মহানগৰত প্ৰতিমা বিসৰ্জন দশমীত যান-বাহন আৰক্ষীৰ পথ নিৰ্দেশনা

Kakali Deka October 22, 2023

ডিজিটেল ডেস্ক:  গুৱাহাটী মহানগৰত দশমীৰ দিনটোত দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জন কাৰ্য সুচাৰুভাৱে সম্পন্ন
কৰিবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ লগতে মহানগৰ যান-বাহন শাখাৰ আৰক্ষীয়েও কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷
মহানগৰ যান-বাহন শাখাৰ আৰক্ষীয়ে কালি প্ৰতিমা বিসৰ্জনৰ বাবে গুৱাহাটীৰ বিভিন্ন পথৰ বাবে পথ নিৰ্দেশনা জাৰি
কৰিছে৷ দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জনৰ সময়ছোৱাত ৰাইজৰ সুৰক্ষা তথা জৰুৰীকালীন বাহনৰ সুগম যাতায়াতৰ প্ৰতি লক্ষ্য
ৰাখি ২৪ অক্টোবৰৰ বাবে পথসমূহত এই প্ৰতিবন্ধকসমূহ জাৰি কৰিছে৷ এই নিৰ্দেশনা ২৪ অক্টোবৰৰ দুপৰীয়া ১২ বজাৰ
পৰা প্ৰতিমা বিসৰ্জন শেষ নোহোৱা পৰ্যন্ত কাৰ্যকৰী হৈ থাকিব৷

বিসৰ্জনৰ সময়ত যান-বাহন চলাচলত নিষেধাজ্ঞা ঃ
১] চানমাৰিৰ ফালৰ পৰা জালুকবাৰী দিশলৈ অহা প্ৰতিমা কঢ়িওৱা বাহনসমূহ বাদ দি অন্যান্য কোনোধৰণৰ বাহন এম চি
ৰ’ডত প্ৰৱেশ কৰিব নোৱাৰিব৷ তাৰ বিপৰীতে এই বাহনসমূহ জি এন বি ৰ’ড, টি চি পইণ্ট আৰু আৰ বি আই পইণ্ট হৈ
পাণবজাৰ অ’ভাৰব্ৰীজ নৰ্থ পইণ্টৰ দিশে যাব৷ এই বাহনসমূহ বাওঁফালে ঘূৰি এ টি ৰ’ডেৰে নিজৰ গন্তব্যস্থান পাব পাৰিব৷
২] প্ৰতিমা কঢ়িওৱা বাহনৰ বাহিৰে আন বাহনসমূহে জিলা পুথিভঁৰাল পইণ্টৰে জি এন বি ৰ’ডৰ পৰা কে এল বি ৰ’ডৰ দিশে
সোঁফাললৈ ঘূৰিব নোৱাৰিব৷
৩] জালুকবাৰী, ভৰলুমুখৰ দিশৰ পৰা চানমাৰি, নুনমাটি, দিছপুৰৰ দিশে আহিবলগীয়া বাহনসমূহক এম জি ৰ’ডৰ এপল’
পইণ্টৰ পৰা টি আৰ পি ৰ’ডৰ দিশে যাব লাগিব আৰু তাৰ পাছত এইচ বি আৰু এ টি ৰ’ডৰ দিশে যাব পাৰিব৷ এই
বাহনসমূহ এইচ বি ৰ’ড হৈ কে এল বি ৰ’ড [চানমাৰি, নুনমাটি আৰু গীতানগৰ] অথবা এ টি ৰ’ড হৈ [দিছপুৰ আৰু
খানাপাৰাৰ দিশে] যাব পাৰিব৷
৪] উজান বজাৰ, খাৰঘুলি আৰু নুনমাটিৰ দিশৰ পৰা আহিবলগীয়া বাহনসমূহ তৈবুল্লাহ ৰ’ড আৰু জি এন বি ৰ’ডেৰে গতি
কৰিব পাৰিব৷
৫]এম জি ৰ’ড [এপল’ পইণ্ট দিশৰ পৰা] টি আৰ পি ৰ’ড আৰু এইচ বি ৰ’ডলৈ [ৱান ৱে’] যান-বাহন চলাচল কৰিব পাৰিব৷

