ডিজিটেল ডেস্ক: অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্রক্রিয়াক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা অনাকাংক্ষিত পৰিস্থিতি আৰু প্রকৃত ভাৰতীয় ভোটাৰক হাৰাশাস্তি কৰা বিষয়টোক লৈ উদ্বেগ প্রকাশ কৰিছে সৰ্বভাৰতীয় তৃণমূল কংগ্রেছে।
কালি দলটোৰ জ্যেষ্ঠ নেত্রী তথা প্রাক্তন সাংসদ সুস্মিতা দেৱে অসমৰ মুখ্য নির্বাচন বিষয়া অনুৰাগ গোৱেলক সাক্ষাৎ কৰে। এই কাৰ্যসূচীত তেওঁৰ সৈতে দলৰ ৰাজ্যিক উপ-সভাপতি দুলু আহমেদৰ লগতে অন্যান্য দলীয় নেতৃবৃন্দ উপস্থিত থাকে। প্রতিনিধি দলটোৱে মুখ্য নির্বাচন বিষয়াক এখন স্মাৰক-পত্ৰ প্ৰদান কৰি এই সমগ্র প্রক্রিয়াত চলি থকা ভয়-ভাবুকি আৰু আইনৰ অপব্যৱহাৰৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে। মুখ্য নির্বাচন বিষয়াৰ সৈতে হোৱা আলোচনাৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি সুস্মিতা দেৱে কয় যে ভোটাৰ তালিকাৰ এই বিশেষ সংশোধন প্রক্রিয়া কেৱল বিজেপিৰ বিফলতা ঢকাৰ এক চেষ্টা। তেওঁ কয় যে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ থকা সত্ত্বেও এন আৰ চিৰ চৰম বিফলতাক ঢাকিবলৈকে বিজেপিয়ে এতিয়া এই এছ আৰ প্ৰক্ৰিয়া আনিছে। বিশেষকৈ ৭নং আৱেদনৰ প্ৰ-পত্ৰৰ জৰিয়তে কোনো এজন ব্যক্তিয়ে আন এজন ব্যক্তিৰ নাগৰিকত্বৰ ওপৰত সন্দেহ প্রকাশ কৰি গোচৰ ৰুজু কৰিব পৰা সুবিধাটোৰ এতিয়া চৰম অপব্যৱহাৰ কৰা হৈছে।
নেত্ৰীগৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে একোটা বিধানসভা সমষ্টিতে প্রায় ১৫ হাজাৰকৈ অভিযোগ দাখিল হোৱা পৰিলক্ষিত হৈছে। তেওঁ উদাহৰণ দি কয় যে তৃণমূল কংগ্ৰেছৰ নলবাৰী জিলাৰ সভাপতিৰ বিৰুদ্ধেও এনে অভিযোগ দিয়া হৈছিল, কিন্তু বিডিঅ'ৰ সন্মুখত শুনানিৰ সময়ত অভিযোগকাৰী উপস্থিত নহ'ল। তেখেতে প্রশ্ন কৰে অভিযুক্ত ভোটাৰগৰাকী সকলো নথি-পত্ৰ লৈ হাজিৰ হয়, কিন্তু অভিযোগকাৰীৰ কোনো শুংসূত্র পোৱা নাযায়। যদি অভিযোগকাৰীয়েই নাই, তেন্তে এই অচিনাক্ত ব্যক্তিসকলৰ হৈ কোনে এই গোচৰবোৰ দিছে? ইয়াৰ পৰাই স্পষ্ট হয় যে এয়া এক সুপৰিকল্পিত ষড়যন্ত্র। বিজেপিয়ে যদি সঁচাকৈয়ে বিদেশী খেদিব বিচাৰিছে, তেন্তে এন আৰ চি কাৰ্যকৰী কৰিব লাগে; কেৱল উচ্ছেদ কৰিলেই বিদেশী নোহোৱা হৈ নাযায়।
সংবাদমেলত দলৰ জ্যেষ্ঠ উপ-সভাপতি দুলু আহমেদে চৰকাৰক তীব্র সমালোচনা কৰি কয় যে বিজেপি বর্তমান সম্পূৰ্ণৰূপে সাম্প্রদায়িক ৰাজনীতিত লিপ্ত হৈছে। তেখেতে তথ্যসহকাৰে কয় যেবৰক্ষেত্ৰী সমষ্টিত প্রায় ১৭হাজাৰ লোকৰ বিৰুদ্ধে ভুৱা অভিযোগ দাখিল হৈছে, যাৰ ভিতৰত প্ৰায় ১০ হাজাৰেই সংখ্যালঘু সম্প্রদায়ৰ লোক। টি এম চিৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী ৰেহেনা বেগম, জালালুদ্দিন আহমেদ আদিৰ বিৰুদ্ধেও এনে ভুৱা গোচৰ দিয়া হৈছে। তেওঁলোক এইখন দেশৰেই নাগৰিক। তৃণমূল কংগ্রেছে এনে হাৰাশাস্তি সহ্য নকৰে বুলি উল্লেখ কৰি তেওঁ কয় যে যিকোনো সাধাৰণ লোক অসুবিধাৰ সন্মুখীন হ'লে দল তেওঁলোকৰ কাষত থিয় দিব আৰু গণতান্ত্রিক অধিকাৰ ৰক্ষাৰ বাবে যুঁজ দিব।
তৃণমূল কংগ্রেছে মুখ্য নির্বাচন বিষয়াৰ ওচৰত এই সমগ্র চক্ৰটোৰ বিৰুদ্ধে এক উচিত ন্যায়িক তদন্তৰ দাবী জনাইছে। লগতে কোনো ধৰণৰ শক্তিশালী প্রমাণ অবিহনে কোনো প্রকৃত ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন নকৰিবলৈ আৰু ভিত্তিহীন অভিযোগবোৰ তৎক্ষণাৎ খাৰিজ কৰিবলৈ নির্বাচন আয়োগক আহ্বান জনাইছে। গণতন্ত্ৰৰ পৱিত্ৰ প্ৰক্ৰিয়াটোক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰাটো বন্ধ কৰিবলৈ তেওঁ আয়োগক দাবী জনায় ।