িত হৈ পৰাৰ অভিযোগ উঠিছে৷ অভিমন্যু দাসে অভিযোগ কৰা আৰু পোহৰলৈ অহা এটা অডিঅ’ বাৰ্তা অনুসৰি ইন্দ্ৰাণী তহবিলদাৰ আৰু অনুৰাগ চলিহাৰ অন্তৰংগ মুহূৰ্তৰ ফটো সামাজিক মাধ্যমৰ জৰিয়তে ভাইৰেল কৰি ক্ষমাও খুজিছিল দিবন ডেকাই৷ ফ’নৰ জৰিয়তে ইন্দ্ৰাণী তদবিলদাৰৰ সৈতে বাৰ্তালাপ কৰি ভুলৰ বাবে ক্ষমা খুজিছিল দিবন ডেকাই৷ ইয়াৰ পাছত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়লৈ আহি ক্ষমা খোজাৰ কথা আছিল বুলি অভিমন্যু দাসে সদৰী কৰিছে৷ অডিঅ’ বাৰ্তাটোত ইন্দ্ৰাণী তহবিলদাৰক উদ্দেশ্যি দিবন ডেকাই কৈছিল– ‘ইন্দ্ৰাণী, মই অজানিতে বহুত ভুল কৰিলোঁ৷ মোক মাফ কৰিবা৷’ এতিয়া প্ৰশ্ন হ’ল– ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ সৈতে দিবন ডেকা, অভিমন্যু দাস আদিৰ নাম কিয় পোহৰলৈ আহিল? তথ্য অনুসৰি বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য অনুৰাগ চলিহাই চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰিছিল৷ স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত ২৪ লাখ টকা সংগ্ৰহ কৰিছিল৷ একোজন প্ৰাৰ্থীৰ নামত ৫০ হাজাৰ টকাকৈ সংগ্ৰহ কৰিছিল৷ এই ধন সংগ্ৰহৰ সময়ত ইন্দ্ৰাণী তহবিলদাৰ সাক্ষী আছিল বুলি দাবী কৰে অভিমন্যু দাসে কয় যে দিবন ডেকা বা আন কোনো কোনো লোকৰ পৰা এই ধন সংগ্ৰহ কৰিছিল৷ কিন্তু সময়ত চাকৰিও দিব নোৱাৰিলে আৰু ধনো ওভতাই দিব নোৱাৰিলে৷ যাৰ বাবে ধন বিচাৰি দিবন ডেকাৰ নিৰ্দেশত অভিমন্যু দাসে কূলদীপ দাস, ৰেখান্ত, দিবন ডেকাক লগত লৈ অনুৰাগ চলিহাক সাক্ষাৎ কৰাৰ কথা প্ৰকশ কৰে৷ অভিমন্যু দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি তেওঁ বিজেপি দলৰ সৈতে জড়িত নহয়, কিন্তু দিবন ডেকাৰ সৈতে জড়িত৷ সেয়ে তেওঁ অনুৰাগ চলিহাৰ পৰা কিছু ধন আৰু ম’বাইল জব্দ কৰাৰ কথা উল্লেখ কৰে যদিও অনুৰাগৰ ম’বাইলত থকা গোপন তথ্য দিবন ডেকাইহে ৰাজহুৱা কৰা বুলি দাবী কৰে৷ এতিয়া ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ পাছত জীৱনলৈ শংকা নামি অহা বুলি অভিমন্যু দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷ অভিমন্যু দাসৰ এই চাঞ্চল্যকৰ মন্তব্যৰ পাছত চানমাৰি থানাৰ আৰক্ষীয়ে তদন্ত কি ধৰণে আগবঢ়াই নিয়ে সেয়া লক্ষণীয় হ’ব৷ কিয়নো ঘটনাৰ বৰ্ণনা দিবলৈ যাওঁতে অভিমন্যু দাসে বিজেপি আৰু আৰ এছ এছৰ সৈতে জড়িত কেইবাজনো লোকৰ নাম লৈছে৷ নাম লৈছে আন মহিলা-যুৱতীৰো৷ সেয়ে ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰ তদন্ত সঠিক দিশত আগবাঢ়িলে বহু মুখা পিন্ধা ভদ্ৰলোকো তদন্তৰ আওতালৈ আহিব লাগিব৷ ইফালে ইন্দ্ৰাণী তহবিলদাৰৰ স্বামী ৰিতেশ তহবিলদাৰে আজি চানমাৰি থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে৷ অৱশ্যে এই সন্দৰ্ভত তেওঁ সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য কৰা নাই৷ ইফালে অনুৰাগ চলিহাক ৪৮ ঘণ্টাৰ ভিতৰত উপস্থিত হ’বলৈ আৰক্ষীয়ে সময় নিৰ্ধাৰণ কৰি দিছিল যদিও এতিয়াও তেওঁ পলাতক অৱস্থাতেই আছে৷

Share This