ডিজিটেল ডেস্ক: 'মোৰ কাৰণে প্ৰকৃতি আৰু গাঁৱৰ মানুহখিনি হৈছে গুৰু।' -আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বোলছবি নির্মাতা ৰীমা দাসে কালি যোৰহাট প্ৰেছ ক্লাবত এইদৰে কয়।
'ভিলেজ ৰকষ্টাৰ্ছ'ৰ দৰে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন তথা ভাৰতৰ পৰা অস্কাৰৰ বাবে ছিলেকশ্যন লাভ কৰা বোলছবি নিৰ্মাণ কৰা ৰীমা দাসে কালি যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত এই মাহৰ অতিথিৰ অন্তৰংগ অনুষ্ঠানত জীৱনৰ বহু কথা সদৰী কৰে।
যোৰহাটৰ কলা অনুৰাগী আৰু সাংবাদিকসকলৰ উপস্থিতিত অনুষ্ঠিত অন্তৰংগ আলাপ অনুষ্ঠানত চলচ্চিত্ৰ পৰিচালকগৰাকীয়ে কয় যে সৰুৰে পৰা অভিনয়ৰ প্ৰতি আকর্ষিত আছিলোঁ। মা-দেউতাই শিক্ষকতা কৰাৰ ইচ্ছা প্রকাশ কৰিছিল। মোৰ অভিনয়ৰ প্ৰতি ধাউতি থকাৰ বাবে অযুত সপোন বুকুত বান্ধি মুম্বাইলৈ গৈছিলোঁ। মুম্বাইত থকাৰ সময়ছোৱা বহু কষ্টৰে অতিবাহিত কৰিলোঁ। তাত নিজকে হেৰুৱাই থাকিও নিজক উদ্ধাৰ কৰিলোঁ। তেওঁ বানেগৰকা ছয়গাঁৱৰ পৰা মুম্বাইলৈ গৈ পোৱা তিতা-মিঠা, পোৱা-নোপোৱা অভিজ্ঞতাৰ সম্পৰ্কে আলোকপাত কৰে।
অন্তৰংগ আলাপ অনুষ্ঠানটোত তেওঁ কয় যে মুম্বাইত থাকোঁতেই চিনেমা এখন নিৰ্মাণ কৰাৰ কথা চিন্তা কৰিলোঁ। প্রথমতে সেই কথা জ্যেষ্ঠ অভিনেতা বিষ্ণু খাৰঘৰীয়া ছাৰক ক'লোঁ। সৰু থীম এটা লৈ চিনেমাখন বনাইছিলোঁ। প্রথম চিনেমাখনক লৈ মই সুখী নাছিলোঁ। সেই সময়তে অনুষ্ঠিত ব'হাগী অনুষ্ঠানত কেইগৰাকীমান সৰু ল'ৰাই থাৰ্মকলৰ গীটাৰ লৈ বজাই আছে। তেওঁলোকৰ গীটাৰ এখন নথকাৰ পাছতো জীৱনক বিচাৰি পাইছে। তেতিয়া ময়ো তেওঁলোকক দেখি সাহস পালোঁ। তেওঁলোকক দেখিয়ে মোৰ ভিলেজ ৰকষ্টাৰ্ছৰ যাত্ৰা আৰম্ভ হয়। সৰু সৰু ল'ৰা-ছোৱালী আৰু ঈশ্বৰৰ কৃপাত ভিলেজ ৰকষ্টাৰ্ছে খ্যাতি লাভ কৰিলে। এই যাত্ৰা বিশ্বাসৰ যাত্ৰা আছিল বুলি উল্লেখ কৰি ৰীমা দাসে কয় যে মোৰ জীৱনত কিবা এটা কাম কৰাৰ প্ৰৱল হেঁপাহ আছিল। ৰাইজৰ আশীৰ্বাদ আৰু মৰমৰ বাবে এখনৰ পাছত সিখন চিনেমা নির্মাণ কৰি আহিছোঁ। অসমৰ ভূমিক কৰ্মভূমি হিচাপে লৈছোঁ। মই চেলিব্রিটি হিচাপে কোনো দিন নাভাবোঁ।
অন্তৰংগ আলাপ অনুষ্ঠানটোত বহুকেইগৰাকী কলা অনুৰাগীৰ প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে চিনেমা নিৰ্মাণৰ যোগেদি মানুহৰ অন্তৰত দকৈ সোমাই যাওঁ। চিনেমাৰ যোগেদি এখন ঘৰত মাক-দেউতাকৰ প্ৰতি ল'ৰা-ছোৱালীৰ দায়িত্ব, আমাৰ সমাজ ব্যৱস্থা কোনফালে ধাৱমান হৈছে, সেই বিষয়সমূহ দেখুওৱা হৈছে। আমি অন্তমুখী নে বহুমুখী হৈছোঁ, সেইসমূহো চিনেমাৰে বলিষ্ঠভাৱে উপস্থাপন কৰা হয়। চিনেমা এখনৰ পৰিচালনাৰ পৰা সকলোখিনি