ডিজিটেল ডেস্ক: পাৰ হৈ যোৱা '২৫ বৰ্ষৰ অন্তিম দিনটোৰ ৩১ ডিচেম্বৰৰ নিশাটোত যোৰহাটত কোনো ঘটনা-দুর্ঘটনা নোহোৱাকৈয়ে শান্তিপূর্ণভাৱে অতিবাহিত হোৱাৰ পাছতেই নৱবৰ্ষক আদৰণি জনোৱাৰ উল্লাসৰ মাজতেই কালি সংঘটিত হোৱা এক কৰুণ ঘটনাই যোৰহাটবাসীক শোকাহত কৰি তুলিছে। ঘটনাৰ তথ্য অনুসৰি, সহপাঠী বন্ধু-বান্ধৱীৰ সৈতে বনভোজ খাবলৈ গৈ ব্রহ্মপুত্রত শোকাবহভাৱে মৃত্যুক সাবটি ল'ব লগা হয় জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ স্নাতক প্রথম বৰ্ষৰ ছাত্রী প্রজ্ঞাশ্রী ফুকনে (১৭)।
উল্লেখযোগ্য যে যোৰহাট ছেমফ'ৰ্ড বিদ্যালয়ৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰে ১২জন সহপাঠী বন্ধু-বান্ধৱী লগ লাগি কালি ছেমফ'র্ড বিদ্যালয়ৰ গাড়ীৰেই যোৰহাটৰ উপকণ্ঠৰ বাঘমৰা বনভোজস্থলীলৈ গৈছিল। বনভোজস্থলীত উপস্থিত হোৱাৰ পাছতেই দলটোৱে ৰন্ধা-বঢ়াত ব্যস্ত থকাৰ সমান্তৰালকৈ আনন্দ-উল্লাসৰ মাজেৰে ম'বাইল ফ'নত ফটো তুলি বনভোজৰ স্মৃতি ধৰি ৰাখিছিল। এনেদৰে আনন্দ- উল্লাসেৰে সময়খিনি অতিবাহিত হৈ থকাৰ সময়তে মাংস ৰন্ধা প্রজ্ঞাশ্ৰীয়ে হঠাতে ফটো তোলা স্থানৰ পৰা আঁতৰি মাংসখিনি চাবৰ বাবে লৰালৰিকৈ মাংস ৰন্ধা স্থানলৈ সহপাঠীসকলৰ কাষৰ পৰা একপ্ৰকাৰ দৌৰি আহোঁতেই নৈৰ কাষৰীয়া সামান্য ওখ ঠাই পাৰ হওঁতেই হঠাতে প্রজ্ঞাশ্রী অতি কম পানী আৰু পলসৰ মাজত বাগৰি পৰে। প্ৰজ্ঞাশ্ৰীৰ এনে অৱস্থা সমীপৱর্তী তেওঁৰ কোনো সহপাঠী বন্ধুৱে দেখা পোৱা নাছিল। কিন্তু উক্ত বনভোজস্থলীত থকা আন কোনো লোকেহে এই ঘটনা প্রত্যক্ষ কৰি প্ৰজ্ঞাশ্ৰীক উদ্ধাৰ কৰে।
সংশ্লিষ্ট ঘটনাস্থলীৰ কিছু নিলগত থকা সহপাঠীসকলে হুলস্থুল শুনি ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ যোৰহাট মেডিকেল কলেজ চিকিৎসালয়লৈ আনে প্রজ্ঞাশ্রীক। কিন্তু নিয়তিৰ ওচৰত হাৰ মানিলে মেধাৱী ছাত্রী প্রজ্ঞাশ্রীয়ে। জে এম চি এইচৰ আই চি ইউত ভর্তি হৈও মৃত্যুৰ পৰা ৰক্ষা নপৰিল অত্যন্ত মেধাৱী ছাত্ৰীগৰাকী। সহপাঠীক এনেদৰে হেৰুৱাই শোকত ভাগি পৰে বনভোজলৈ আনন্দ-উল্লাসেৰে যোৱা বন্ধুবর্গ। নিমিষতে জে এম চি এইচত সৃষ্টি হয় এক শোকাকুল পৰিৱেশৰ।
