হাজোত অসাধু চক্ৰৰ তিনিবাৰকৈ তেল চুৰিৰ ঘটনা

dainik janambhumi January 06, 2026

ডিজিটেল ডেস্ক : কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত অভয়পুৰত নিশা অসাধু চক্ৰই গুৱাহাটীৰ পৰা শিলিগুৰিলৈ যোৱা ভাৰতীয় তেল নিগমৰ ডিজেল তেল পৰিবাহী পাইপ ফুটাই তেল চুৰি কৰা ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, কালি পুৱাই হাতে হাতে বাল্টি, চৰিয়া, বটল লৈ পথাৰলৈ হাজো অভয়াপুৰৰ পুৰুষ- মহিলা দৌৰা দৌৰি কৰা স্থানীয় লোকে দেখা পায়। পাছত পথাৰলৈ গৈ তেল উপঙি থকা দেখিবলৈ পায়। 

হাজো আৰক্ষীয়ে ঘটনাৰ সবিশেষ জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ ভাৰতীয় তেল নিগমৰ বিষয়ববীয়াৰ লগত সংযোগ স্থাপন কৰে। পাছত ঘটনাস্থলীত তেল নিগমৰ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰি কোনো অসাধু চক্রই তেল পৰিবাহী পাইপ ফুটাই তাত ভাল্ব লগাই তেল চুৰ কৰে বুলি জানিবলৈ দিয়ে। পাছত তেল নিগমৰ কৰ্তৃপক্ষই হাজো আৰক্ষীৰ ওচৰত ঘটনাৰ লগত জড়িত ব্যক্তিক চিনাক্ত কৰি উচিত শাস্তি দিয়াৰ বাবে এজাহাৰ দাখিল কৰে। হাজো আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি দোষীক কৰায়ত্ত কৰাৰ বাবে জোৰ তদন্ত আৰম্ভ কৰে। 

উল্লেখযোগ্য যে ঘটনাস্থলীৰ আধা কিল'মিটাৰ দূৰত্বত কোনো অসাধু চক্ৰই যোৱা ১৩ জুলাইত অনুৰূপ ঘটনা সংঘটিত কৰিছিল। তদুপৰি, পাকৰকোণাতো বৃহৎ পৰিমাণৰ তেল চুৰি হৈছিল। বিভাগৰ সূত্রে জানিব পৰা মতে, নিশা ৯-৩০ বজাত বজাত তেলৰ গতিবেগ কমি যায় লগে লগে তেলৰ পাইপ বন্ধ কৰি পুৱতি নিশালৈ হাজো- দদৰা আৰক্ষীৰ সৈতে ঘটনাৰ উৎস বিচাৰিছিল। অৱশেষত পুৱা ঘটনাৰ সম্ভেদ উদ্ধাৰ হয়।

Share This