ডিজিটেল ডেস্কঃ অৱশেষত মুকলি আকাশৰ তললৈ আহিব চুমি বৰা৷ ট্ৰেডিং কেলেংকাৰিৰ অভিযুক্ত চুমি বৰাই লাভ কৰিছে জামিন৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে চুমি বৰাক জামিন প্ৰদান কৰে।
ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ গোচৰত জামিন লাভ কৰে ৰাজ্য কঁপোৱা ট্ৰেডিং কেলেংকাৰিৰ অভিযুক্ত চুমি বৰাই ৷ ২০২৪ বৰ্ষৰ ১২ ছেপ্টেম্বৰত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।
ট্ৰেডিং গোচৰৰ আটাইকেইটাতে জামিন লাভ কৰিলে চুমি বৰাই। অচিৰেই জে’লৰ পৰা ওলাব চুমি বৰা।
ইতিমধ্যে ট্ৰেডিং কেলেংকাৰিৰ অন্যতম অভিযুক্ত বিশাল ফুকন আৰু তাৰ্কিক বৰাই লাভ কৰিছে জামিন। ২০২৫ বৰ্ষৰ ৩ মে’ত মুকলি আকাশৰ তললৈ আহিছিল বিশাল ফুকন।
বৰবৰুৱা থানাৰ 85/2024 নম্বৰৰ গোচৰত বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ জামিন মঞ্জুৰ হৈছিল। পি জে শইকীয়া আদালতে জামিন মঞ্জুৰ কৰিছিল দুয়োৰে।
উৎস প্ৰাগ নিউজ ডিজিটেল