গোলাঘাটত বিদ্যুৎস্পৃষ্ট হৈ আহত দুই কৰ্মচাৰী

Kakali Deka May 10, 2025

ডিজিটেল ডেস্ক : গোলাঘাটত বিদ্যুৎস্পৃষ্ট হৈ আহত দুই কৰ্মচাৰী।পল্লৱ বৰা আৰু প্ৰয়াস গগৈ নামৰ দুই ব্যক্তিয়ে গোলাঘাটৰ অসম গণ পৰিষদৰ কাৰ্যালয়ৰ সমীপত বিদ্যুতৰ খুঁটাত মেৰামতিৰ কাম কৰা অৱস্থাত সংঘটিত হয় ঘটনাটো।

আহত দুয়োকে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকৰ পৰামৰ্শ মতে যোৰহাটলৈ নিয়া হয় দুয়োকে।

আহত দুয়োজন কৰ্মচাৰীয়েই বিদ্যুৎ বিভাগৰ ঠিকাদাৰ জয়ন্ত খাওন্দ শৰ্মাৰ  অধীনত কাম কৰে বুলি জানিব পৰা গৈছে। ঠিকাদাৰৰ কৰ্মচাৰীৰ প্ৰতি অমনোযোগিতা আৰু অৱহেলাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পোৱাৰ অভিযোগ উঠিছে। Gloves,Safety bell কে ধৰি যাৱতীয় সামগ্ৰী যোগান নধৰাৰ বাবেই বিদ্যুৎস্পৃষ্টৰ দৰে ঘটনা ঘটিবলৈ পাইছে বুলি আহত কৰ্মচাৰীয়ে অভিযোগ কৰিছে। বিদ্যুৎ বিভাগৰ ফালৰ পৰাও ঠিকাদাৰৰ অৱহেলাৰ কথা স্পষ্ট কৰে।

Share This