দুটাকৈ প্ৰলয়ংকৰী বানে ৰাজ্য তচনচ কৰি যোৱাৰ পাছত ওলাইছে ক্ষয়-ক্ষতিৰ তথ্য

Dainikjanambhumi July 28, 2024

ডিজিটেল ডেস্কঃ দুটাকৈ প্ৰলয়ংকৰী বানে ৰাজ্যখনৰ প্ৰায় ৫৩০ কোটি টকাৰ আন্তঃগাঁথনিকে ধৰি সা-সাম্পত্তিৰ ক্ষতি কৰি থৈ গ’ল৷ সকলোতকৈ অধিক ক্ষতি হ’ল ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থাৰ৷ সমগ্ৰ ৰাজ্যৰে প্ৰায় ২২০০ কিল’মিটাৰৰো অধিক পথ বানে ক্ষতি কৰিলে৷ আনকি ২২১টা স্থানত পথ ছিঙি থৈও গ’ল বানে৷ একেদৰে বানত ৩৪টা কালভাৰ্ট তথা সৰু দলং ভঙাৰ লগতে ১৫টা মথাউৰিও ছিগিল৷ অৱশ্যে, বানৰ ক্ষতি হোৱা মথাউৰিৰ সংখ্যা হৈছে ২৯৪টা৷ 

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই পোন্ধৰ আগষ্টৰ পূৰ্বে বানে ৰাজ্যখনত কিমান ক্ষয়-ক্ষতি কৰিলে তাৰ সবিশেষ তথ্য সংগ্ৰহ কৰাৰ বাবে জিলা আয়ুক্তসকলক নিৰ্দেশ দিছিল৷ আনহাতে, শেহতীয়াকৈ অসমলৈ আহি বানক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি গৈছে কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধিৰ দলেও৷ কেন্দ্ৰীয় চৰকাৰৰ উক্ত দলটোৱে দিল্লীলৈ উভতি গৈয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ ওচৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব৷ উক্ত প্ৰতিবেদনৰ ভিত্তিতেই কেন্দ্ৰীয় চৰকাৰে অসমত বান সাহায্য প্ৰদান কৰিব৷ 

ইফালে কেন্দ্ৰীয় চৰকাৰৰ হাতত ৰাজ্য চৰকাৰে বানৰ ফলত হোৱা  ক্ষয়-ক্ষতিৰ সন্দৰ্ভত দাঙি ধৰা তথ্য অনুসৰি দুবাৰকৈ অহা বানত ৰাজ্যৰ ১৩৫টা টেন্সফৰ্মাৰ বিকল হোৱাৰ লগতে ১১৯০টা বিদ্যুৎ খুঁটা আৰু ৪৩০ কিল’মিটাৰ বিদ্যুৎ পৰিবাহী তাঁৰৰ ক্ষতি হৈছে৷ ইয়াৰ উপৰি ৪৯৯টা পানী যোগান কেন্দ্ৰ, ৪৯টা স্বাস্থ্য কেন্দ্ৰ, ৩২৭খন জলসিঞ্চন আঁচনি, ১১৬০টা অংগনৱাড়ী কেন্দ্ৰ, ১৬৭৩খন বিদ্যালয়ৰ ক্ষতি হৈছে৷ আনহাতে, ৰাজ্যৰ ৩৫খন জিলাতে কম-বেছি পৰিমাণে হোৱা বানৰ ফলত মুঠ ৪৭০০টা গৃহ বিস্তৰ অথবা সম্পূৰ্ণৰূপে আৰু ২২০০টা বাসগৃহ আংশিকভাৱে ক্ষতি হৈছে৷ এইবাৰৰ বানত ৰাজ্যখনত মুঠ ৯৮জন লোকৰ মৃত্যু হৈছে৷ ইয়াৰে ভিতৰত একমাত্ৰ কাছাৰ জিলাতেই মৃত্যু হৈছে ২২জনকৈ লোকৰ৷ আনহাতে, ভূমি…লনতো মৃত্যু হৈছে ১০জন লোকৰ৷  

মন কৰিব লগীয়া যে এইবাৰ ২৮ মে’ৰ পৰা ১৫ জুনলৈকে হোৱা দুটাকৈ বানত ৰাজ্যখনৰ হোৱা বিস্তৰ ক্ষয়-ক্ষতিৰ কথা প্ৰকাশ কৰি ৰাজ্য চৰকাৰখনে কেন্দ্ৰৰ পৰা ৫৩০ কোটি টকা বিচাৰিছে৷ ইয়াৰে ভিতৰত প্ৰায় ৩০০ কোটি টকাই ৰাজ্যৰ আন্তঃগাঁথনিৰ পুনৰ নিৰ্মাণত ব্যয় হ’ব৷ অৱশ্যে, ৰাজ্য চৰকাৰে বিচৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে ধন প্ৰদান কৰিব নে নকৰে সেয়া সময়েহে ক’ব৷ কিয়নো ইয়াৰ পূৰ্বতে বান সাহায্যৰ নামত ৰাজ্য চৰকাৰে বিচৰা ধন কেন্দ্ৰই কেতিয়াও প্ৰদান কৰা নাই৷ বৰঞ্চ বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বাবে অসমক ধন প্ৰদান নকৰি চূড়ান্তভাৱে বঞ্চনাহে কৰি আহিছে৷

Share This