ডিজিটেল ডেস্ক : ট্ৰেডিং কেলেংকাৰিৰ জৰিয়তে আৰক্ষীৰ জালত পৰা চুমি, বিশালৰ বিৰুদ্ধে পুনৰ ফাদিল হৈছে নতুন তথ্য। চুমি, বিশালে ৭জন ব্ৰ’কাৰৰ জৰিয়তে বিনিয়োগকাৰীৰ পৰা উঠাইছিল টকা। ২৯৬ গৰাকীৰ পৰা ন’টাৰীৰ জৰিয়তে লৈছিল টকা।
ইয়াৰ উপৰি পাৰ্চেলিয়াত বিনিয়োগকাৰীৰ সংখ্যা আছিল ১,৬০০জন। পাৰ্চেলিয়াত কৰ্মৰত অম্লান বৰাৰ দৰমহা আছিল ৫০ হাজাৰ টকা। পাৰ্চেলিয়াত মুঠ বিনিয়োগ হৈছিল ৬০ কোটি টকা।সেই বিনিয়োগকাৰীসকল আছিল ডিব্ৰুগড়, তিনিচুকীয়া, ছট্টিশগড়, গুৱাহাটী, ওড়িশা আৰু অৰুণাচলৰ ।
আনহাতে ট্ৰেডিং কেলেংকাৰি দীপাংকৰৰ ডি বি ষ্টকত বিনিয়োগ হৈছিল ৪০০ কোটি টকা। উল্লেখযোগ্য যে ২০২১ৰ পৰা ২০২৪ চনলৈ বিনিয়োগ হৈছিল এই ধনৰাশি।