ডিজিটেল ডেস্কঃ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰচৰাত চোৰাং চিকাৰীৰ দ্বাৰা হস্তী নিধনৰ সৈতে জড়িত তিনি চোৰাং চিকাৰীক গ্ৰেপ্তাৰ ।
গ্ৰেপ্তাৰ তিনি চোৰাং চিকাৰীৰ জিম্মাৰ পৰা দুটা হস্তনিৰ্মিত বন্দুকসহ বুজন পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ । চিৰাং জিলাৰ আৰক্ষী অধীক্ষক অক্ষ্যত গাৰ্গৰ নেতৃত্বত চিৰাং আৰক্ষীৰ বৃহৎ এটা দলে এক গোপন তথ্যৰ ভিত্তিত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত আমগুৰি থানা এলেকাত এই চোৰাং চিকাৰী তিনিজনক দেওবাৰে আটক কৰিছিল ।
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ হস্তী নিধনৰ ঘটনাত প্ৰত্যক্ষভাৱে জড়িত চোৰাং চিকাৰী তিনিজন ক্ৰমে জাবিদ বৰগয়াৰী, মহেশ ইছলাৰী আৰু জৰণ বসুমতাৰী । উক্ত চোৰাং চিকাৰী চক্ৰটোৰ সৈতে আৰু কেইবাজনো সদস্য জড়িত থকাৰ তথ্য চিৰাং আৰক্ষীয়ে লাভ কৰিছে।
কিন্তু ঘটনা সন্দৰ্ভত বিভিন্ন অজুহাত দেখুৱাই সংবাদ মাধ্যমৰ আগত আনুষ্ঠানিকভাৱে তথ্য সদৰী কৰাৰ পৰা বিৰত আছে চিৰাং আৰক্ষী ।