ডিজিটেল ডেস্ক : দেওবাৰে গোলাঘাট জিলাৰ নুমলীগড় তেলগৰমত আয়োজিত প্ৰধানমন্ত্ৰীৰ সভাত অংশগ্ৰহণ কৰিবলৈ বিভিন্ন জিলাৰ পৰা অহা সহস্রাধিক ৰাইজ এক অবর্ণনীয় পৰিস্থিতিৰ সন্মুখীন হয়। মূলতঃ গোলাঘাট জিলা প্রশাসন আৰু আৰক্ষী প্ৰশাসনত সু-পৰিকল্পিত ব্যৱস্থাৰ অভাৱত ৰাইজে এনে আহুকলীয়া পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। বিশেষকৈ সভালৈ অহা জনতাক কঢ়িয়াই অনা বাছ, গাড়ীসমূহৰ বাবে উপযুক্ত পাৰ্কিঙৰ ব্যৱস্থা নকৰাত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথতে জধে-মধে গাড়ীসমূহ পার্কিং কৰাত ৰাষ্ট্ৰীয় ঘাইপথছোৱাত ব্যাপক যান-জঁটৰ সৃষ্টি হয়। এনে যান-জঁটৰ বাবে আনকি সভালৈ অহা বহু লোক সভাত যথা সময়ত উপস্থিত হ'ব নোৱাৰি ঘৰলৈ উভতি যোৱা বুলিও জানিব পৰা গৈছে।
উল্লেখযোগ্য যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নুমলীগড় শোধনাগাৰত পৃথিৱীৰ ভিতৰত প্ৰথম বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প মুকলি কৰিবলৈ নুমলীগড়লৈ আহিছিল।
জনপ্ৰিয় প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণ শুনিবৰ বাবে আৰু সন্মুখৰ পৰা চাবৰ বাবে গোলাঘাট জিলাৰ পাঁচখন সম-জিলা আৰু নগাঁও জিলা আদিৰ পৰা হাজাৰ হাজাৰ লোকে সভাস্থলীত উপস্থিত হৈছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উক্ত প্রকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পাছতে নাতি দূৰৈত আয়োজিত সভাত অংশগ্রহণ কৰে। দোপালপিটা বৰষুণৰ মাজতে সভাস্থলীত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হোৱাত মোদী মোদী শ্ল'গানেৰে মুখৰিত কৰি তোলে মোদীৰ সমর্থকসকলে। সভা শেষ হোৱাৰ সময়তো বৰষুণে লগ নেৰাত লাগে অথন্তৰ। ইফালে হাজাৰ হাজাৰ জনতাৰ উপস্থিত থকা বৃহত্তৰ তেলগৰম অঞ্চলত প্রায় সকলোবোৰ ম'বাইলৰ নেটৱৰ্কৰ বিজুতি ঘটাত সভালৈ অনা বাছ, গাড়ীসমূহ বিচাৰি হাবাথুৰি খাব লগা হয় ৰাইজ। সভাস্থলীত মানুহ নমাই এফালে দৈগ্রোং, ৰঙাজান পর্যন্ত আৰু আনফালে কানাইঘাট পর্যন্ত বাছ, গাড়ীসমূহ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱাত ৰাইজে তেওঁলোকৰ নিৰ্দিষ্ট গাড়ীসমূহ বিচাৰি তিতি বুৰি প্ৰায় ৭ ৰ পৰা ১০ কিল'মিটাৰ খোজ কাঢ়িব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। পথৰ দুয়োকাষে গাড়ীসমূহ ৰখাই দিয়াত ব্যাপক যান-জঁটৰ সৃষ্টি হয়। ইফালে পথৰ দুয়োকাষে নিয়োজিত আৰক্ষীৰ লোকসকলে গাড়ীসমূহ ৰখোৱাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা কৰে যদিও একাংশ বাহনে আৰক্ষীৰ নিৰ্দেশনা অমান্য কৰাৰ বাবেও যান-জঁটৰ সৃষ্টি হয়। ফলত দুর্ভোগ ভুগিব লগীয়া হয়। যান-জঁটৰ বাবে লৱণঘাট আৰু দৈগ্রোঙৰ পৰা বহু গাড়ীৰ লোক সভাস্থলীলৈ নহাকৈ ঘূৰি যাব লগীয়া হয়।
পুৱাই ঘৰৰ পৰা ওলাই যোৱা লোকসকলে এটোপাল পানীৰ বাবেও হাহাকাৰ কৰিবলগীয়া হয়। সভালৈ পানীৰ বটল অনাৰ ক্ষেত্ৰত বাধা দিয়া হৈছিল। যি উৎসাহেৰে সভালৈ গৈছিল তাৰ পৰিৱৰ্তে ভোকে-লঘোণে সভাস্থলীৰ পৰা ঘৰমুৱা হ'ব লগীয়া হয়। মন কৰিবলগীয়া যে সভাস্থলীৰ পৰা গোলাঘাটলৈ প্রায় ২৫ কিঃমিঃ বাট ঘূৰি আহিবলৈ প্রায় ৪ ঘণ্টা সময়ৰ প্ৰয়োজন হোৱাৰ বিপৰীতে নুমলীগড় তিনিআলি পাবলৈ প্রায় ১০ কিঃমিঃ বাট অতিক্ৰম কৰিবলৈ প্রায় ২ ঘণ্টা সময়ৰ প্ৰয়োজন হয়।