কাছাৰৰ সোনাইত মর্মান্তিক ঘটনা, পানীত পৰি চাৰি বছৰীয়া শিশুৰ মৃত্যু

Rashmi January 15, 2026

ডিজিটেল ডেস্কঃ কাছাৰ জিলাৰ সোনাইত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। বৃহস্পতিবাৰে পুৱা সোনাইৰ সেলুৰপাৰ গাঁৱত জল জীৱন মিছনৰ অধীনত নৱ নির্মিত পি এইচ ই প্ৰকল্পৰ পানীৰ টেংকিত পৰি মৃত্যু হয় চাৰে চাৰি বছৰীয়া শিশুপুত্ৰ ৱাহিদ আহমেদ বৰভূঞাৰ।

জানিব পৰা মতে, পুৱাৰ ভাগত আন এটা শিশুৰ সৈতে ঘৰৰ কাষতে থকা জল জীৱন মিছনৰ প্ৰকল্পস্থলীত খেলিবলৈ গৈছিল শিশু ৱাহিদ। সেই সময়তে অসাৱধানতাবশতঃ টেংকিৰ পানীত পৰি এই অঘটন সংঘটিত হয়।

স্থানীয় লোকৰ অভিযোগ মতে, সংশ্লিষ্ট বিভাগীয় ঠিকাদাৰে মাজপথতে কাম বন্ধ কৰি থৈ যোৱাৰ ফলত প্ৰকল্পস্থলীত কোনোধৰণৰ বেৰিকেড বা সুৰক্ষা ব্যৱস্থা নাছিল। বৰ্তমান প্ৰকল্পটো বন্ধ অৱস্থাত থাকিলেও বৰষুণৰ পানী জমা হৈ টেংকিটো পূৰ্ণ হৈ আছিল। সেই কাৰণেই শিশুটিৰ পানীত ডুবি মৃত্যু হয়।

ঘটনাৰ খবৰ পাই তৎক্ষণাত সোনাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ আৰু হস্পিটেললৈ প্ৰেৰণ কৰে।

এই মর্মান্তিক ঘটনাক লৈ সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। লগতে ঘটনাটোৰ উচিত তদন্ত আৰু দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে।




উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This