আপোনাৰ দিনটোৰ ৰাশিফল

Kakali Deka September 08, 2024

মেষ : ৰাশিৰ আদ্যাক্ষৰ অ, ল৷ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ ৰং ৰঙা৷ কোনো মাংগলিক কৰ্মৰ যো-জা হ’ব৷ সম্ভৱস্থলত ভ্ৰমণৰ যো-জা৷ ৰাজনীতিত নিজ বুদ্ধিমত্তাৰ বলত যিকোনো পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ল’ব পাৰিব৷ দাম্পত্যত মধ্যম৷

বৃষ: ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব৷ শুভ কাৰক গ্ৰহ শুক্ৰ, চন্দ্ৰ৷ ৰং বগা৷ স্বাস্থ্য মজলীয়া৷ আপোনাৰ ৰাশিত বৃহস্পতি, কেন্দ্ৰত চাৰিটা গ্ৰহ, শুভ কাৰক বুধাদিত্য যোগ আদি থকাত বিভিন্ন সমস্যাৰ পৰা ৰক্ষা পাব৷

মিথুন : ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ৷ শুভ কাৰক গ্ৰহ বুধ, ৰবি৷  শুভ ৰং সেউজীয়া৷ ভ্ৰাতৃৰ উন্নতি আৰু ভ্ৰাতৃসম ব্যক্তিৰ পৰা সহায়-সাৰথি পাব৷ কোনোৱে বিষ-বেদনা বা ঋতুগত অসুখত ভুগিব পাৰে৷

কৰ্কট : ৰাশিৰ আদ্যাক্ষৰ ড, হ৷ শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি৷  শুভ ৰং মাখন৷ সামাজিক কামত ব্যস্ততা বাঢ়িব৷ আপোনাৰ কৰ্মত তল-খুঁচৰীয়াই আমনি দিবলৈ চালেও সফল নহ’ব৷

সিংহ : ৰাশিৰ আদ্যাক্ষৰ ম, ট৷ শুভ কাৰক গ্ৰহ ৰবি, মঙল৷ শুভ ৰং গেৰুৱা৷ স্বাস্থ্য আনদিনাতকৈ উন্নত৷ ঘৰুৱা পৰিৱেশ গতানুগতিক৷ শিক্ষক শ্ৰেণী, ধৰ্মীয় পুৰো¸হিত, প্ৰশাসক আদি বৃত্তিধাৰীৰ বাবে অনুকূল৷ বিদ্যাত শুভ৷

কন্যা : ৰাশিৰ আদ্যাক্ষৰ প, ঠ৷ শুভ কাৰক গ্ৰহ শনি, বুধ৷ শুভ ৰং সেউজীয়া৷ স্বাস্থ্য মোটামুটি ভালেই৷ কৰ্মত ব্যস্ততা৷ কোনোৱে কোনো ৰহস্যময় কথাত, উদ্বিগ্নতাত ভুগিব পাৰে৷

তুলা:  ৰাশিৰ আদ্যাক্ষৰ ৰ, ত৷ শুভ কাৰক গ্ৰহ শুক্ৰ, শনি৷ ৰং নীলা৷ সংগীত, নৃত্য-নাটক আদি কলাত মনোযোগ বাঢ়িব৷ ৰাশ্যাধিপতি ব্যয় স্থানত অশুভ ভাবত থকাত, স্বাস্থ্য, অৰ্থ আদিৰ সমস্যাই মন অশান্ত কৰি ৰাখিব৷

বৃশ্চিক : ৰাশিৰ আদ্যাক্ষৰ ন, য৷ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷  ৰং মুগা৷ ৰািশৰ কেন্দ্ৰত চাৰিটা গ্ৰহ, শুভ কাৰক বুধাদিত্য যোগ আদি থকাত প্ৰায় কৰ্মতে সুফল পাব৷ পাৰিবাৰিক জীৱন সুখৰেই৷

ধনু : ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ৷ শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং গেৰুৱা৷ আজি জিৰণি ল’ম বুমি ভাবিছিল যদিও সেয়া হৈ নুঠিব৷ ৰাজহুৱা অনুষ্ঠানত ব্যস্ত থাকিবলগা হ’ব৷ 

মকৰ : ৰাশিৰ আদ্যাক্ষৰ খ, জ৷ শুভ কাৰক গ্ৰহ মঙল, শনি৷  ৰং কফি৷ কৰ্মত উৎসাহ-উদ্দীপনা৷ শিল্পী, সাহিত্যিক তথা বুদ্ধিজীৱীৰ সুখ্যাতি লাভ৷ আপোনাৰ উন্নতিত বিপৰীত লিংগৰ প্ৰভাৱ থাকিব৷

কুম্ভ:  ৰাশিৰ আদ্যাক্ষৰ গ, শ, স৷ শুভ কাৰক গ্ৰহ শনি, শুক্ৰ৷৷ শুভ ৰং কফি৷ শনিৰ অশুভ সাৰে সাত চলি থকাৰ বাবে কৰ্মক্ষেত্ৰত আশানুৰূপ ফল পোৱাত বাধা৷ স্বাস্থ্যক লৈয়ো চিন্তিত৷

মীন : ৰাশিৰ আদ্যাক্ষৰ দ, চ৷ শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং সোণালী৷ স্বাস্থ্য মজলীয়া৷ কোনোৱে ৰক্তচাপজনিত অসুখত ভুগিব পাৰে৷ পাৰিবাৰিক জীৱনত কিছু খেলিমেলি৷ উপৰুৱা চিন্তাই বিদ্যাৰ্থীক একাগ্ৰতাত বাধা৷ প্ৰৱাসত থকা সন্তানক লৈ চিন্তিত৷ কাৰোবাৰ প্ৰৰোচনাত পৰি মনলৈ শংকা ভাব আহিব৷

Share This