ডিজিটেল ডেস্ক : ৰাইজৰ মূৰত মাধমাৰ শোধাই টোল কৰ বৃদ্ধিৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধিয়ে ৰাইজক কোঙা কৰি থকাৰ সময়তে ৰাইজৰ মূৰত আন এক মাধমাৰ শোধাই পুনৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে টোল কৰ বৃদ্ধিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেই অনুসৰি পহিলা এপ্ৰিলৰ পৰা অসমতো টোল কৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই সন্দৰ্ভত ইতিমধ্যে জাননী জাৰি কৰিছে।
জাননী অনুসৰি এতিয়াৰে পৰা যান-বাহন পাৰ হোৱাৰ বিনিময়ত ৫ৰ পৰা ১০ শতাংশ অধিক কৰ পৰিশোধ কৰিব লাগিব। সোণাপুৰৰ নাজিৰাখাটৰ টোলগে 'টখন ৰাজ্যৰ আটাইতকৈ ব্যয়বহুল টোল প্লাজা হিচাপে চিহ্নিত হৈছে। নাজিৰাখাটৰ টোলগেটত এবাৰ যাতায়াত কৰা কাৰ, জীপ, ভেন বা লঘু যান-বাহনে ১ এপ্ৰিলৰ পৰা আদায় দিব লাগিব ১৪৫ টকা। ২৪ ঘণ্টাৰ ভিতৰত ওভতনি যাত্ৰাৰ বাবে এইধৰণৰ বাহনৰ ক্ষেত্ৰত নির্ধাৰণ কৰা হৈছে ২২০ টকা। তদুপৰি একেখন টোল প্লাজাৰে কাৰ, জীপ, ভেন অথবা লঘু যান-বাহনে এটা মাহত ৫০টা দৈনিক এবাৰৰ ভ্ৰমণৰ বাবে ৪,৮৭৫ টকা আদায় দিব লাগিব। নতুন নিৰিখ মতে, লঘু বাণিজ্যিক-সামগ্রী পৰিবাহী, মিনিবাছসমূহে এটা ভ্রমণত ২৩৫ টকা, ২৪ ঘণ্টাৰ ভিতৰত ওভতনি যাত্রাত ৩৫৫ টকা, মাহিলি ৫০টা এবাৰৰ যাত্ৰাত ৭,৮৭৫ টকা দিব লাগিব। সেইদৰে টু এক্সেলছ বাছ বা ট্রাকে আদায় দিব লাগিব ক্রমে ৪৯৫ টকা, ৭৪০ টকা, ১৬,৫০০ টকা। থ্রী অক্সেলছ বাণিজ্যিক বাহনৰ ক্ষেত্ৰত আৰোপ কৰা মাচুলৰ পৰিমাণ হৈছে ক্রমে ৫৪০ টকা, ৮১০ টকা আৰু ১৮,০০০ টকা। আনহাতে, চাৰিচকীয়াৰ পৰা ছয়চকীয়া বাহনৰ ক্ষেত্ৰত ৭৭৫ টকা, ১,১৬৫ টকা আৰু ২৫,৮৭৫ টকা মাচুল নিৰ্ধাৰণ কৰা হৈছে। সেইদৰে সাতৰ পৰা ততোধিক এক্সেলছৰ বাহনসমূহে ক্রমে ৯৪৫ টকা, ১৪১৫ টকা আৰু ৩১,৫০০ টকা আদায় দিব লাগিব।
এইদৰে আনকেইখন টোলগে 'টতো ৫-১০ শতাংশৰ অধিক মাচুল পৰিশোধ কৰিব লাগিব। উল্লেখযোগ্য যে ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা যিয়েই নহওক কিয়, মানুহে টোল কৰ নিদিয়াকৈ সাৰি যাব নোৱাৰে। ইতিমধ্যে দুখন নতুন টোলগেট কার্যক্ষম হৈ উঠাৰ পাছত ৰাজ্যৰ মুঠ টোলগেটৰ সংখ্যা ১২খনলৈ বৃদ্ধি পাইছে। ইফালে, শেহতীয়াকৈ মুকলি হোৱা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলংখনতো ৰাজ্য চৰকাৰে টোলগেট স্থাপনৰ চিন্তা-চৰ্চা কৰিছে। মুঠৰ ওপৰত টোলগেট আৰু টোল কৰ বৃদ্ধি পোৱাৰ ফলত যাতায়াত ব্যৱস্থা অতি ব্যয়বহুল হোৱাৰ লগতে ৰাজ্যখনত সা-সামগ্ৰীৰ দামো যে বৃদ্ধি পাব সেয়া নিশ্চিত হৈ পৰিছে।