পাশৱিক অত্যাচাৰেৰে হত্যা কৰা হ'ল বিপ্লৱীক

Kakali Deka November 12, 2025

ডিজিটেল ডেস্কঃ নিজৰ নাতিতুল্য এগৰাকী কিশোৰীৰ ছাত্ৰীগৰাকীক পাশৱিক অত্যাচাৰ চলাই হত্যাকাৰী তিতাবৰৰ কাৰি বাবে সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি গৰ্ভৱতী কৰি নিজৰ কলংক পোহৰলৈ আহিছে এটাৰ পাছত আনটো চাঞ্চল্যকৰ তথ্য। দুজন পুত্ৰ, দুগৰাকী বোৱাৰী আৰু বিবাহিতা কন্যাৰ পিতৃৰ কামনাৰ বলি হোৱা বিপ্লৱীক নিজৰ কলংকৰ চেকা মচিবলৈ অতি নির্মম আৰু পাশৱিক অত্যাচাৰ চলাই হত্যা কৰা বুলি প্রকাশ কৰিছে প্রতিৱেশীয়ে। নাম প্রকাশত অনিচ্ছুক এগৰাকী লোকে দৈনিক জনমভূমিক সদৰী কৰা অনুসৰি, সাত নৱেম্বৰৰ বিয়লি লম্পট তান্ত্রিক জগতৰ বাসগৃহত কোনো মহিলাৰ মৰণ কাতৰ চিঞৰ শুনিবলৈ পায়। 

বাসগৃহৰ চৌহদৰ পকী সীমাৰ বেৰাৰ কাষতে কাম কৰি থকা লোকজনে প্ৰাণৰ মমতাত মৰণ কাতৰ চিঞৰ মৰা যুৱতীৰ চিঞৰ শুনি কাষ চাপি আহে যদিও তেতিয়াই এখন ট্ৰেক্টৰৰ ইঞ্জিন চলাই দিয়াত চিঞৰ শুনাৰ পৰা বঞ্চিত হয়। প্রায় আধা ঘণ্টা চলাই ৰখা ট্ৰেক্টৰখন বন্ধ হোৱাৰ পাছত প্রতিবেশী লোকজনে চিঞৰৰ উৎস জগতৰ পৰা জানিব বিচৰাত সেয়া ছাগলীৰ চিঞৰ বুলি কৈ বিষয়ৰ পৰা আঁতৰি যায়। ট্ৰেক্টৰখন ইঞ্জিন পৰীক্ষা কৰিবলৈ চলাই ৰখা বুলি লগতে মন্তব্য কৰা জগত সেই সময়ত অপ্রকৃতিস্থ আছিল বুলি লোকজনে দাবী কৰিছে। পাঁচ, ছগৰাকী লোক উক্ত সময়ত জগতৰ বেজালি কক্ষৰ ওচৰে-পাঁজৰে থকা বুলি লগতে জানিবলৈ দিছে। উল্লেখযোগ্য যে যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে ছাত্রী বিপ্লবীক ডিঙি চেপি হত্যা কৰা বুলি সন্দেহ প্রকাশ কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে যদিও হত্যাকাণ্ডত চোকা অস্ত্র প্রয়োগ কৰা বুলি পোহৰলৈ আহিছে।

জগত সিঙৰ বেজালি গৃহৰ শৌচাগাৰৰ ভিতৰত উদ্ধাৰ হোৱা বিপ্লৱীৰ মৃত দেহত আঘাতৰ স্পষ্ট চিন প্রত্যক্ষ কৰা হৈছিল। তিতাবৰ আৰক্ষীৰ এক সূত্ৰই এই হত্যাকাণ্ডত পাঁচ, ছগৰাকী লোক প্রত্যক্ষভাৱে জড়িত থকা বুলি দাবী কৰিছে। সূত্ৰটোৱে দাবী কৰি কয় যে বিপ্লৱীক হত্যা কৰি শৌচাগাৰৰ ভিতৰত সুমুৱাবলৈ টেংকিৰ ছাদখন চাৰি-পাঁচজন লোকৰ সহযোগিতা অবিহনে দঙা অসম্ভৱ।

Share This