কেনে যাব আজিৰ দিনটো? জানিবলৈ পঢ়ক আজিৰ ৰাশিফল

Kakali Deka September 18, 2023

সোমবাৰ, ১৮ ছেপ্টেম্বৰ, ৩১ ভাদ, ২০২৩ আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
মেষ: শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ৰ, জ্ঝ৷ শুভ ৰং বগা৷ আজি শুভদায়ক
ষট শূন্য যোগ উভয়চৰী যোগ, ৰাশিৰ কেন্দ্ৰত পাঁচোটা গ্ৰহ আদি শুভ যোগ হোৱাত মন প্ৰফুল্লিত থাকিব৷
কৰ্মত উৎসাহ-উদ্দীপনা৷ ধৰ্মীয় কৰ্মত দৃঢ়তা থাকিব৷
বৃষ : শুভ কাৰক গ্ৰহ শুক্ৰ, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৬৷ শুভ ৰং নীলা৷ আপোনাৰ
পৰিচালনাত আগবঢ়া কামবিলাকত বাধা পালেও সময়ত ঠিকে-ঠাকে হৈ উঠিব৷ শৰীৰ বৰ ক্লান্ত অনুভৱ কৰিব৷
পাৰিবাৰিক জীৱনত থকা সৰু-সুৰা ভুল বুজাবুজিখিনি সমাধান কৰি ল’ব পাৰিলে জীৱন সুখৰেই৷ ধৰ্মত মতি৷
মিথুন : শুভ কাৰক গ্ৰহ বুধ, ৰবি৷
শুভ সংখ্যা ৰ, প্ত৷ শুভ ৰং সেউজীয়া৷ ধৰ্মীয় কৰ্মত মনোযোগ থাকিব৷ কোনো সু-খবৰ পাব৷ শিল্পী-সাহিত্যিক
তথা সমাজৰ কামত জড়িত ব্যক্তিৰ, ধৰ্মীয় পুৰোহিত আদিৰ বাবে অনুকূল৷
কৰ্কট : শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং সোণালী৷
আপোনাৰ সুন্দৰ ব্যৱহাৰ আৰু অনন্য ব্যক্তিত্বৰ সান্নিধ্যত সৰু-বৰ সকলো আকৰ্ষিত হ’ব৷ সমাজত
জনপ্ৰিয় হ’ব৷ বন্ধুবৰ্গ তথা সহকৰ্মীৰ সহায়-সহযোগ উল্লেখযোগ্য হ’ব৷
সিংহ : শুভ কাৰক গ্ৰহ ৰবি, মঙল৷ শুভ সংখ্যা ৰ, জ্ঝ৷ শুভ ৰং বাদামী৷ ভ্ৰাতৃৰ
উন্নতি আৰু ভ্ৰাতৃসম ব্যক্তিৰ পৰা যথেষ্ট সহায়-সহযোগ পাব৷ কলা-সংস্কৃতি বজাই ৰখাত দৃঢ়তা৷
ক্ষেত্ৰবিশেষে জনপ্ৰিয় হ’ব৷ স্বাস্থ্য প্ৰায় ভালেই যাব৷ বন্ধু-বান্ধৱৰ লগত ব্যস্ততা বাঢ়িব৷
কন্যা : শুভ কাৰক গ্ৰহ বুধ, শনি৷ শুভ সংখ্যা প্ত, জ্জ৷ শুভ ৰং বগা৷ সংগ দোষৰ
পৰা সতৰ্ক থাকক৷ দাম্পত্যত চিন্তা৷ বিদ্যাৰ্থীৰ একাগ্ৰতাত বাধা৷ আপোনাৰ গাত থকা বিশেষ গুণ এটাৰ বাবে
সমাজত প্ৰিয় ব্যক্তি৷
তুলা : শুভ কাৰক গ্ৰহ শুক্ৰ, শনি৷ শুভ সংখ্যা ৬, জ্জ৷ শুভ ৰং অপৰাজিতা নীলা৷
খৰচৰ মাত্ৰা উধ্বৰ্গতিত৷ শুভাকাংক্ষীৰ আগমন৷ অপ্ৰকাশিত কোনো ৰহস্যময় কথাৰ পাকচক্ৰত পৰি
চিন্তিত হ’ব৷ ক্ষেত্ৰবিশেষে মান-মৰ্যাদা পাব৷
বৃশ্চিক : শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ৰ, জ্ঝ৷ শুভ ৰং গুলপীয়া৷ আনৰ
হিত সাধি ভাল পাব৷ খেলা-ধূলা, সংগীত, নাটক আদি কলাপ্ৰেমীৰ সুখ্যাতি৷ শাৰীৰিক ক্ষেত্ৰত আমনি কম৷ খৰচ
হ’লেও কোনো ফালৰ পৰা কিছু আমদানিও হ’ব৷ ধৰ্মীয় পুৰোহিত, সামাজিক কামত নেতৃত্ব লোৱা ব্যক্তিৰ বাবে
উন্নত দিন৷
ধনু : শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং মাখন৷ শৰীৰ
প্ৰায় ভালেই যাব৷ ঘৰত কোনো মাংগলিক কৰ্মৰ যো-জা হ’ব পাৰে৷ শুভাকাংক্ষীৰ আগমন বুজায়৷ মান-মৰ্যাদা
লাভ৷
মকৰ : শুভ কাৰক গ্ৰহ মঙল, শনি৷ শুভ সংখ্যা জ্জ, জ্ঝ৷ শুভ ৰং ৰঙা৷ বেলি আগুৱাই
যোৱাৰ লগে লগে ক্ৰমে দিনটো মুকলি পাব৷ সামাজিক মান-মৰ্যাদা অটুট থাকিব৷ দাম্পত্যত সুখী৷ হোটেল বা
অন্য পণ্য দ্ৰব্যৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি৷
কুম্ভ : শুভ কাৰক গ্ৰহ শনি, শুক্ৰ৷ শুভ সংখ্যা ৬, জ্জ৷ শুভ ৰং ক’লা৷ শৰীৰ প্ৰায়
ভালেই৷ কথা- বাৰ্তাত সাৱধান হ’ব৷ কথাত পিছল খাই অপ্ৰস্তুত হ’ব পাৰে৷ কলা-সংস্কৃতি বজাই ৰখাত দৃঢ়তা৷
প্ৰেম-প্ৰীতিত মধ্যম৷
মীন : শুভ কাৰক গ্ৰহ বৃহস্পতি, শুক্ৰ৷ শুভ সংখ্যা ৩, ৬৷ শুভ ৰং মুগা৷ শৰীৰ প্ৰায়
ভালেই৷ মনটো কোনো কাৰণত বেয়া লাগি থাকিব৷ ৰাশিৰ ফালৰ পৰা অশুভদায়ক মাংগলিক যোগ, অশুভ শনিৰ
সাৰে সাত আদি থকাত কামবিলাকত আশা কৰা মতে সুফল পোৱাত বাধা পাব৷ খৰচত হাত ধৰা টান হ’ব৷

Share This