তিনিমহীয়া কেঁচুৱাক কুঁৱালৈ দলিয়াই দিলে পিতৃয়ে

Kakali Deka June 06, 2025

ডিজিটেল ডেস্কঃ মৰিয়নিৰ চেলেংহাটত সংঘটিত হৈছে এক বুকু কঁপি যোৱা মৰ্মান্তিক ঘটনা। পিতৃৰ হাতত প্রাণ গ'ল তিনি মহীয়া এটি কেঁচুৱাৰ।

এই ঘটনাই চেলেংহাটৰ প্ৰতিজন হৃদয়ৱান লোকৰ বুকু কঁপাই গৈছে। জানিব পৰা মতে, চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত টেকলা লাইনৰ অমৰ বৰাইক আৰু পত্নীৰ মাজত কালি নিশা ১০ মান বজাত কোনো কথাক লৈ কাজিয়াৰ সূত্রপাত হয়। দুয়োৰে কাজিয়াৰ মাজতে উন্মাদপ্ৰায় হৈ পৰা পিতৃ অমৰ বৰাইকে (৩০) তিনিমহীয়া কেঁচুৱাটো মাতৃৰ কোলাৰ পৰা আঁজুৰি লৈ ঘৰৰ সমীপৰ এটা কুঁৱালৈ দলিয়াই দিয়ে।

ঘটনা সংঘটিত হোৱাৰ পাছতে কেঁচুৱাটিৰ মাতৃয়ে চিঞৰ- বাখৰ কৰাত স্থানীয় ৰাইজ উপস্থিত হৈ অমৰক আবদ্ধ কৰি আৰক্ষীক খবৰ দিয়াৰ লগতে কেঁচুৱাটি উদ্ধাৰৰ চেষ্টা কৰে। মাত্র তিনিমাহত ভৰি দিয়া বৈষ্ণৱী বৰাইক নামৰ দুৰ্ভগীয়া কন্যা শিশুটি মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

Share This