ডিজিটেল ডেস্ক : বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঐতিহাসিক শ্ৰীশ্ৰী নাৰায়ণদাস আতা ঠাকুৰৰ স্থাপিত কনৰা সত্ৰৰ ভূমিত চলি থকা অবৈধ খনন আৰু ভূমি বিক্রীক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে ইতিপূর্বে কনৰা সত্ৰখন ব্রহ্মহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰাত স্থানান্তৰিত কৰা হৈছিল। মাত্ৰ কেইমিনিটৰ নিলগতেই ব্ৰহ্মপুত্ৰৰ বুকুত এটা স্বার্থলোভী চক্ৰই ট্ৰেক্টৰ, এক্সেভেটৰ লগাই অবাধ খননকার্য অব্যাহত ৰাখিছে। অভিযোগ অনুসৰি, বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ একাংশ লোকে সত্ৰৰ এই পৱিত্ৰ ভূমি ব্যক্তিগত মুনাফাৰ বাবে অবৈধভাৱে খনন কৰি ট্ৰেক্টৰ আৰু জে চি বিৰ সহায়ত মাটি বিক্রী কৰি আহিছে।
এই সন্দৰ্ভত অমিতাভ পাঠকে সংবাদ মাধ্যমৰ আগত কয়, যোৱা কেইবাদিন ধৰি এই খননকার্য চলি আহিছে বুলি মন্তব্য কৰে। যুৱকজনে জানিবলৈ দিয়া মতে, কনৰা সত্ৰৰ ১ বিঘা সত্ৰৰ ভূমি মেটুৱাকুছি (গজিয়াৰ) দ্বীপজ্যোতি দাস, পিতা ঠাকুৰ চন্দ্ৰ দাসৰ নামত বহী নং ১, ক্রমিক নং ০৩৯নং ৰচিদ বহীত ৫০ হাজাৰ টকাৰ বিনিময়ত ৩ মাহৰ বাবে ১ বিঘা মাটি কটাৰ বাবে বৰপেটা সত্ৰৰ পৰিচালনা সমিতিৰ পৰা এখন ৰচিদ প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে। এই কাৰ্যত গভীৰ উদ্বেগ প্রকাশ কৰি পাঠকে ইতিমধ্যে ২ ফেব্ৰুৱাৰীত বাঘবৰ ৰাজহ চক্ৰ বিষয়া তন্ময় ঘোষক এখন লিখিত অভিযোগ দাখিল কৰিছে অমিতাভ পাঠক নামৰ যুৱকজনে। অভিযোগ অনুসৰি সত্ৰৰ ভূমিত জে চি বি আৰু ১০/২০খনকৈ ট্ৰেক্টৰ ব্যৱহাৰ কৰি মাটিৰ খননকার্য চলাই থকা হৈছে যদিও ঐতিহাসিক শ্রীশ্ৰী নাৰায়ণদাস আতা ঠাকুৰৰ স্থাপিত কনৰা সত্ৰৰ ভূমিত অবাধ খননকার্যত সত্ৰখনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। ইয়াৰ উপৰি মন্দিয়াৰ বৰদলনিতো আন একাংশই সত্ৰৰ নাম লৈ ভেলেঙী নদীৰ পাৰত খননকার্য চলাইছে বুলি জানিব পৰা গৈছে। ইয়াৰ পাছতো বৰপেটা খণ্ড বন বিভাগৰ ভূমিকা ৰহস্যজনক। সত্ৰৰ নামত থকা ৰচিদ বহীৰ জৰিয়তে অবৈধভাৱে ধন সংগ্ৰহ কৰি ভূমি বিক্ৰী কৰাৰ অভিযোগ উঠিছে। গজিয়া সত্ৰ, বাঘবৰ বৈঠাপুটা সত্ৰ আৰু মন্দিয়া সত্ৰৰ লোকসকলক অন্ধকাৰত ৰাখি এই হঠকাৰী সিদ্ধান্ত লোৱা হৈছে বুলি সংবাদ মাধ্যমত জানিবলৈ দিয়ে। পাঠকে কয়, 'ব্রহ্মপুত্ৰৰ খহনীয়াৰ বাবে ইতিমধ্যে জৰাজীৰ্ণ অৱস্থাত থকা সত্ৰখনৰ পৰা মাত্র ২০ মিটাৰ দূৰত্বত চলি থকা এই খননকার্যই সমগ্র অঞ্চলটোক ধ্বংসৰ মুখলৈ ঠেলি দিছে। সত্ৰৰ জৰাজীৰ্ণ অৱস্থাৰ মাজতে চলি থকা এই খননে নদীৰ খহনীয়া অধিক বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। সত্ৰৰ পৰিচালনা সমিতিৰ নামত ৰচিদ ব্যৱহাৰ কৰি ব্যক্তিগত স্বাৰ্থত এই কার্য চলাই থকা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে।
পাঠকে কয়, 'আমাৰ মূল লক্ষ্য হ'ল সত্ৰখনৰ উন্নয়ন কৰা আৰু ইয়াক পুনৰ প্ৰতিষ্ঠা কৰা। কিন্তু এনেদৰে সত্ৰৰ মাটি কাটিলে বাৰিষা কালত ব্রহ্মপুত্র নৈয়ে সমগ্র অঞ্চলটো উটুৱাই লৈ যাব বুলি আশংকা কৰিছে যুৱকজনে। ইয়াক একপ্ৰকাৰৰ 'ভূমি ধ্বংস' বুলি অভিহিত কৰিছে। এই স্পৰ্শকাতৰ বিষয়টোত চৰকাৰ আৰু বৰপেটা প্রশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ উপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ সত্ৰ-নামঘৰৰ উন্নয়নৰ বাবে পদক্ষেপ লৈ থকাৰ সময়তে একাংশ দুষ্ট চক্রই সত্ৰৰ মাটি কাটি বিক্ৰী কৰা কাৰ্য দুর্ভাগ্যজনক। এনেদৰে মাটি বিক্ৰী কৰিলে সত্ৰৰ ভৱিষ্যত কি হ'ব? এই সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰাৰ লগতে মুখ্যমন্ত্রীক ব্যক্তিগতভাৱে এই বিষয়ত হস্তক্ষেপ কৰি অতি সোনকালে অবৈধ খনন বন্ধ কৰিবলৈ অনুৰোধ জনাইছে। অন্যথা অনাগত বাৰিষাত এই অঞ্চলটোৰ চিন-চাব নোহোৱা হৈ পৰিব বুলি ৰাইজে আশংকা ব্যক্ত কৰিছে।