যুৱকক অসম আৰক্ষীৰ তালিবানী শাস্তিক লৈ উত্তপ্ত বৰডুমচা

dainik janambhumi May 05, 2025

ডিজিটেল ডেস্কঃ তিনিচুকীয়া জিলাৰ বৰডুমচাৰ আৰক্ষীয়ে বৰডুমচা মহং গাঁৱৰ এজন যুৱকক ভোট গ্রহণ কেন্দ্ৰত যুৱকজনৰ আৰক্ষীৰ সৈতে সংঘটিত এক সামান্য কথাতে শনিবাৰে থানালৈ মাতি পঠিওৱাৰ পাছত যুৱকজনৰ গাত ভোট জলকীয়া সানি তালিবানী অত্যাচাৰ চলায়। আৰক্ষীৰ বৰ্বৰ অত্যাচাৰত খোজ কাঢ়িব নোৱৰা হৈ পৰা ভুক্তভোগী যুৱক মহং গাঁৱৰ বিজয় মৰাণৰ পুত্ৰ সঞ্জিত মৰাণক চিকিৎসালয়ত ভর্তি কৰিবলগীয়া হয়।

ভুক্তভোগীৰ গাঁওবাসীয়ে নির্দোষী বুলি দাবী কৰা যুৱক সঞ্জিত মৰাণক সামান্য কথাত গুৰুলা-গুৰুলকৈ নিৰ্যাতন চলাই বৰমতা প্রদর্শন কৰাক কেন্দ্ৰ কৰি দেওবাৰে বৰডুমচা আৰক্ষী থানাৰ সন্মুখত দোষী আৰক্ষী বিষয়াজনক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলি অঞ্চলটোৰ পাঁচ শতাধিক জনতাৰ তীব্র প্রতিবাদত পুৱাৰে পৰা সন্ধিয়ালৈকে উত্তপ্ত হৈ পৰে বৰডুমচা থানা।

বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিত চহৰীয়া, উপ-পৰিদৰ্শক ক্রমে জয়ন্ত কলিতা, ৰাজীৱ দাসৰ লগতে যুৱকজনক নির্মম অত্যাচাৰেৰে শৰীৰৰ বিভিন্ন অংগত ছিৰাছিৰকৈ ফাটি যোৱাকৈ মাৰধৰ কৰাৰ সৈতে জড়িত আটাইকেইজন আৰক্ষীক অতি শীঘ্ৰে বৰ্খাস্তকৰণৰ দাবী তুলি দিনজোৰা উত্তাল প্রতিবাদ সাব্যস্ত কৰে উত্তেজিত জনতাই। প্রতিবাদকাৰীয়ে বৰডুমচা থানাৰ সন্মুখৰ পথত তম্বুৰে ৰভাস্থলী নিৰ্মাণ কৰি পথৰ ওপৰত বহি 'অসম আৰক্ষী গ' বেক', 'আমাৰ দাবী মানিবই লাগিব', 'দোষী আৰক্ষীয়ে শাস্তি পাবই লাগিব' আদি শ্ল'গানেৰে বৰডুমচাৰ আকাশ-বতাহ কঁপাই তোলে।

অভিযোগ অনুসৰি ২ মে'ত মাৰ্ঘেৰিটা বিধানসভাৰ অন্তৰ্গত পুৰণি পুখুৰী পঞ্চায়তৰ ১ নং মহংপথাৰ প্রাথমিক বিদ্যালয় ভোট গ্রহণ কেন্দ্রত ভোটদান সাব্যস্ত কৰিবলৈ লাইন পতাৰ সন্দৰ্ভত যুৱকজনৰ সৈতে আৰক্ষীৰ কিছু বাক-বিতণ্ডা হৈছিল বুলি জানিব পৰা গৈছে। ভুক্তভোগী পৰিয়ালৰ অভিযোগ অনুসৰি বৰডুমচাৰ আৰক্ষীয়ে যুৱকজনক থানালৈ মাতি পঠিওৱাত যুৱকজনে পিছদিনা আৰক্ষীৰ শৰণাপন্ন হ'বলৈ নিজে অহাৰ পাছত আৰক্ষীয়ে থানাৰ ভিতৰত যুৱকজন শাসকীয় বিজেপিৰ নেতাৰ পৰিয়ালৰ গইনা লৈ ক'ত তোৰ চি এম, ক'ত তোৰ এম এল এ আদি গুৱাল গালি পাৰি উপর্যুপৰি তালিবানী অত্যাচাৰ চলাই পকা ভোট জলকীয়াৰ ওপৰত শুবলৈ দিয়ে। তিনিচুকীয়া জিলা প্ৰশাসনৰ যোগেদি প্রথমে বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিত চহৰীয়াক ৰিজার্ভক্ল'জ কৰাৰ লগতে উপ-পৰিদৰ্শক ৰাজীৱ ডেকা আৰু জয়ন্ত কলিতাকহে কেৱল নিলম্বন কৰাত প্ৰতিবাদকাৰী ক্ষুব্ধ হৈ আটাইকেইজন আৰক্ষীকে নিলম্বন কৰাৰ দাবীৰে প্ৰতিবাদ অধিক জোৰদাৰ কৰি তোলে। সন্ধিয়া অতিৰিক্ত আৰক্ষী অধীক্ষক চিন্ময় দাসে প্রতিবাদকাৰীৰ সন্মুখত যুৱকজনক নির্মম অত্যাচাৰ চলোৱাৰ বিষয়টো আৰক্ষী অধীক্ষকৰ দৃষ্টিগোচৰ হোৱা বুলি সদৰী কৰি ঘটনাৰে জড়িত আৰু ৰিজার্ভ ক্ল'জ কৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিত চহৰীয়াৰ লগতে থানাখনৰ কমাণ্ডো ক্রমে বিশাল গুৰু, ভাইটি ডেকা আৰু ৰাজীৱ ডেকাক নিলম্বনৰ পদক্ষেপ লোৱা হৈছে আৰু ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত তদন্ত কৰা হ'ব বুলি ৰাজহুৱাকৈ ঘোষণা কৰাৰ পাছত প্রতিবাদৰ শাম কাটে। অৰুণাচলৰ সীমামূৰীয়া বৰডুমচা অঞ্চলত ড্রাগছ, কানি আদিৰ অবাধ প্রচলন ৰোধ কৰিবলৈ অসমৰ্থ হোৱা বৰডুমচা আৰক্ষীৰ এনে কাৰ্যক সকলোৱে ধিক্কাৰ দিছে। প্রণিধানযোগ্য যে ২০১৮ বৰ্ষৰ আজিৰ দিনটোতে বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাক আলফা স্বাধীনে কুজুপথাৰত গুলীয়াই হত্য কৰিছিল। বৰডুমচা থানাত আৰক্ষী আৰু স্থানীয় জনগণে প্রয়াত ভাস্কৰ কলিতাক সশ্রদ্ধ স্মৰণ কৰাৰ দিনটোতে ৰাইজে ক্ষোভ, ঘৃণা আৰু প্ৰতিবাদেৰে ওপচাই পেলালে বৰডুমচা থানাৰ আৰক্ষীক।

Share This