পুনৰ বহিঃৰাজ্যত অসমীয়া লোকৰ ৰহস্যজনক মৃত্যু

Kakali Deka May 28, 2025

ডিজিটেল ডেস্কঃ পুনৰ বহিঃৰাজ্যত এজন অসমীয়াৰ ৰহস্যজনক মৃত্যু। পশ্চিম বংগত অসমীয়া লোকৰ ৰহস্যজনক মৃত্যু ।

দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গ'ল কটা মুণ্ডন । নগাঁৱৰ কন্দলী কমাৰপাৰৰ ৰূপজ্যোতি খাকলাৰী নামৰ লোকজনৰ কটা মুণ্ডন উদ্ধাৰ।

পেটৰ তাড়নাত বহিঃৰাজ্যত কাম বিচাৰি তিনি বন্ধুৰ লগত গৈছিল ৰূপজ্যোতি ।

অসুস্থ বন্ধুক চিকিৎসালয়ত ভৰ্তি কৰি ঔষধ কিনিবলৈ আহি নিৰুদ্দেশ হৈ পৰে ৰূপজ্যোতি।

নিৰুদ্দেশ ৰূপজ্যোতিক নৃসংশভাৱে দুষ্কৃতিকাৰীয়ে হত্যা কৰে।

আৰ্থিক দুৰৱস্থাৰ বাবে মৃত ৰূপজ্যোতিৰ ওচৰলৈ যাব পৰা নাই পৰিয়ালৰ লোক।

দুই কন্যা সন্তানৰ পিতৃ ৰূপজ্যোতি খাকলাৰীৰ মৃত্যুত সমগ্ৰ গাঁওখনতে পৰিছে শোকৰ ছাঁ । স্বামীক হেৰুৱাই কান্দোনত ভাগি পৰিছে পত্নী।

Share This