ডিজিটেল ডেস্ক : কাছাৰত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত অসম আৰক্ষীৰ এজন জোৱানে জীৱন হেৰুৱালে। লক্ষীপুৰ জিলাৰ জয়পুৰ অঞ্চলত সংঘটিত এই দুৰ্ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
প্ৰয়াত আৰক্ষী কৰ্মীজন হ'ল সাহাব উদ্দিন বাৰভূঞা। তেওঁ কাছাৰৰ কৃষ্ণপুৰ-ভৈৰৱনগৰ গাঁও পঞ্চায়তৰ ৰায়পুৰ গাঁৱৰ বাসিন্দা আছিল। সাহাব উদ্দিন জয়পুৰ থানাত কৰ্মৰত আছিল।
সোমবাৰ নিশা তেওঁ বাইক লৈ কৰ্তব্যলৈ ওলাইছিল। সেই সময়তে জয়পুৰ টাৰ্নিঙত বাইকখন এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে। ফলস্বৰূপে বাইকখনৰ আগচকাটো বিস্ফোৰিত হয় আৰু সাহাব উদ্দিন মূৰত গুৰুতৰ আঘাতপ্ৰাপ্ত হয়।
স্থানীয় ৰাইজ আৰু আৰক্ষী বাহিনীৰ সহায়ত তেওঁক জয়পুৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। পাছত মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হয়। কিন্তু ৰক্তক্ষৰণ অতিমাত্রা হোৱাৰ কাৰণে সাহাব উদ্দিনৰ মৃত্যু ঘটে।
উৎস প্ৰাগ নিউজ ডিজিটেল