ডিজিটেল ডেস্ক : বাথৌ পূজা বড়ো জনগোষ্ঠীৰ এক পৱিত্ৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় পূজা। এই পূজাৰ মাধ্যমে বড়ো লোকসকলে বাথৌ ব্ৰাইক পূজা কৰে। বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে। বড়ো-কছাৰীসকলৰ বিশ্বাস মতে আদি দেৱতা শিৱই তেওঁলোকৰ পিতৃদেৱতা। বাথৌ পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদীত শান্তিয়নী পানী ছটিওৱাৰ পাছত সেই ডাল দুটা বেদীৰ সোঁমাজতে ৰোপণ কৰা হয়। বেদীত সিজুডালৰ তলতে এটা ঘূৰণীয়া শিল আৰু কুকুৰা কণী দি বাথৌ দেৱতাক পূজা কৰা হয়। পূজাত মদ-মাংস আদিৰে নৈৱেদ্য আগবঢ়োৱা হয়।
পূজাত দেওধনিয়ে নৃত্য কৰাৰ লগতে ভৱিষ্যৎ বাণীও কৰে। আনহাতে বাথৌক সন্তুষ্ট কৰিবলৈ খেৰাই নৃত্যও কৰা হয়। বড়ো সকলৰ ধৰ্মীয় অনুষ্ঠান বাথৌ পূজা। ‘বা’ মানে ‘পঞ্চ’ আৰু ‘থৌ’ মানে ‘ তত্ত্ব’। এই পঞ্চতত্ত্বত বিশ্বাসী বড়ো লোক সকলে পৰম্পৰাগতভাৱে প্ৰতিবছৰে পালন কৰি আহিছে বাথৌ পূজা। নিজৰ ইষ্ট দেৱতাক পূজা -অৰ্চনাৰে এইদৰে স্মৰণ কৰে পুৰুষ-মহিলা সকলোৱে। বড়ো সকলৰ ‘বাথৌ’ অৰ্থাৎ শিৱ দেৱতা হ’ল সৰ্বশক্তিমান ঈশ্বৰ। তেওঁলোকে শিৱক জীৱৰ স্ৰষ্টা বুলি বিশ্বাস কৰে। বড়ো লোকসকলে যুগ যুগ ধৰি বাথৌক পূজা কৰি আহিছে আৰু তেওঁৰ পূজা তেওঁলোকৰ সংস্কৃতি আৰু পৰম্পৰাৰ এক অপৰিহাৰ্য অংগ। বাথৌৰ আশীৰ্বাদ প্ৰদানৰ ক্ষমতা আৰু ভক্তক সকলো ধৰণৰ অশুভতাৰ পৰা ৰক্ষা কৰাৰ ক্ষমতা আছে বুলি বিশ্বাস কৰা হয়।
সাধাৰণতে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হয় আৰু কেইবাদিনো চলি থাকে। এই উৎসৱৰ সময়ত বড়ো লোকসকলে নিজৰ ঘৰ আৰু মন্দিৰবোৰ ফুল আৰু ৰঙীন পোহৰেৰে সজাই, পৰম্পৰাগত নৃত্য-গীত পৰিৱেশন কৰে। বাথৌক চাউল, মাংস আৰু মদ আদিও আগবঢ়ায় আৰু প্ৰচুৰ শস্য চপোৱা আৰু দুষ্ট আত্মাৰ পৰা সুৰক্ষাৰ বাবে তেওঁৰ আশীৰ্বাদ বিচাৰে।