আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল চাও আহক

Kakali Deka September 21, 2023

বৃহস্পতিবাৰ, ২১ ছেপ্টেম্বৰ, ৩ আহিন খ্ৰীষ্টাব্দ ২০২৩৷ 
মেষঃ ৰাশিৰ আদ্যাক্ষৰ অ, ল৷ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং হালধীয়া৷
আৱেগৰ বশৱতী হৈ কামত হাত দিলে নতুন সমস্যাই দেখা দিব৷ পাৰিবাৰিক জীৱন
গতানুগতিক৷ শৰীৰো প্ৰায় ভালেই৷ কোনো কাৰণত পিতৃ-মাতৃৰ মনত উদ্বেগ-উদ্বিগ্নতা৷
বৃষঃ ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব৷ শুভ কাৰক গ্ৰহ শুক্ৰ, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৬৷ শুভ ৰং
কমলা৷ আপোনাৰ উন্নতিত বিপৰীত লিংগৰ প্ৰভাৱ দেখায়৷ মাতৃৰ স্বাস্থ্য ভালেই৷
সম্ভৱস্থলত ভ্ৰমণৰ যো-জা৷ সংগ দোষৰ পৰা সতৰ্ক থাকক৷
মিথুনঃ ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ৷ শুভ কাৰক গ্ৰহ বুধ, ৰবি৷ শুভ সংখ্যা ১, ৫৷ শুভ ৰং সোণালী৷
স্বাস্থ্য প্ৰায় ভালেই যদিও কোনো কাৰণত মন অশান্ত থাকিব৷ সম্ভৱস্থলত দূৰ
ভ্ৰমণৰ যো-জা৷ আৰ্থিক সমস্যাই আমনি দিব৷ প্ৰেমত চঞ্চল৷
কৰ্কটঃ ৰাশিৰ আদ্যাক্ষৰ ড, হ৷ শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং
বাদামী৷ স্বাস্থ্য খুব উন্নত নাপাব৷ নতুন বন্ধু লাভ৷ শত্ৰুৰ প্ৰভাৱ দেখায়৷ ঘৰ বিভীষণৰ
পৰা সাৱধান থাকক৷ ৰাশিৰ ফালৰ পৰা জায়া পতি নিধন স্থানত থকাত দাম্পত্য জীৱনত
কিবা এটা অপ্ৰকাশ্য বেদনা থাকিব৷
সিংহঃ ৰাশিৰ আদ্যাক্ষৰ ম, ট৷ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং বগা৷
ৰাজহুৱা কামত জড়িত থাকিব লগা হ’ব৷ কৰ্মত দক্ষতা আৰু যোগ্যতা প্ৰকাশ৷
সম্ভৱস্থলত মান-মৰ্যাদা লাভ৷ স্বাস্থ্য দুৰ্বল৷ দাম্পত্য জীৱন শুভাশুভ মিশ্ৰিত৷
কন্যাঃ ৰাশিৰ আদ্যাক্ষৰ প, ঠ৷ শুভ কাৰক গ্ৰহ বুধ, শনি৷ শুভ সংখ্যা ৫, ৭৷ শুভ ৰং বগা৷ শৰীৰ
প্ৰায় ভালেই৷ পাৰিবাৰিক জীৱন গতানুগতিক৷ কোনো কথাত কাৰো লগত মনোমালিন্য হ’ব
পাৰে৷ বিয়া-বাৰুৰ কথাত শুভ ফল পাব৷
তুলাঃ ৰাশিৰ আদ্যাক্ষৰ ৰ, ত৷ শুভ কাৰক গ্ৰহ শুক্ৰ, শনি৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং বেঙুনীয়া৷
আইনজীৱী, চিকিৎসক আদি বৃত্তিধাৰীৰ বাবে অনুকূল৷ আৰ্থিক উন্নতিৰ মৃদু যোগ৷
দাম্পত্য জীৱন গতানুগতিক৷ আপোনাৰ কৰ্মৰ প্ৰতি থকা সততা আৰু সৰলতাৰ সুযোগ
আনে ল’ব পাৰে৷
বৃশ্চিকঃ ৰাশিৰ আদ্যাক্ষৰ ন, য৷ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং বগা৷ কৰ্মত
দক্ষতা প্ৰকাশ৷ চাকৰিজীৱীয়ে ঊধ্বৰ্তন পক্ষৰ লগত উন্নত সংযোগ লাভ কৰিব৷ পিছে
চন্দ্ৰ শুভ ভাবত নাই যদি পাব লগা সুখবৰটো হাতৰ পৰা দূৰলৈ গুচি যাব৷
ধনুঃ ৰাশিৰ আদ্যাক্ষৰ ধ, ফ, ভ৷ শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং
হালধীয়া৷ দিনটো ভাল ধৰণেই পাৰ হ’ব৷ পুৰণা ৰোগগ্ৰস্তয়ো কিছু সকাহ পাব৷ বিয়া-বাৰুৰ
যোগাযোগত শুভ৷ সন্তান-প্ৰীতি বাঢ়িব৷
মকৰঃ ৰাশিৰ আদ্যাক্ষৰ খ, জ৷ শুভ কাৰক গ্ৰহ মঙল, শনি৷ শুভ সংখ্যা ৭, ৯৷ শুভ ৰং কফি৷
ব্যৱসায়-বাণিজ্যত প্ৰচুৰ উন্নতি৷ শিল্পী-সাহিত্যিক তথা বুদ্ধিজীৱীৰ বাবে অনুকূল৷
পাৰিবাৰিক জীৱনত বুজাবুজি থাকিব৷ সামাজিক প্ৰতিপত্তি, খ্যাতি বৃদ্ধি পাব৷ ধৰ্মত মতি৷

কুম্ভঃ ৰাশিৰ আদ্যাক্ষৰ গ, শ, স৷ শুভ কাৰক গ্ৰহ শনি, শুক্ৰ৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং ৰঙা৷
ৰাশিৰ ফালৰ পৰা অশুভদায়ক মাংগলিক যোগ৷ শনিৰ অশুভ সাৰে সাত, কৰ্মস্থানত অশুভ
ভাবত চন্দ্ৰ থকাত, আজি হাতত লোৱা কামত আশা কৰা মতে সুখ্যাতি লাভ কৰাত বাধা
পাব৷
মীনঃ ৰাশিৰ আদ্যাক্ষৰ দ, চ৷ শুভ কাৰক গ্ৰহ বৃহস্পতি, শুক্ৰ৷ শুভ সংখ্যা ৩, ৬৷ শুভ ৰং
গেৰুৱা৷ কোনো সা-সম্পত্তি লোৱাৰ কথা ভাবিব পাৰে৷ সামাজিক কামৰ মাজেদি সুখ্যাতি
লাভ৷ পিছে তল খুঁচৰীয়াই আপোনাৰ সুখ্যাতি ম্লান কৰিবলৈ চেষ্টা কৰিলেও সফল নহ’ব৷
ঘৰুৱা জীৱনত নতুন নতুন সমস্যা৷
 

Share This