যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা

dainik janambhumi September 27, 2025

ডিজিটেল ডেস্ক : অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ মহাপ্রয়াণৰ ১৩ দিনৰ দিনা চিতাভস্ম যোৰহাটলৈ নি ৰাজ্য চৰকাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিব। 

যোৰহাটত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত যোৰহাট জিলাৰ বিধায়কদ্বয় হিতেন্দ্র নাথ গোস্বামী, ৰূপজ্যোতি কুর্মি আৰু যোৰহাট জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে আলোচনাত মিলিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। 

১৩ দিনীয়া অনুষ্ঠান আয়োজনৰ সন্দৰ্ভত মন্ত্ৰী বিমল বড়াই কালি গৰিমা শইকীয়া গাৰ্গৰ মতামত গ্ৰহণ কৰে আৰু আজি যোৰহাটবাসীৰ সৈতে আলোচনা কৰিব। ১৩ দিনীয়া অনুষ্ঠানৰ পাছত যোৰহাটৰ এক ৰাজহুৱা স্থানত ৩ দিনৰ বাবে মৰমৰ শিল্পীগৰাকীৰ চিতাভস্ম ৰাইজৰ শ্ৰদ্ধাঞ্জলিৰ বাবে ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ আগবঢ়ায়।

Share This