৩ জুনত তেজপুৰত 'লিচু উৎসৱ-২০২৫'

dainik janambhumi June 01, 2025

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বজাৰ দখল কৰাৰ লক্ষ্যৰ লগতে লিচু খেতিৰে স্বাৱলম্বী হ'ব পৰা আৰু সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাই তেজপুৰ চহৰত ৰোপণ কৰা লিচু গছে ইতিমধ্যে শতবর্ষ গৰকাৰ গুৰুত্বপূর্ণ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি লিচুৰ বতৰত এই বৰ্ষৰ পৰা 'তেজপুৰ লিচু উৎসৱ-২০২৫' আৰম্ভ কৰাৰ এক আশাব্যঞ্জক সিদ্ধান্ত গ্রহণ কৰিছে তেজপুৰৰ কেইবাটাও সামাজিক অনুষ্ঠানে। উল্লেখ্য যে চুবুৰীয়া মেঘালয়ে প্রতিবছৰেই চেৰি মহোৎসৱ আয়োজন কৰাৰ দৰে তেজপুৰতো চলিত বৰ্ষৰ পৰা এই 'লিচু উৎসৱ' আৰম্ভ কৰাৰ সিদ্ধান্তৰ লগে লগে পুনৰ তেজপুৰৰ লিচুক কেন্দ্র কৰি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাই ৰোপণ কৰা লিচু খেতিৰ ইতিহাসো চৰ্চিত হোৱাৰ পথ প্রশস্ত হৈ পৰিছে। 

উল্লেখ্য যে ১৯১৯ চনৰ পৰা ১৯২৪ চনলৈ তেজপুৰ পৌৰসভাৰ প্ৰথমগৰাকী অসমীয়া পৌৰপতি আছিল সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱা। ইয়াৰ মাজতেই সাহিত্য কাণ্ডাৰীগৰাকীয়ে অতি দূৰদৰ্শী চিন্তাৰে ১৯২২-২৩ বৰ্ষৰ ভিতৰত সেই সময়ৰ পল্টন পুখুৰীৰ চাৰিও দিশে আৰু তেজপুৰৰ বিভিন্ন প্রান্তত ৰোপণ কৰিছিল বিভিন্ন প্ৰকাৰৰ সুস্বাদু লিচুৰ পুলি। সেই লিচুৰ পুলিসমূহ বৃক্ষ লৈ পৰিণত হৈ আজিও লোমালোমে ডালভৰি লাগি থকাৰ ইতিহাস তথা বিভিন্ন জাতৰ এই সুস্বাদু লিচু সম্প্ৰসাৰিত হোৱাৰ পাছত ২০১৫ চনতেই তেজপুৰৰ লিচুৱে জি আই টেগ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ মাজতেই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও তেজপুৰৰ লিচুক প্রশংসা কৰাৰ পাছত কৃষি বিভাগে লিচু খেতিৰ পোষকতা কৰি কৃষকসকলক উদ্বুদ্ধ কৰি অহাৰ মাজতে ইয়াৰ প্ৰসাৰ, প্ৰচাৰ আৰু উপযুক্ত বজাৰ দখলৰ লগতে নতুন নতুন পদ্ধতিৰে কেনেকৈ লিচু খেতিৰে আমাৰ লোকসকল স্বাৱলম্বী হৈ পৰিব পাৰে আৰু তেজপুৰৰ এই লিচুক কেন্দ্ৰ কৰি কেনেকৈ তেজপুৰৰ পৰ্যটন উদ্যোগ আৰু অধিক শক্তিশালী কৰিব পাৰি সেই লক্ষ্যৰেই অহা ৩ জুনত প্ৰথমবাৰৰ বাবে তেজপুৰত 'লিচু উৎসৱ-২০২৫' আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। 

তেজপুৰ গণেশ ঘাটৰ ৰেডক্ৰছ ছ'চাইটিৰ সভাগৃহত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ'ব লগা এই লিচু উৎসৱৰ কাৰ্যসূচীৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ লিচুৰ প্ৰদৰ্শন আৰু বিক্ৰী, লিচু খেতিৰ কৃষকসকলক লৈ বিভিন্ন বিশেষজ্ঞ লোকৰ দ্বাৰা বিশেষ আলোচনা-চক্র আৰু লিচু বাগিচাসমূহলৈ প্ৰদৰ্শনৰ বাবে পৰ্যটকক লৈ যোৱাৰ দৰে এদিনীয়া কাৰ্যসূচী ইতিমধ্যে যুগুত কৰিছে। সাম্প্ৰতিক প্ৰতিকূল বতৰ আৰু বিভিন্ন প্রান্তৰ বানপানীৰ বাবে প্ৰথমবাৰৰ এই কাৰ্যসূচীত বিশেষ উৎসৱ ধর্মিতাৰ পৰিৱৰ্তে কৃষকসকলক উদ্বুদ্ধ কৰাৰ দিশটোত অধিক গুৰুত্ব প্রদান কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দি ইতিমধ্যে জিলা আয়ুক্তক সভাপতি পংকজ বৰুৱাক কাৰ্যকৰী সভাপতি, বিক্রম কলিতা আৰু বিশ্বজিৎ শইকীয়াক সম্পাদক, লিচু খেতিয়ক আব্দুল জলিলক সহকাৰী সম্পাদক হিচাপে লৈ গঠিত হোৱা উদ্যাপন সমিতিৰ সৈতে সহযোগিতা আগবঢ়াইছে শোণিতপুৰ জিলা প্রশাসন, NERAMAC, ভাৰতীয় ৰেডক্ৰছ ছ'চাইটিৰ শোণিতপুৰ শাখা, উত্তৰ-পূব বণিক আৰু উদ্যোগ সন্থা, তেজপুৰ অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ লগতে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ পৰিয়ালবৰ্গই। উল্লেখ্য যে উদ্যাপন সমিতিয়ে অহা বছৰৰ পৰা তেজপুৰৰ সকলো অনুষ্ঠানক জড়িত কৰি এই তেজপুৰ লিচু উৎসৱ তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে পালন কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে।

Share This