অকালতে হেৰাই যোৱা বিহুৱতী নিশামণি হালৈক সোঁৱৰণ, টিহুত আছুৰ উদ্যোগত শ্রদ্ধাঞ্জলি অনুষ্ঠান

dainik janambhumi April 30, 2026

ডিজিটেল ডেস্ক : টিহুৰ হাৰিভাংগাৰ ভাস্কৰজ্যোতি হুঁচৰি দলটিক লৈ যোৱা গাড়ীখন যোৱা ২৪ এপ্ৰিলৰ নিশা তামুলপুৰৰ নোৱাখাটত এটা ভয়াৱহ পথ দুর্ঘটনাত পতিত হয়। উক্ত পথ দুর্ঘটনাত মৃত্যু হোৱা টিহু হাৰিভাংগাৰ ভাস্কৰজ্যোতি হুঁচৰি দলৰ বিহুৱতী নিশামণি হালৈক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে টিহু আঞ্চলিক ছাত্র সন্থাই। মঙলবাৰে সন্ধিয়া টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এটা অনুষ্ঠানত নাগাৰা নামৰ পাঠিকা, গায়িকা তথা বিহু নাচনী নিশামণি হালৈৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি বন্তি প্রজ্বলন কৰে। 

একাঁজলি শ্রদ্ধাঞ্জলি নামৰ উক্ত অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কার্যনির্বাহক গুণজ্যোতি পাঠকে বন্তি প্রজ্বলন কৰি শিল্পীগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰে। অনুষ্ঠানত টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে সদস্যসকল আৰু কেইবাগৰাকী নেতৃস্থানীয় ব্যক্তি উপস্থিত থাকে। 

ইপিনে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কার্যনির্বাহক গুণজ্যোতি পাঠকৰ নেতৃত্বত আছুৰ এটা প্রতিনিধি দলে চিকিৎসালয়ত উপস্থিত হৈ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ আহত শিল্পীসকলৰ স্বাস্থ্যৰ বুজ লৈ তেওঁলোকৰ আশু আৰোগ্য কামনা কৰে।

Share This