ডিজিটেল ডেস্ক : সাগৰীয় ঘূর্ণী মন্থাত নহয়, অসম এতিয়া আক্রান্ত জুবিন গাৰ্গৰ শেষ চিনেমা 'ৰৈ ৰৈ বিনালে'ৰ ঘূর্ণীত। জুবিন গাৰ্গৰ শেষ চিনেমাখনে ৰাজ্যখন এনেকৈ ধুৱাই নিছে যে সকলোতে কেৱল চর্চা চলিছে 'ৰৈ ৰৈ বিনালে'ৰ। অসমীয়া চিনেমাৰ সৰ্বকালৰ সকলো ৰেকৰ্ড ভংগ কৰি জুবিনৰ এই চিনেমাখনে মুক্তিৰ প্ৰথম দিনটোতে সংগ্ৰহ কৰিলে ২ কোটি ৫২ লাখ টকা। ৰাজ্যৰ মুঠ ৮৫খন চিনেমা স্ক্রীনত ৬০০টা দর্শনী হাউছফুল হোৱাটোও বিবেচিত হ'ল আন এক ইতিহাস। অসমীয়া চিনেমাতো বাদেই আন বহু ভাষাৰ চিনেমাৰ ইতিহাসত এনে ৰেকৰ্ড খুব কমেইহে ওলাব। প্রথম দিনটোত পুৱা ৪ বাজি ১৫ মিনিটত প্রথমটো দর্শনী আৰম্ভ হোৱাৰ দৰেই দ্বিতীয় দিনা পুৱা ৫ বজাৰ পৰাই আৰম্ভ হয় চিনেমাখনৰ প্ৰথমটো দর্শনী আৰু প্রতিটো দর্শনীয়েই 'হাউছফুল'।
জানিব পৰা মতে, ১৫ নৱেম্বৰ পৰ্যন্ত ৰাজ্যৰ প্ৰতিটো চিনেমা হলতে 'ৰৈ ৰৈ বিনালে'ৰ টিকটৰ বুকিং সম্পূর্ণ হৈ আছে। আনহাতে, এজন দৃষ্টিহীন শিল্পীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা জুবিনৰ সপোনৰ এই চিনেমাখন কালি মহানগৰীৰ টাইম স্কোৱেৰ চিনেমাত উপভোগ কৰে পি আই পি ডব্লিউ ডি নামৰ প্ৰতিষ্ঠানটোৰ বহুকেইগৰাকী দৃষ্টিহীন শিক্ষার্থীয়ে। চিনেমাখন চাবলৈ কালি আৱেগিক হৈ পৰা এজন দৃষ্টিহীন ছাত্রই কয় জুবিনে মোক নিজহাতে ভাত খুৱাই দিছিল। আজি তেওঁ থকা হ'লে! আমি তেওঁক অৱশ্যে সদায় আমাৰ লগতে থকাৰ দৰেই অনুভৱ কৰি আছোঁ। আন এজন শিক্ষার্থীয়ে কয় যে জুবিনৰ এই চিনেমাখন চোৱাৰ তেওঁলোকৰ যি সপোন আছিল সেই সপোন আজি পূর্ণ হ'ল। তেওঁ লগতে এইবুলিও কয় যে জুবিনক তেওঁৰ সৃষ্টিৰ জৰিয়তে আমি আমাৰ মাজত জীয়াই ৰাখিব লাগিব। আজিও ৰাজ্যখনৰ চিনেমা হলসমূহ মুখৰিত হৈ উঠে 'মায়াবিনী' আৰু 'জয় জুবিন দা' ধ্বনিৰে।
ইফালে, কালি 'ৰৈ ৰৈ বিনালে'ৰ টীমে প্রকাশ কৰিছে যে চিনেমাখনৰ প্রতি ৰাইজৰ আকুল মৰমক কোনো উপাৰ্জনৰ সংখ্যাই কেতিয়াও প্ৰকাশ কৰিব নোৱাৰে। তেওঁলোকে লগতে এইবুলিও কয় যে চিনেমাখনৰ দৈনিক উপাৰ্জনৰ পৰিসংখ্যা প্রকাশ কৰাৰ পৰিৱেশো যিহেতু এতিয়া নাই সেয়েহে প্রযোজক গোষ্ঠীয়ে এমাহৰ পাছত অনাগত দিনকেইটাত উপাৰ্জনৰ সৰ্বমুঠ তথ্য ৰাজহুৱা কৰিব।