ডিজিটেল ডেস্ক : তিনিচুকীয়া জিলাৰ ছৈখোৱাৰ হাতীঘুলি অঞ্চলৰ নাওকটা আৰু কেন পাচৰ সমীপত ব্রহ্মপুত্রই আজিও খহনীয়া সৃষ্টি কৰি আহিছে। জলসম্পদ বিভাগে নাওকটা অঞ্চলত খহনীয়া ৰোধৰ বাবে বালি ভর্তি কৰি মেগা জিঅ'বেগ পেলাই গৰাখহনীয়া ৰোধৰ কাম কৰি আছে যদিও কেনপাচৰ সমীপত খহনীয়া ৰোধৰ কোনো ব্যৱস্থা গ্রহণ কৰা দেখা নগ'ল। ডিব্ৰুগড়-তিনিচুকীয়া জিলা বান আৰু গৰাখহনীয়া প্ৰতিৰোধ সংগ্রাম মঞ্চৰ সভাপতি বিনোদ কেডিয়া, হাতীঘুলি বান আৰু খহনীয়া প্ৰতিৰোধ সংগ্রাম মঞ্চৰ সভাপতি সীতাৰাম চেত্ৰীকে ধৰি এটা দলে অঞ্চলটো ভ্ৰমণ কৰি জলসম্পদ বিভাগে চলাই থকা কামত অসন্তুষ্টি প্রকাশ কৰিছে।
দলটোৱে কেনপাচৰ সমীপৰ প্ৰায় সাতশ মিটাৰ অঞ্চলত ব্যাপক হাৰত হৈ থকা খহনীয়া ৰোধৰ বাবে সংশ্লিষ্ট বিভাগে কোনো ধৰণৰ কাম নকৰাকৈ থকাৰ কথাত আশ্চর্য প্ৰকাশ কৰিছে। অঞ্চলটোত পূৰ্বতে জিঅ'বেগেৰে পাৰ বন্ধা সৰহ অংশ নৈত জাহ যায় আৰু সেই অংশতে গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। মঞ্চৰ সঁজাতী দলটোৱে পূৰ্বৰ দৰে অৰুণাচলৰ পৰা বৈ অহা খৰস্রোতা দিবাংনৈৰ নতুন সুঁতিটো বন্ধ কৰিব নোৱাৰিলে বৃহত্তৰ হাতীঘুলি অঞ্চলৰ গৰাখহনীয়া ৰোধ অসম্ভৱ বুলি পুনৰবাৰ দাবী কৰিছে।
জলসম্পদ বিভাগে ইমান বছৰে অঞ্চলটোত য'তে গৰাখহনীয়া হয় তাতে কাম কৰিছে যদিও কাম কৰা স্থানৰ সমীপত আন এঠাইত গৰাখহনীয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। মঞ্চই উচ্চ পৰ্যায়ৰ বিশেষজ্ঞৰ দ্বাৰা অঞ্চলটোত নদীৰ সোঁত সম্পর্কে গৱেষণা কৰি দিবাং নৈখন পুৰণি সুঁতিৰে বোৱাই নিয়াৰ ব্যৱস্থা কৰাৰ লগতে সমগ্ৰ হাতীঘুলি অঞ্চল সামৰি এখন বৃহৎ আঁচনি গ্রহণ কৰি সমস্যটোৰ স্থায়ী সমাধানৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীক মঞ্চই অনুৰোধ জনাইছে।