হাজিৰা কৰি পৰিয়াল চলাইছে টিহুৰ বৰঢুলীয়া শিল্পীয়ে

dainik janambhumi January 03, 2026

ডিজিটেল ডেস্ক : বাৰেবৰণীয়া অসমীয়া সংস্কৃতিৰ এচাম লোকশিল্পীয়ে আজিও চৰকাৰীভাৱে কোনোধৰণৰ স্বীকৃতি পাবলৈ সক্ষম নহ'ল। যিসকলৰ ত্যাগ সমাজেও স্বীকাৰ কৰিবলৈ আজি পাহৰি গৈছে। সেইসকলৰ ভিতৰত নলবাৰী জিলাৰ টিহুৰ গোৱৰাদল গাঁৱৰ এচাম শিল্পীয়ে নিজৰ আপুৰুগীয়া সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত জীৱনটোক বন্ধকত থ'বলগীয়া হৈছে। আর্থিক দৈন্যই তেওঁলোকক সম্পূৰ্ণৰূপে কোঙা কৰি তুলিছে। সামান্য পাৰিশ্ৰমিকেৰে পৰিয়ালৰ পোহপাল দিব নোৱাৰে, যাৰ বাবে আনৰ ঘৰত দিন হাজিৰা কৰিবলৈ যাব লগা হৈছে ঢুলীয়া শিল্পীয়ে। গাঁওখন লোকসংস্কৃতিত চহকী। গাঁওখনত কুৰিৰো অধিক ঢুলীয়া শিল্পী আছে। এই গাঁওখনতেই চর্চা হয় অসমৰ অন্যতম লোককৃষ্টি ঢুলীয়াৰ। তাৰ মাজতেই বিভিন্ন সময়ত দুখৰ শিৰোনাম দখলেৰে বাতৰিকাকত আৰু সংবাদ মাধ্যমত প্রকাশ হয় বিভিন্ন বাতৰি।

টিহুৰ গোৱৰাদলৰ ভাৱৰীয়া তথা কামৰূপীয়া শিল্পী ভূপেন ৰয়। চৰকাৰৰ ফালৰ পৰা আজিলৈ শিল্পী পেঞ্চনো লাভ নকৰিলে এইজন ঢুলীয়া শিল্পীয়ে। ইয়াৰে একাংশই আর্থিক দৈন্যতাত মৃত্যুক সাবটি লোৱাৰ উপৰি একাংশই মৃত্যুৰ সৈতে কক্বকাই যুঁজি আছে। ওৰেটো জীৱন সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্যস্ত হৈ থকাৰ ফলত ভৱিষ্যতৰ আৰ্থিক দিশৰ কথা সংসাৰৰ কথা চিন্তা কৰিবলৈ অৱকাশ নোপোৱা নলবাৰী জিলাৰ টিহুৰ গোৱৰাদল গাঁৱৰ মিলন কামৰূপীয়া ঢুলীয়া দলৰ ঢুলীয়া তথা ভাওৰীয়া শিল্পী ভূপেন ৰয়ে পেট প্ৰৱৰ্তাব লগা হৈছে আনৰ ঘৰত দিন হাজিৰা কৰি। ১১ বছৰ বয়সৰ পৰাই সুদীর্ঘ ৪৯ বছৰত ঢুলীয়া শিল্পৰ সকলোখিনি আয়ত্ত কৰি বৰ্তমান ঢোলবাদনৰ লগতে ঢুলীয়া ভাওৰীয়া কৰি দৰ্শক ৰাইজক আমোদ দিয়া টিহুৰ গোৱৰাদল পদ্মপাৰাৰ জয়ৰাম ৰয় (বায়ন) আৰু দিব্যপ্ৰিয়া ৰয়ৰ পুত্ৰ ভূপেন ৰয়ে ককাক মাধুৰাম ৰয় (মাউঘা ভাইৰাৰ পৰা শিকিছিল ঢোলবাদন, তালবাদন, খাৰিকুস্তি, ঢোল ঘূৰণ আদি। জীৱনৰ সকলো বিসর্জন দি অশেষ কষ্ট কৰি এইজনা শিল্পীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সভা, পূজা, বিবাহ, ৰাস উৎসৱ আদি মাংগলিক কার্যত ঢোলবাদ্য পৰিৱেশন কৰাৰ লগতে ঢুলীয়া ভাওৰীয়া প্ৰদৰ্শন কৰি আজি ৬২ বছৰত ভৰি দিছে।

পৰম্পৰাগতভাৱে আপুৰুগীয়া অসমীয়া কৃষ্টিক জীয়াই ৰখা তথা প্রাণভৰি ঢুলীয়া কৃষ্টিক ভালপোৱা, নিজেই নাহাঁহি দর্শকক হঁহুওৱা শিল্পীগৰাকী ৰজাঘৰীয়াৰ পৰিচিত নোহোৱাৰ বাবে আজিলৈ চৰকাৰীভাৱে কোনো সাহায্য লাভ কৰা নাই বুলি তেওঁ দুখেৰে উল্লেখ কৰে। লগতে তেওঁ ঢুলীয়া পৰিৱেশন কৰি পোৱা মাননিৰে সংসাৰ চলাবলৈ অসুবিধা হোৱাৰ বাবে আৰু পেটটোৰ কাৰণে সময়ে সময়ে আনৰ ঘৰত দিন হাজিৰা কৰিবলৈ যায়। ঢুলীয়া সংস্কৃতিৰ আজন্ম প্রেমিক ভূপেন ৰয়ৰ ইচ্ছা চৰকাৰে নকৰিলেও যাতে অসমীয়া শিল্পীপ্রেমীসকলে উপযুক্ত মর্যাদা আৰু অৰ্থ-সাহায্যৰে ঢুলীয়া সংস্কৃতিটোক তুলি ধৰি বিশ্বৰ আগত চিনাকি কৰাই দিয়ে।

Share This