গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক 

Rashmi August 23, 2025

ডিজিটেল ডেস্কঃ গোৱালপাৰা কৃষ্ণাইৰ জিৰাত অবৈধভাৱে সৰবৰাহ কৰা চাৰিটা গৰুসহ দুই লোকক আটক৷ আটকাধীন লোক দুজন মেঘালয়ৰ নানাথ মাৰাক আৰু ফেনদ্ৰিক চাংমা।

কৃষ্ণাই-মেন্দিপথাৰ সংযোগী পথেৰে ML-05E-6582 নম্বৰৰ মাৰুতি ভানত মেঘালয়লৈ গৈ থকা সময়তে গাঁওৰক্ষী বাহিনীয়ে জব্দ কৰি আৰক্ষীক চমজাই দিয়ে ৷

জিৰা গাঁওৰক্ষী বাহিনীয়ে মাৰুতি ভানখনত গৰু থকা প্ৰত্যক্ষ কৰি জিলা গাঁওৰক্ষী বাহিনীক খবৰ দিয়ে ৷ পিছত জিলা গাঁওৰক্ষী বাহিনীয়ে বাহনখন জব্দ কৰাত গাড়ীৰ ভিতৰত ঠেঙ বান্ধি থোৱা চাৰিটা গৰু প্ৰত্যক্ষ কৰে ৷

ঘটনাৰ সন্দৰ্ভত কৃষ্ণাই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বাহন, গৰু চাৰিটাসহ দুই সৰবৰাহকাৰীক আটক কৰি থানালৈ আনে ৷ 

দুয়োকে জেৰা কৰি থকা হৈছে।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This