উদণ্ড বাইক চালকক নাকী লগাবলৈ সাজু মহানগৰ যান- বাহন আৰক্ষী

Rashmi April 12, 2025

ডিজিটেল ডেস্কঃ উদণ্ড বাইক চালকৰ বাবে প্ৰায়ে সমস্যাত পৰে পথচাৰী। উদণ্ড বাইক চালকৰ বাবে কিছুমান মানুহ মৃত্যুমুখত পৰাৰ লগতে কিছুমান মানুহ জীৱনটোলৈ হৈছে ঘুণীয়া। 

শেহতীয়াকৈ উদণ্ড বাইক চালকক নাকী লগাবলৈ সাজু হৈছে মহানগৰ যান-বাহন আৰক্ষী। ২৯ মাৰ্চৰ পৰা গুৱাহাটীৰ বিভিন্ন স্থানত অভিযান চলাই জব্দ কৰিছে অৰ্ধ শতাধিক বাইক স্কুটী। 

মদিফাই কৰা চাইলেঞ্চৰ লগাই বিকট কৰি পৰিৱেশ বিনষ্ট কৰিছিল এইসকল যুৱকে।

বাইক চালকৰ এনে অতপালিত শংকিত হৈছে একাংশ জনতা।

যান বাহন আইন অনুসৰি শাস্তি বিহা হ'ব বাইকৰ গৰাকীসকলক।

শুকুৰবাৰে ৰাজপথত অভিযান চলাই ভঙাগড় যান-বাহন আৰক্ষীয়ে জব্দ কৰিছে তিনিখনকৈ বাইক।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This