ডিজিটেল ডেস্ক: বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই সোণ-ৰূপৰ অলংকাৰসহ দুই গভাইত চোৰক গ্ৰেপ্তাৰ কৰে। ধৃত দুই চোৰ বৰপেটাৰ দাউকুমাৰী গাঁৱৰ হাকিমুল হক আৰু বৰপেটা চহৰৰ গান্ধী নগৰৰ আমিনুল হক।
বৰপেটাৰোড থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত অভিযান চলাই ১০ গ্ৰাম সোণ আৰু ২০০ গ্ৰাম ৰূপ জব্দ কৰে আৰক্ষীয়ে।
বৰপেটাৰোড আৰক্ষীয়ে মাজনী জুয়েলাৰ্চত অভিযান চলাই জুয়েলাৰ্চখনৰ স্বত্বাধিকাৰী হাকিমুল হকৰ লগতে সহযোগী চোৰটোক গ্ৰেপ্তাৰ কৰে ।
উল্লেখ্য যে, জব্দ কৰা সোণ আৰু ৰূপৰ বজাৰ মূল্য প্ৰায় ২ লাখ টকা হ’ব।
উৎস: প্ৰাগ নিউজ ডিজিটেল