অত্যন্ত মেধাৱী ছাত্ৰী প্ৰজ্ঞাশ্ৰীৰ পিতৃ প্রজ্ঞানজ্যোতি ফুকনৰো প্ৰায় পাঁচ বছৰৰ পূৰ্বে এক দুর্ঘটনাত মৃত্যু হৈছিল। এনে পৰিস্থিতিত একমাত্র সন্তান প্রজ্ঞাশ্রীক মাক আৰু আইতাকে বুকুত সাবটি ডাঙৰ কৰিছিল। কিন্তু কালি নৱবৰ্ষৰ দ্বিতীয় দিনটোতেই অকাল মৃত্যুক সাবটি ল'লে প্রজ্ঞাশ্ৰীয়ে। পিতৃহাৰা ছাত্ৰীগৰাকী নগৰৰ বঙালপুখুৰীৰ এটা ফ্লেটত মাক আৰু আইতাকৰ সৈতে বাস কৰিছিল।
ইফালে কালিৰ এই শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ পাছত বিভিন্নজনে বাঘমৰা বনভোজস্থলীৰ সংশ্লিষ্ট কর্তৃপক্ষৰ চৰম অৱহেলাৰ বাবেই কালিৰ মর্মান্তিক ঘটনাটো সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ তুলিছে। কিয়নো ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা এই বনভোজস্থলীত প্ৰৱেশৰ বাবে যান-বাহনৰ আকাৰ অনুযায়ী ধাৰ্য কৰা সুকীয়া সুকীয়া নিৰিখত প্ৰৱেশ মাচুল দিব লাগে যদিও বনভোজস্থলীত নাই কোনো নিৰাপত্তা আৰু প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা। অভিযোগ মতে, ব্যৱসায়ভিত্তিত যিহেতু বনভোজস্থলীৰ ব্যৱস্থা কৰি মাচুল ধাৰ্য কৰা হৈছে, সেয়েহে উক্ত স্থানত যথোপযুক্ত নিৰাপত্তাৰক্ষীৰ লগতে তাৎক্ষণিকভাৱে প্রয়োজন হ'ব পৰা প্ৰাথমিক চিকিৎসাৰ সা-সুবিধাও থাকিব লাগে। কিন্তু এনে মৌলিক আৰু অত্যাৱশ্যকীয় সা-সুবিধা অবিহনেই বাঘমৰাত মানুহৰ জীৱনক লৈ খেলা হ'ব পৰা ব্যৱসায়ৰ নামত বনভোজস্থলী এখন কেনেকৈ চলি থাকিবলৈ সুবিধা পাইছে, তাক লৈও অনেক প্ৰশ্নৰ উদয় হৈছে। এই ক্ষেত্ৰত যোৰহাট জিলা প্রশাসন, আৰক্ষী আৰু সংশ্লিষ্ট এলেকাৰ পঞ্চায়তৰ প্রতিনিধিসকলৰ কোনো দায়িত্ব নাই নেকি বুলিও এতিয়া ৰাইজৰ মাজত প্রশ্ন উত্থাপন হৈছে।
উক্ত স্থানত কোনো সুৰক্ষা তথা নিৰাপত্তা ব্যৱস্থা নথকা আৰু চিকিৎসা সেৱাৰ সুবিধা নথকাৰ বাবে উক্ত স্থানৰ পৰা প্ৰায় ২৫ কিঃমিঃ দূৰত্বৰ যোৰহাট মেডিকেল কলেজত দুৰ্ভগীয়া প্রজ্ঞাশ্রী পোৱাৰ পূৰ্বেই মৃত্যুক আঁকোৱালি ল'ব লগা হয়। প্রসংগক্রমে উনুকিয়াব পাৰি যে বাঘমৰা বনভোজস্থলীৰ ব্ৰহ্মপুত্ৰৰ বুকুত ২০২১চনতো সংঘটিত হৈছিল আন এক শোকাৱহ নাও দুর্ঘটনা। উক্ত দুর্ঘটনাটোত দুজনকৈ যুৱকৰ অকাল মৃত্যু হোৱাৰ পাছতো বিগত ৪ বছৰে উক্ত বনভোজস্থলীত যথোপযুক্ত সুৰক্ষা ব্যৱস্থা আৰু প্ৰাথমিক চিকিৎসাৰ সা-সুবিধা আগবঢ়োৱাৰ ক্ষেত্ৰত যোৰহাটৰ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে ব্যৱসায় ভিত্তিত গঢ় দিয়া সংশ্লিষ্ট বনভোজস্থলীৰ কৰ্তৃপক্ষক কিয় বাধ্য কৰাব নোৱাৰিলে, তাক লৈও ৰহস্যজনক প্ৰশ্নৰ উদয় হৈছে।