ডিজিটেল ডেস্কঃ তিনিচুকীয়া জিলাৰ ডুমডুমা থানাৰ অন্তৰ্গত তালাপ আৰক্ষী চকীৰ টিপুক চাহ বাগিচাৰ পাকা লাইনত এক জঘন্য হত্যাকাণ্ড সংঘটিত হৈছে।
ঘটনাটো ইমানেই ভয়াৱহ যে পত্নীৰ মুখমণ্ডল আৰু সমগ্ৰ শৰীৰত দাৰে ঘপিয়াই থকা-সৰকা কৰে দানৱৰূপী নৰপিশাচটোৱে। টিপুক চাহ বাগিচাৰ পাকা লাইনৰ বাসিন্দা বুধৰাম পাহাৰীয়াই পত্নীক দীৰ্ঘদিনৰ পৰা শাৰীৰিক-মানসিক অত্যাচাৰ চলাই আহিছিল। আজি পুৱা এই ঘটনা সংঘটিত কৰে বুধৰামে।
বুধৰাম পাহাৰীয়াই এই ঘটনা সংঘটিত কৰি মৃত পত্নীক কম্বলেৰে ঢাকি হত্যা কৰা দাখন পানীৰে ধুই তালাপ আৰক্ষী চকীত উপস্থিত হৈ আত্মসমৰ্পণ কৰে। বুধৰাম পাহাৰীয়া নামৰ এই দানৱটোৱে উচ্চ প্ৰাবল্যৰ গান বজাই পূৰ্বেও পত্নীক বহুবাৰ অত্যাচাৰ চলোৱাৰ কথা জানিব পৰা গৈছে।
স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি মদৰ অধিক প্ৰচলনৰ বাবে এনে ঘটনা সংঘটিত হৈছে। ৰাইজে এই মানৱৰূপী দানৱক কঠোৰতকৈও কঠোৰ শাস্তি বিহিবলৈ অনুৰোধ জনায়। ঘটনাস্থলীত বৰ্তমান ডুমডুমা আৰু তালাপ আৰক্ষীৰ লগতে ডুমডুমা সমজিলাৰ আয়ুক্ত উপস্থিত হয়। ইতিমধ্যে মৃত্যু হোৱা মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হৈছে।