কেনে যাব আজি আপোনাৰ দিনটো? জানো আহক দিনটোৰ ৰাশিফল

Kakali Deka September 25, 2023

সোমবাৰ, ২৫ ছেপ্টেম্বৰ, ৭ আহিন, ২০২৩৷ 
মেষঃ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং বগা৷ আজি
উন্নতিৰ সংকেত পাব পাৰে৷ বিদ্যাত শুভ৷ প্ৰেম-প্ৰীতিত শুভ৷ সম্ভৱস্থলত ভ্ৰমণৰ যো-
জা৷ ৰাশিৰ কেন্দ্ৰত পাঁচোটা গ্ৰহ থকাত প্ৰায় কৰ্মতে সফলতাৰ ইংগিত পাব৷

বৃষঃ শুভ কাৰক গ্ৰহ শুক্ৰ, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৬৷ শুভ ৰং নীলা৷
শৰীৰ ক্লান্ত অনুভৱ কৰিব৷ ঘৰুৱা সমস্যাৰ শেষ নাই৷ অৱশ্যে দায়িত্বপূৰ্ণ কামত
যোগ্যতা প্ৰকাশ৷ বিদ্যাত ভালেই যদিও আৰু কিছু মনোযোগ বঢ়াওক৷

মিথুনঃ শুভ কাৰক গ্ৰহ বুধ, ৰবি৷ শুভ সংখ্যা ১, ৫৷ শুভ ৰং সেউজীয়া৷
পাৰিবাৰিক জীৱন সুখৰেই৷ প্ৰতিযোগিতামূলক কামত সফল হ’ব৷ বিদ্যাৰ্থীৰ বহুমুখী
প্ৰতিভা৷ এফালে খৰচৰ মাত্ৰা ঊধবৰ্গতিত, আনফালে ধনৰ আমদানিৰো সুযোগ মিলিব৷
কৰ্কটঃ শুভ কাৰক গ্ৰহ চন্দ্ৰ, বৃহস্পতি৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং
সোণালী৷ আপোনাৰ ৰাশিৰ পৰা ভাগ্যস্থান অধিপতি গৈ কৰ্মস্থানত থকাত কৰ্মৰ মাজেদি
ভাগ্যোদয় হ’ব৷ ব্যৱসায়ত দৃঢ়তাৰ মূল্য পাব৷ মন প্ৰফুল্লিত থাকিব৷

সিংহঃ শুভ কাৰক গ্ৰহ ৰবি, মঙল৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং বাদামী৷
স্বাধীন মনোভাব অটুট থাকিব৷ স্পষ্ট চিন্তাধাৰা আৰু কথা-বাৰ্তাত স্পষ্টবাদী হোৱাৰ
বাবে আপোন মানুহেই বিৰূপ মন্তব্য দিব পাৰে৷ পৰাপক্ষত সহ্যশীল আৰু ধৈৰ্যশীল হওক৷
কন্যাঃ শুভ কাৰক গ্ৰহ শনি, বুধ৷ শুভ সংখ্যা ৫, ৭৷ শুভ ৰং কফি৷
যোগাযোগত শুভ৷ আপুনি বাক্‌ শক্তিৰ বলত বহুতো সমস্যা সহজে চম্ভালি ল’ব পাৰিব৷
পৰাপক্ষত অসৎ ব্যক্তিৰ প্ৰৰোচনাত ভোল নাযাব৷ আপোনাৰ কৰ্মোদ্যমক মানুহে
শ্ৰদ্ধা কৰিব৷

তুলাঃ শুভ কাৰক গ্ৰহ শুক্ৰ, শনি৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং গেৰুৱা৷
দিনটো ভালেই যাব৷ অবাঞ্ছিত খৰচে চিন্তাত পেলাব৷ শিল্পী-সাহিত্যিকৰ বাবে উন্নত
দিন৷ চন্দ্ৰ শুভ ভাবত আছে যদি মন উন্নত, চৌখিনভাৱে থাকি ভাল পাব৷ বন্ধু-বান্ধৱৰ
আগমন বুজায়৷ বিদ্যাৰ্থীৰ একাগ্ৰতা বৃদ্ধি৷

বৃশ্চিকঃ শুভ কাৰক গ্ৰহ মঙল, ৰবি৷ শুভ সংখ্যা ১, ৯৷ শুভ ৰং গুলপীয়া৷ আন
দিনাতকৈ দিনটো যথেষ্ট উন্নত পাব৷ কৰ্মক্ষেত্ৰত ৰবি-বুধৰ ক্ষেত্ৰ বিনিময়, শুভ
কাৰক উভয়চৰী যোগ আদিৰ প্ৰভাৱত নিজৰ জীৱিকাৰ উন্নতি আশা কৰিব পাৰে৷ ধৰ্মীয়
কৰ্মত আস্থা বাঢ়িব৷

ধনুঃ শুভ কাৰক গ্ৰহ বৃহস্পতি, চন্দ্ৰ৷ শুভ সংখ্যা ২, ৩৷ শুভ ৰং
মাখন৷ ঘৰুৱা জীৱন সুখ-শান্তিৰে, বুজাবুজিৰ মাজেৰে আগুৱাব৷ ৰাজনীতিত বিভিন্ন ভাবৰ
উকমুকনি৷ বৌদ্ধিক দিশত নতুন সুযোগ পাব আৰু ব্যস্ততা বাঢ়িব৷

মকৰঃ শুভ কাৰক গ্ৰহ মঙল, শনি৷ শুভ সংখ্যা ৭, ৯৷ শুভ ৰং বগা৷
স্বাস্থ্য মজলীয়া৷ কোনোৱে ঋতুগত অসুখত ভুগিব পাৰে৷ বিদ্যাত শুভ৷ সামাজিক মান-
মৰ্যাদা তথা প্ৰতিপত্তি অক্ষুণ্ণ থাকিব৷ কলা-সংস্কৃতিৰ প্ৰতি মনোযোগ৷

কুম্ভঃ শুভ কাৰক গ্ৰহ শনি, শুক্ৰ৷ শুভ সংখ্যা ৬, ৭৷ শুভ ৰং নীলা৷
ভ্ৰমণ হ’ব পাৰে৷ ভ্ৰমণত শুভ৷ পিছে স্বাস্থ্যলৈও চাব৷ বিদ্যাৰ্থীক উপৰুৱা চিন্তাই বাধা
দিব পাৰে৷ পাৰিবাৰিক জীৱনত বুজাবুজি থাকিব৷ পিছে খৰচত হাত ধৰক৷

মীনঃ শুভ সংখ্যা ২, ৩৷ শুভ ৰং মুগা৷প্ৰাপ্যাদিত শুভ হ’লেও আপোনাৰ ৰাশিত অশুভ শনিৰ সাৰে সাত চলি থকাত প্ৰায় কৰ্মতে
বাধাগ্ৰস্ত হ’ব৷ আশা কৰা মতে সুফল পোৱাত বাধা হ’ব৷ সংগীত, নৃত্য, অভিনয় আদি
কলাতো সেই একেই৷ প্ৰেম-প্ৰীতিত মধ্যম৷ ৰবি-মঙল শুভ ভাবত নাই যদি ঘৰুৱা কন্দলৰ
মাত্ৰা বৃদ্ধি পাব৷

Share This