আজি গণেশ পূজা; কি কি ভুল কৰিব নালাগে জানি লওক

Rashmi January 22, 2026

ডিজিটেল ডেস্ক: আজি গণেশ পূজা। আজিৰ দিনটোত গণপতিক পূজা কৰিলে সুখ, সমৃদ্ধি, জ্ঞান লাভ হয়। কিন্তু উপাসনাৰ সময়ত কিছুমান ভুলৰ ফলত আপুনি সুফল লাভ নকৰিব পাৰে। 

গণেশ পূজাত কি কি ভুল কৰিব নালাগে

১) তুলসী ব্যৱহাৰ নকৰিব: পৌৰাণিক কাহিনী অনুসৰি গণেশে তুলসীক অভিশাপ দিছিল, সেয়ে তুলসী পাত ব্যৱহাৰ কৰা নিষেধ।

২) ভঙা চাউল: পূজাত কেতিয়াও ভঙা চাউল নিদিব, কেৱল গোটা চাউল ব্যৱহাৰ কৰিব লাগে।

৩) ক'লা বা নীলা ৰং: গণেশ পূজাৰ সময়ত ক'লা বা নীলা ৰঙৰ কাপোৰ পিন্ধা বা ব্যৱহাৰ কৰা উচিত নহয়।

৪) দক্ষিণাৱর্তী শংখ: গণেশ পূজাৰ বাবে দক্ষিণাৱর্তী শংখ অশুভ বুলি গণ্য কৰা হয়; সাধাৰণ শংখহে ব্যৱহাৰ কৰিব লাগে।

৫) প্লাষ্টিক মূৰ্তি ব্যৱহাৰ নকৰিব: কেৱল মাটিৰে নিৰ্মিত প্ৰতিমা ব্যৱহাৰ কৰক

৬) দুটা গণেশৰ মূৰ্তি: ঘৰত দুটা গণেশৰ মূৰ্তি নাৰাখিব, বিশেষকৈ দুটাকৈ মূল মূৰ্তি।

৭) ভক্তিৰ অভাৱ: ভক্তি আৰু নিয়ম-নীতি পালন নকৰাকৈ পূজা কৰা উচিত নহয়; বিসৰ্জনৰ সময়তো সম্পূৰ্ণ ৰীতি-নীতি মানিব লাগে। 

ইয়াৰ উপৰি :
পূজাৰ স্থানত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিব লাগে।
বিসৰ্জনৰ সময়ত ভোগ নিদিয়াকৈ বা প্ৰয়োজনীয় আচাৰ-নীতি পালন নকৰাকৈ বিসৰ্জন নিদিব। 
গণেশ পূজাত আমিষ আহাৰ আৰু মাদক দ্ৰব্য পৰিহাৰ কৰিব লাগে।



প্ৰাগ নিউজ ডিজিটেল

Share This