কাম নিজে কেনেদৰে কৰিব বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰীমা দাসে কয় যে মুম্বাইত থকাৰ সময়ত নিজৰ মূল্যবোধ কি আইনাত চালে নিজে ভাগি গৈছিলোঁ। সেই সময়ত চিনেমা এখন নিৰ্মাণ কৰিবলৈ মোৰ কাৰিকৰী জ্ঞান নাছিল। সেয়েহে সেই সময়ত মই বহু চিনেমা চাইছিলোঁ। একপ্ৰকাৰৰ চিনেমাৰ প্ৰেমত পৰিছিলোঁ। কলাত্মকভাৱে চলচ্চিত্র এখন পুংখানুপুংখভাৱে অধ্যয়ন কৰিছিলোঁ। সেই সময়ত মই এটা কেমেৰা কিনিছিলোঁ। সেই কেমেৰাই মই নিজে চিনেমাৰ কাম আৰম্ভ কৰিছিলোঁ। ভিলেজ ৰকষ্টাৰ্ছ কম টকাত নির্মাণ হৈছিল। তেতিয়া ১০ লাখ টকাত এখন চিনেমা নির্মাণ হৈছিল। এতিয়া প'ষ্ট প্রডাকশ্যনত চিনেমা ৫০ লাখ টকাৰ পৰা এক কোটি টকা ব্যয় হ'ব। ইন্ডিপেন্ডেন্ট ছবি সম্পর্কে তেওঁ কয় যে আমাক এণ্টাৰটেইণ্টমেণ্টৰ বাবে গান, চলচ্চিত্র আদি সকলো লাগে। কিন্তু সমাজ এখনৰ সম্পৰ্কতো ডকুমেন্টেশ্যন হ'ব লাগে। মানুহ হিচাপে আমাৰ সকলোৰে নিজাকৈ সমাজৰ, প্ৰকৃতিৰ প্ৰতি যত্ন ল'ব লাগে। প্রকৃতিত হেৰাই যোৱা কাৰকসমূহ আমি ধৰি ৰাখিব লাগিব। চিনেমা নির্মাণক ব্যৱসায় হিচাপে লোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে মই নদী, গছ-গছনি আদি সকলো ভাল পাওঁ। মই চিনেমাৰ যোগেদি সেইবোৰৰ কথা ৰাইজক ক'ব বিচাৰোঁ।
সমালোচনা ধ্বংসমুখী হ'ব নালাগে বুলি অন্তৰংগ আলাপ অনুষ্ঠানটোত উল্লেখ কৰি তেওঁ কয় যে ভাল কাম কৰাসকলক আমি ছাপ'ৰ্ট কৰিব লাগে। ফ্লায়িং ৰিভাৰ্ছ ফিল্মছৰ সহযোগত অনুষ্ঠিত অন্তৰংগ আলাপ অনুষ্ঠানৰ আৰম্ভণিতে ৰীমা দাসক গামোচাৰে আদৰণি জনায় যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি তথা দৈনিক জনমভূমিৰ ষ্টাফ ৰিপ'ৰ্টাৰ অনন্ত নাৰায়ণ বৰঠাকুৰে।
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ছবি নির্মাতাগৰাকীক ফুলৰ টোৰাৰে সম্ভাষণ জনায় জ্যেষ্ঠ সাংবাদিক স্মিতা ভট্টাচার্যই। প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বিৰাজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত ফ্লায়িং ৰিভাৰ্ছ ফিল্মছৰ পংকজ দত্তই চমু ভাষণ আগবঢ়ায়। সাংবাদিকৰে হোৱা বার্তালাপত ৰীমা দাসে কয় যে ৬ মাৰ্চৰ পৰা অসমৰ ছবিগৃহত মুক্তি লাভ কৰা ভিলেজ ৰকষ্টাৰ্ছ-২ ছবিখন চালে প্রকৃতি, মা-দেউতা, অসমৰ কৃষি সংস্কৃতিৰ দায়িত্ব আদিৰ মহত্ত্ব বুজি পাব। ইফালে আগন্তুক দিনত পৰিকল্পনাৰ সম্পৰ্কে তেওঁ কয় যে বার্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত মোৰ নতুন ছবি 'Not a Hero' খন দেখুওৱা হৈছে। ইয়াৰ বাহিৰেও অন্য চিনেমা আছে। অসমবাসীৰ মৰম-চেনেহ পালে ঈশ্বৰৰ কৃপাত চিনেমা নিৰ্মাণ কৰিম।