ডিজিটেল ডেস্ক : ছেপ্টেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী পর্যন্ত মাজুলীয়ে দেশী-বিদেশী পর্যটকক হাত বাউলি মতাৰ সময়। দেশী-বিদেশী পৰিভ্ৰমী চৰাই কাকলিৰে মুখৰ সোণগুটি চপোৱাৰ এইখিনি সময়ত যেন প্রাণচঞ্চলাজনী হৈ পৰে মাজুলী। কোনোবাই যদি দৰিয়াডুবিৰ সৌন্দৰ্যত মুগ্ধ হৈ গীত ৰচিছে, কোনোবা চিত্ৰকৰে আকৌ মাজুলীৰ বিল-জলাশয়ৰ সৌন্দৰ্যত মুগ্ধ হৈ কেনভাছত তুলি ধৰিছে বিনন্দীয়া মাজুলীৰ চিত্ৰ। কোনোবা বিদেশী পর্যটকে আকৌ মিচিং গাঁৱৰ চাংঘৰত উঠি ঐনিতমৰ সুৰ জুৰিবলৈ চেষ্টা কৰিছে। মুঠতে বাৰিষাৰ দুখ-ভাগৰ নেওচি শৰতৰ ধুনীয়া মাজুলীক লৈ এতিয়া পৰ্যটকসকলৰ অপাৰ আগ্ৰহ পৰিলক্ষিত হৈছে।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মাজুলীত এজনী ছোৱালীয়ে দুখ পোৱা জনপ্রিয় গীতটোত ঠাই পোৱা মাজুলীৰ ঐতিহাসিক দৰিয়াডুবিৰ সৌন্দৰ্যত আপোন পাহৰা হৈ দৰিয়া ডুবিৰ পাৰত ডুবিৰ নৈসর্গিক দৃশ্য কেমেৰাত বন্দী কৰিছে প্ৰতিগৰাকী দেশী-বিদেশী পর্যটকে। ইফালে শৰতৰ এই মধুময় সময়ত মাজুলীলৈ আগমন ঘটা প্রতিজন দেশী-বিদেশী পর্যটকৰে মন-প্রাণ উতলা হৈ পৰে। প্রতিদিনাই এতিয়া দেশী-বিদেশী পর্যটকে দৰ্শন কৰিছে ইখনৰ পাছত সিখন ঐতিহ্যমণ্ডিত সত্র। অভিভূত হৈছে মাজুলীৰ নিৰিবিলি আধ্যাত্মিক, প্রাকৃতিক পৰিৱেশ, শ্ৰীকৃষ্ণৰ বন্দনা, সত্ৰৰ অমিয়া বৰগীত-ভটিমাৰ সুৰত। ইয়াৰ মাজতে আঘোণৰ পথাৰৰ সোণগুটি চপোৱাৰ এই বতৰত মধ্য মাজুলীৰ সাৰজান ন-সত্ৰৰ এখন পথাৰত মিচিং গাভৰুৰ ঐনিতমৰ সুৰত চৌদিশে গুঞ্জৰি উঠা কাচিৰ শব্দত ৰ'ব নোৱাৰি সেই কাচিৰ লয়ত হাত মিলাই পথাৰত ধান কাটি ইজৰাইলৰ পৰ্যটক জহৰ আৰু মিয়াও আপোন পাহৰা হৈ পৰে।
ইফালে মাজুলীৰ ঐতিহ্যমণ্ডিত নতুন চামগুৰি সত্ৰতো মুখা শিল্পৰ দৰ্শনৰ বাবে দেশী-বিদেশী পর্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ বিশিষ্ট মুখাশিল্পী পদ্মশ্রী হেমচন্দ্ৰ গোস্বামীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা মুখাৰ অপূৰ্বসম্ভাৰ তথা কলাত অৰুণাচল প্ৰদেশৰ পৰ্যটকো অভিভূত হৈ পৰা পৰিলক্ষিত হ'ল। এয়াই হয়তো মাজুলীৰ ঈশ্বৰ প্ৰদত্ত সৌন্দর্য, শীতল বায়ু, বিশুদ্ধ পৰিৱেশ, সন্ধিয়াৰ সত্ৰৰ পৰা ভাহি অহা গুৰুজনাৰ বৰগীত, নাম প্ৰসংগৰ তান, কাষৰীয়া মিচিং গাঁৱৰ পৰা বতাহৰ ঢালে ঢালে অহা ঐনিতমৰ সুৰ, কেঁচা আপঙৰ গোন্ধ, আঘোণৰ ৰূপোৱালী পথাৰ, পুৱা-গধূলিৰ মাজুলীৰ জলাশয়সমূহত দেশী-বিদেশী পক্ষীৰ জলকেলি, নানা দেশী-বিদেশী বিহংগৰ কলকলনি, যাক পান কৰি হেঁপাহ নপলায় মাজুলীলৈ অহা পৰ্যটকৰ।