গোলাঘাটত মুখ্যমন্ত্রী ড° শৰ্মাৰ কনভয়লৈ বটল নিক্ষেপ যুৱ কংগ্ৰেছীৰ

dainik janambhumi July 01, 2025

ডিজিটেল ডেস্ক : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সোমবাৰে গোলাঘাট আগমনৰ মাজতে ৰাজ্য কঁপোৱা গিৰ গাই-কাণ্ডক লৈ গোলাঘাট জিলা কংগ্ৰেছে তীব্র প্রতিবাদী কাৰ্যসূচী হাতত লয়। গোলাঘাট জিলা ক্রীড়া সন্থাৰ এক প্রকল্প মুকলিৰ বাবে মুখ্যমন্ত্রী যোৱাৰ পথত অৱস্থিত জিলা কংগ্ৰেছ ভৱনৰ সন্মুখত হোৱা জিলা কংগ্ৰেছৰ এই প্রতিবাদী কার্যসূচীক বাধা দিয়াক লৈ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত খণ্ডযুদ্ধৰ সৃষ্টি হয়। প্রতিবাদকাৰীসকলে গিৰ গাই চুৰি হোৱাৰ ঘটনাৰ উপযুক্ত তদন্তৰ দাবীত বিভিন্ন ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। ইয়াৰ মাজতে যুৱ-কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ প্রতিকৃতি দাহ কৰে। প্রতিবাদকাৰীসকলক জিলা কংগ্ৰেছ ভৱনৰ চৌহদৰ পৰা ৰাজপথলৈ ওলাই অহাত আৰক্ষীয়ে বাধা প্রদান কৰে। এই লৈ দুয়োপক্ষব মাজত হতাহতিৰ পৰিৱেশৰ সৃষ্টি হয়। 

আনহাতে, এই প্রতিবাদী কার্যসূচী চলি থকাৰ মাজতে জিলা ক্রীড়া সন্থাৰ প্রকল্পলৈ যোৱাৰ পথত মুখ্যমন্ত্রীক ক'লা পতাকা প্রদর্শন কবে। দুগ্ধ উন্নয়নৰ ৰাজসাহায্য মন্ত্রী আৰু বিজেপি নেতাই লাভ কৰা গৰুখুঁটিব গিৰ গাই দূৰ কৰাৰ লগতে ভাষাৰ ওজা হেমচন্দ্র বৰুৱাৰ লিগেচীক লৈ বিজেপিৰ বিকৃত মন্তব্যৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে প্রতিবাদকাৰীসকল। 

ইয়াৰ মাজতে প্রতিবাদকাৰীৰ মাজৰ পৰা কোনো লোকে মুখ্যমন্ত্রীৰ কনভয়লৈ লক্ষ্য কৰি শীতল পানীয়ৰ খালী বটল দলিয়াই মুখ্যমন্ত্রীক হেয় কৰাৰো প্রচেষ্টা কৰে। অৱশ্যে এনে কার্যক গোলাঘাট জিলা কংগ্রেছ কমিটীয়ে গৰিহণা দি এই কার্য কোনো দুষ্কৃতিকাৰী তৃতীয় পক্ষৰ বুলিহে মন্তব্য কৰিছে। ইফালে মুখ্যমন্ত্রীৰ কনভয়লৈ লক্ষ্য কৰি বটল দলিওৱা ঘটনা সন্দর্ভত গোলাঘাট আৰক্ষীয়ে অসম প্রদেশ যুব কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা গোলাঘাট জিলা যুৱ কংগ্রেছৰ তত্ত্বাৱধায়ক পার্থ সাৰথি বৰা, গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰূপান্তৰ তাঁতীৰ লগতে কৃষ্ণা চুতীয়া আৰু বাহুল শইকীয়াক আটক কৰি বর্তমান সোধা-পোছা অব্যাহত ৰাখিছে।

Share This