আজি শুকুৰবাৰ, ১৫ ছেপ্টেম্বৰ জানো আহক আপোনাৰ দিনটোৰ ৰাশিফল

Kakali Deka September 15, 2023

ডিজিটেল ডেস্ক : মেষঃ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ৰ, জ্ঝ৷ শুভ ৰং নীলা৷
ব্যৱসায়ত শুভ৷ হোটেল, কাপোৰ, পণ্য দ্ৰব্যাদিৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি৷ প্ৰেম-
প্ৰীতিত শুভ৷ পিছবেলাৰ পৰা প্ৰায় ক্ষেত্ৰতে আৰু উন্নত পাব৷
বৃষঃ শুভ কাৰক গ্ৰহ শুক্ৰ, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৬৷ শুভ ৰং
ৰূপালী৷ শৰীৰ প্ৰায় ভালেই৷ কলা-সংস্কৃতিত জড়িতসকলে সাধনা অনুযায়ী সন্মান নাপাই
মনোকষ্ট পাব পাৰে৷ দাম্পত্যত মধ্যম৷ আৰ্থিক সমস্যাই আমনি দিব৷
মিথুনঃ শুভ কাৰক গ্ৰহ বুধ, ৰবি৷ শুভ সংখ্যা ৰ, প্ত৷ শুভ ৰং গুলপীয়া৷
পিছবেলাৰ পৰা প্ৰায় ক্ষেত্ৰতে উন্নত পাব৷ মাটি-বাৰী বা অন্য ক্ষেত্ৰত কোনো মেল-
মোকৰ্দমাত জড়িত যদি তাৰ সুফল পাব৷ পাৰিবাৰিক জীৱন গতানুগতিক৷
কৰ্কটঃ শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং বগা৷
আইনজীৱী, চিকিৎসক, প্ৰশাসক আদিৰ বাবে অনুকূল৷ আপোনাৰ সহকৰ্মী তথা
বিশ্বস্তজনৰ মুখত আপোনাৰ বিৰুদ্ধাচৰণ কৰা দেখি স্তম্ভিত হ’ব৷
সিংহঃ শুভ কাৰক গ্ৰহ ৰবি, মঙল৷ শুভ সংখ্যা ৰ, জ্ঝ৷ শুভ ৰং নীলা৷
আপোনাৰ কৰ্মদক্ষতা আৰু সততাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে আৰু কামৰ দায়িত্ব দিবলৈ
চাব৷ আপুনি আধ্যাত্মিকভাৱে ভাবপ্ৰৱণ হৈ কিবা এটা গভীৰ চিন্তা কৰি ভাল পাব৷
দাম্পত্যত মধ্যম৷
কন্যাঃ শুভ কাৰক গ্ৰহ শনি, বুধ৷ শুভ সংখ্যা প্ত, জ্জ৷ শুভ ৰং মাখন৷
হঠাতে ভ্ৰমণৰ যো-জা হ’ব পাৰে৷ খৰচৰ নতুন বাট ওলালেও, তাৰ পৰিপূৰক হিচাপে কিছু
আমদানিও হ’ব৷ স্বাস্থ্যৰ প্ৰতি চকু ৰাখক৷
তুলাঃ শুভ কাৰক গ্ৰহ শুক্ৰ, শনি৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৬, জ্জ৷ শুভ
ৰং মাখন৷ ৰাজহুৱা কামত জড়িত থাকি ভাল পাব৷ অপ্ৰত্যাশিতভাৱে কোনো শুভ সংযোগ
লাভ৷ ঘৰুৱা জীৱন সুখৰেই৷ বিদ্যাত মধ্যম৷
বৃশ্চিকঃ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ৰ, জ্ঝ৷ শুভ ৰং কফি৷
আপুনি দায়িত্ব লোৱা কামবিলাক ভাল ধৰণে আগুৱাই নিয়াত বাধা নাপাব৷ তল খুঁচৰীয়াই
অৱশ্যে মাজে মাজে আমনি দিব৷ উপৰুৱা চিন্তাই বিদ্যাৰ্থীক বিদ্যাৰ্জনত বাধা দিব৷
ধনুঃ শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং
হালধীয়া৷ শৰীৰ প্ৰায় ভালেই৷ পাৰিবাৰিক জীৱন শুভাশুভ মিশ্ৰিত৷ বিদ্যা-বুদ্ধিত ভালেই৷
সন্তানৰ পৰা সুখী৷ কাৰোবাৰ লগত কোনো কথাত যাতে ভুল বুজাবুজি নহয়, লক্ষ্য ৰাখক৷
মকৰঃ শুভ কাৰক গ্ৰহ মঙল, শনি৷ শুভ সংখ্যা জ্জ, জ্ঝ৷ শুভ ৰং ৰঙা৷
আপুনি আন্তৰিকতাৰে কাৰোবাক সহায় কৰিলেও আনে সন্দেহৰ চকুৰেহে চাব৷  শৰীৰ
মোটামুটি ভালেই৷মোটামুটি ভালেই৷ পাৰিবাৰিক জীৱন সুখ-শান্তিময় পাব৷

কুম্ভঃ শুভ সংখ্যা ৬, জ্জ৷ শুভ ৰং মাখন৷
স্বাস্থ্য ভালেই যাব৷ বিদ্যা-বুদ্ধিত ভালেই৷ পাৰিবাৰিক জীৱনত দুই-এটা খুঁত-খাত দেখায়৷
কোনো মাংগলিক কৰ্মৰ যো-জা হ’ব পাৰে৷
মীনঃ শুভ কাৰক গ্ৰহ বৃহস্পতি, শুক্ৰ৷ শুভ সংখ্যা ৩, ৬৷ শুভ ৰং মুগা৷
কৰ্মত উৎসাহ-উদ্দীপনা৷ শৰীৰ প্ৰায় ভালেই৷ নতুন সা-সম্পত্তি লোৱাৰ কথা ভাবিব
পাৰে৷ ধৰ্মীয় কৰ্মত মনোনিৱেশ৷ বন্ধু-বান্ধৱযুক্ত পৰিৱেশ ভাল পাব৷

Share This