প্ৰতিমা কঢ়িওৱা বাহনৰ ক্ষেত্ৰত নিৰ্দেশনা ঃ
১] চানমাৰিৰ দিশৰ পৰা অহা সকলোধৰণৰ প্ৰতিমা কঢ়িওৱা বাহনসমূহ টি চি পইণ্টৰ পৰা এম চি ৰ’ড, এফ চি ৰ’ড হৈ এম
জি ৰ’ডৰ দিশলৈ যাব দিয়া হ’ব৷
২] টকৌবাৰী, পল্টন বজাৰ, উলুবাৰী, ৰিহাবাৰী, বিৰুবাৰী, ছাত্ৰীবাৰী, বিষ্ণুপুৰ আৰু লালগণেশৰ দিশৰ পৰা অহা বাহনসমূহ
বি কে কাকতী ৰ’ড, উলুবাৰী জি এছ ৰ’ড, পল্টন বজাৰ, পাণবজাৰ অ’ভাৰব্ৰীজ, এম এল এন ৰ’ড আৰু এম জি ৰ’ডলৈ
অথবা এ কে আজাদ ৰ’ড, নেপালী মন্দিৰ, পাণবজাৰ ৰ’ড অ’ভাৰব্ৰীজ, এম এল নেহৰু ৰ’ড আৰু এম জি ৰ’ড হৈ যাব
পাৰিব৷
৩]গ্গকুমাৰপাৰা, আঠগাঁও, ফটাশিল অঞ্চলৰ পৰা আহিবলগীয়া প্ৰতিমা কঢ়িওৱা বাহনসমূহ এ টি ৰ’ড, টি আৰ পি ৰ’ড,
কেডাৰ ৰ’ড আৰু এম জি ৰ’ড হৈ কাছমাৰী ঘাটলৈ যাব পাৰিব৷
৪ ৰাজগড়, ভঙাগড়, খ্ৰীষ্টানবস্তি আদিৰ পৰা আহিবলগীয়া প্ৰতিমা কঢ়িওৱা বাহনসমূহ জি এছ ৰ’ড, ভঙাগড়, ৰাজগড়
ৰ’ড, আৰ জি বৰnৱা ৰ’ড, এম আৰ দেৱান ৰ’ড, গুৱাহাটী ক্লাব, টি চি পইণ্ট, এম চি ৰ’ড, এফ চি ৰ’ড আৰু এম জি ৰ’ডেৰে
আহিব পাৰিব৷
৫ গণেশগুৰি, দিছপুৰ, কাহিলিপাৰা আদিৰ দিশৰ পৰা আহিবলগীয়া প্ৰতিমা কঢ়িওৱা বাহনসমূহ গণেশগুৰিৰ পৰা আৰ জি
বৰুৱা ৰ’ড, জি এন বি ৰ’ড, গুৱাহাটী ক্লাব, টি চি পইণ্ট, এম চি ৰ’ড, এফ চি ৰ’ড আৰু এম জি ৰ’ডেৰে আহিব পাৰিব৷
৬] উলুবাৰীৰ পৰা টি চি পইণ্টলৈ বি বৰুৱা ৰ’ডেৰে কোনো প্ৰতিমা কঢ়িওৱা বাহন যাব নোৱাৰিব৷
৭]গ্গভৰলুমুখ আৰু ফটাশিল অঞ্চলৰ পৰা অহা প্ৰতিমা বিসৰ্জনকাৰী বাহনসমূহ এ টি ৰ’ড আৰু ডি জি ৰ’ড হৈ পাণ্ডুৰ দিশে
যাব পাৰিব৷
৮] মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডু অভিমুখে কোনো মূৰ্তি কঢ়িওৱা বাহন প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া নহ’ব৷
৯] প্ৰতিমা কঢ়িওৱা বাহনবোৰ আদাবাৰী তিনিআলি হৈ পাণ্ডু ঘাট অভিমুখে যাব লাগিব৷
১০] প্ৰতিমা নমোৱাৰ পাছত বাহনবোৰ কেৱল সদিলাপুৰ ৬ নম্বৰ কলনি হৈ চলাচল কৰিবলৈ অনুমতি দিয়া হ’ব৷

Share This