জানো আহক আজিৰ দিনটো কেনেদৰে যাব আপোনাৰ
Kakali Deka
September 06, 2024
মেষ : ৰাশিৰ আদ্যাক্ষৰ অ, ল৷ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ৬, ৩৷ শুভ ৰং গেৰুৱা৷ ৰাশিৰ কেন্দ্ৰত কোনো গ্ৰহ নাই যদিও শুভ কাৰক বুধাদিত্য যোগ, ষট্শূন্য যোগ থকাত দিনটো প্ৰায় ভালেই যাব৷
বৃষ : ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব৷ শুভ কাৰক গ্ৰহ শুক্ৰ, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৬৷ শুভ ৰং নীলা৷ প্ৰাপ্যাদিত শুভ৷ সৃজনীমূলক কামত মনোযোগ দি ভাল পাব৷ ক্ষেত্ৰ বিশেষে মান-মৰ্যাদা পাব৷ মাংগলিক কৰ্মত আস্থা থাকিব৷
মিথুন : ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ৷ শুভ কাৰক গ্ৰহ বুধ, ৰবি৷ শুভ সংখ্যা ৩, ৪ ৷ শুভ ৰং ৰূ¸পালী৷ দিনটো ভালেই যাব৷ পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে আগুৱাব৷ বিদ্যাৰ্থীৰ একাগ্ৰতা বৃদ্ধি৷ স্বাস্থ্যৰ প্ৰতি অৱজ্ঞা নকৰিব৷
কৰ্কট : ৰাশিৰ আদ্যাক্ষৰ ড, হ৷ শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং মাখন৷ কৰ্মত উৎসাহ পাব৷ প্ৰেমত চঞ্চল৷ কৰ্মত দক্ষতা দেখুৱাবলৈ যাওঁতে হঠাৎ উজুটি খাই অপ্ৰস্তুত হ’ব পাৰে৷
সিংহ : ৰাশিৰ আদ্যাক্ষৰ ম, ট৷ শুভ কাৰক গ্ৰহ ৰবি, মঙল৷ শুভ সংখ্যা ২, ৬৷ শুভ ৰং তামবৰণীয়া৷ পাৰিবাৰিক জীৱন বুজাবুজিৰ মাজেৰে আগুৱাব৷ আপোনাৰ উন্নতিত ঈৰ্ষান্বিত হৈ কোনোৱে অহিত চিন্তিবলৈ চালেও সফল নহ’ব৷ স্বাস্থ্যৰ প্ৰতি চকু ৰাখক৷
কন্যা : ৰাশিৰ আদ্যাক্ষৰ প, ঠ৷ শুভ কাৰক গ্ৰহ বুধ, শনি৷ শুভ সংখ্যা ৪, ৭৷ শুভ ৰং সেউজীয়া৷ প্ৰবাসত থকা সন্তানক লৈ চিন্তিত৷ কোনো কথাত মন বেয়া লাগি থাকিব পাৰে৷
তুলা : ৰাশিৰ আদ্যাক্ষৰ ৰ, ত৷ শুভ কাৰক গ্ৰহ শুক্ৰ, শনি৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং হালধীয়া৷ আৰ্থিক সমস্যাই বহু জৰুৰী কামৰ অগ্ৰগতিত বাধা দিব৷ শাৰীৰিক দিশতো কিছু আমনি পাব৷ ধৰ্মত মতি৷
বৃশ্চিক : ৰাশিৰ আদ্যাক্ষৰ ন, য৷ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ৩,৭৷ শুভ ৰং বগা৷ ঘৰুৱা পৰিৱেশ উন্নত কৰাৰ চেষ্টা কৰক৷ শিল্পী, সাহিত্যিক তথা বুদ্ধিজীৱীৰ বাবে অনুকূল৷ ধৰ্মত মতি৷ স্বাস্থ্য প্ৰায় ভালেই৷
ধনু : ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ৷ শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং নীলা৷ শৰীৰ মোটামুটি ভালেই৷ পিছে পাৰিবাৰিক জীৱনত মানসিক শান্তিৰ অভাৱ৷ বিদ্যাৰ্থীৰ একাগ্ৰতাৰ অভাৱ৷
মকৰ : ৰাশিৰ আদ্যাক্ষৰ খ, জ৷ শুভ কাৰক গ্ৰহ মঙল, শনি৷ শুভ সংখ্যা ৫, ৭৷ শুভ ৰং বেঙুনীয়া৷ সন্তানৰ কৃতিত্বই সুখী কৰিব৷ সংগীত, নাটক আদি কলাপ্ৰেমীৰ সাধনা অনুসাৰে সন্মান নাপাবও পাৰে৷
কুম্ভ : ৰাশিৰ আদ্যাক্ষৰ গ, শ, স৷ শুভ কাৰক গ্ৰহ শুক্ৰ, শনি৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং ক’লা৷ স্বাস্থ্য দেখাত শুভ হ’লেও কিন্তু ভিতৰি ভিতৰি ভুগি থাকিব পাৰে৷ দাম্পত্যত মধ্যম৷ ব্যৱসায়ত ভালকৈ চকু নাৰাখিলে ক্ষতিৰ সম্ভাৱনা৷
মীন : ৰাশিৰ আদ্যাক্ষৰ দ, চ৷ শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং বগা৷ ঘৰুৱা পৰিৱেশ আনদিনাতকৈ কিছু উন্নত৷ ধৰ্মীয় অনুষ্ঠানত জড়িত হ’ব পাৰে৷ বন্ধু-বান্ধৱৰ অভাৱ নহ’ব৷ স্বাস্থ্য মজলীয়া৷ কোনোৱে বিষ-বেদনাদিত ভুগিব পাৰে৷ আপুনি হাতত লোৱা কামবিলাকত পাৰদৰ্শিতা প্ৰকাশ পাব৷ কিন্তু এলাহ ভাবক প্ৰশ্ৰয় দিলে বহু জৰুৰী কামৰ অগ্ৰগতিত বাধা পাব৷
Share This