আজি দেওবাৰ! ৰাশিফল চাওঁ আহক

Kakali Deka August 27, 2023

ডিজিটেল ডেস্কঃ ২৭ আগষ্ট ২০২৩, দেওবাৰ

 মেষ- নানা ক্ষেত্ৰত বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে। ধৈৰ্য নেহেৰুৱাব। শৰীৰে সংগ নিদিলে জোৰ কৰি কামত হাত নিদিব।বিনিয়োগৰ ক্ষেত্ৰতো দিনটো শুভ। শুভ সংখ্যা ৫ , শুভ ৰং বাদামী।

বৃষ- কৰ্ম ক্ষেত্ৰত কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে মানসিক অশান্তি হ’ব পাৰে ।নিজৰ যত্ন লোৱা প্ৰয়োজন। প্ৰেমত সাৱধান হ’ব । শুভ সংখ্যা ১, শুভ ৰং মেৰুণ।

মিথুন- আজিৰ দিনটো শৰীৰৰ শুভ কাৰক যদিও সন্ধিয়াৰ পৰা কিছু অশান্তি হ’ব পাৰে।প্ৰয়োজন বুজি খৰচ কৰক। শিক্ষাৰ্থীৰ বাবে দিনটো উত্তম। শুভ সংখ্যা ৮, শুভ ৰং বগা।

কৰ্কট- আজি আপুনি বহুত পইচা আয় কৰিব পাৰে। দিনটো ব্যস্ত থাকিলেও স্বাস্থ্য ভালে থাকিব। ব্যৱসায়ী সকলে কষ্টৰ মাজতে কিছু লাভৱান হ’ব। শুভ সংখ্যা ২, শুভ ৰং মুগা।

সিংহ- আজিৰ দিনটো শৰীৰৰ অসুস্থতা থাকিব। মনলৈ দুশ্চিন্তা আহিব। প্ৰেম আৰু পাৰিবাৰিকত যথেষ্ট শুভ কাৰক। শিক্ষাৰ্থীৰ উৎকণ্ঠা বাঢ়িব। শুভ সংখ্যা ৯ ,শুভ ৰং ৰঙা।

কন্যা- পৰিয়ালকেন্দ্ৰিক মনৰ অশান্তি বৃদ্ধি পাব পাৰে। প্ৰেম-প্ৰীতিত মধ্যমীয়া। সহকৰ্মীয়ে কৰ্মত সহায় কৰিব। যিকোনো বিবাদত মতামত দিয়াৰ পৰা বিৰত থাকক। শুভ সংখ্যা ৩ ,শুভ ৰং নীলা।

তুলা- আবেগ নিয়ন্ত্ৰণ কৰি পদক্ষেপ লওক, তেতিয়াহে মানসিক শান্তি আহিব।আৰ্থিক আৰু কৰ্মক্ষেত্ৰত কিছু উন্নতি হ’ব। শিক্ষাৰ্থীয়ে মনত ভবাৰ ধৰণে ফল লাভ কৰিব। শুভ সংখ্যা ৬, শুভ ৰং হালধীয়া।

বৃশ্চিক-আজিৰ দিনটো শাৰীৰিক ক্ষেত্ৰত শুভ হ’ব। নেতিবাচক চিন্তা পৰিহাৰ কৰক। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক। সফলতাৰ পথ প্ৰশস্ত হ’ব। আয় বৃদ্ধি পাব পাৰে। শুভ সংখ্যা ৪ ,শুভ ৰং গুলপীয়া।

ধনু- আজি যিকোনো বিতৰ্কৰ পৰা আঁতৰি থাকক।বন্ধু-বান্ধৱীৰ সমৰ্থন পাব। ভ্ৰমণ লাভজনক হ’ব। কৰ্মক্ষেত্ৰত স্থানান্তৰৰ সম্ভাৱনা আছে। মানসিক অসুবিধাই আমনি দিব পাৰে। শুভ সংখ্যা ৮ ,শুভ ৰং আকাশী।

মকৰ – আত্মনিৰ্ভৰশীল হওক। বন্ধুৰ পৰা উপহাৰ হিচাপে কাপোৰ পাব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ বাবে বিনিয়োগ কৰিব পাৰে। বাহনৰ সুখ লাভ কৰিব পাৰে। শুভ সংখ্যা ৭ ,শুভ ৰং পাতল সেউজীয়া।

কুম্ভ- দিনটো অসংগঠিত হ’ব। আত্মনিয়ন্ত্ৰিত হওক। পৰিয়ালত ধৰ্মীয় অনুষ্ঠান থাকিব পাৰে। ঘৰৰ ৰক্ষণাবেক্ষণৰ বাবে খৰচ বৃদ্ধি পাব পাৰে। বৈবাহিক সুখ বাঢ়িব। শুভ সংখ্যা ২,শুভ ৰং সোণালী।

মীন- কৰ্ম, বাণিজ্য আৰু আৰ্থিকত উন্নতি হ’ব।শিক্ষাৰ্থীৰ মনৰ উৎসাহ বাঢ়িব পাৰে। মাতৃৰ সহায়ত টকা পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত অধিক কঠোৰ পৰিশ্ৰম হ’ব। শুভ সংখ্যা ৮, শুভ ৰং ৰূপালী।

Share This